Ritu’s Long Letter – A Heartwarming Childhood Letter Story
ৰীতুৰ দীঘলীয়া চিঠি
এদিনাখন ৰাতিপুৱা ৰীতুৰ ককাদেউতাকে চিঠি লিখি আছিল। কাষতে ঠিয় হৈ ৰীতুৱে একান্ত মনে চাই আছিল। হঠাতে তাই সুধিলে , “ককা তুমি বাৰু পেহীলৈ লিখিচানে যে গৰমৰ বন্ধত মণিক কেইদিনমান থকাকৈ গুৱাহাটীলে পঠাবলৈ?”
Thank you for reading this post, don't forget to subscribe!“ অ’ মোৰ সোণজনী! ৰ’বা মই তোমাক চিঠিখন পঢ়ি শুনাও –মৰমী পূজা –আশাকৰো তোমাৰ ভাল। মণিৰ নিশ্চয় গৰম বন্ধ আৰম্ভ হৈছে। ৰীতুৱে তাক লগ পাবলৈ বৰ ব্যগ্র হৈ আছে। তুমি তাক কেইদিনমান থকাকৈ গুৱাহাটীলৈ পঠিয়াই দিবা।”
কথাষাৰ শুনি ৰীতুৰ আনন্দতে চিঞৰিবলৈ ধৰিলে। তাই কোঠাটোৰ ভিতৰতে এপাক নাচিলে আৰু ককাকক সাৱটি ধৰিলে। “ৰীতু তুমি বাৰু চিঠিখন ডাকত দিব পাৰিবানে?”
ককাকে ক’লে , ৰীতুৱে আচৰিত হৈ সুধিলে “ককা তুমি সঁচাকৈয়ে কৈছানে?”
“নিশ্চয় মোৰ সোণজনী। চোৱা মই ঠিকনাটো লিখি দিছো তুমি ডাকঘৰলৈ গৈ ৰমেশ খুড়াৰ হাতত দি দিবা। ৰমেশ খুড়াক চিনি পোৱা নহয়? প্রকাণ্ড একোচা গোঁফেৰে ওখ-পাখ মানুহজন, তেঁৱেই।”
অ’ ককা যোৱাবাৰ গৰমৰ বন্ধত তেঁৱেই আমাৰ মণিক চাইকেল চলাবলৈ শিকাইছিল। তেখেতেই বাৰু পেহীক চিঠিখন দিবগৈ নেকি?
ৰীতুৱে সুধিলে,“নহয় অ সোণ , কিন্তু তুমি চিন্তা নকৰিবা , তোমাৰ পেহীয়ে চিঠি পাবই।”
ককাকে ৰীতুৰ উৎসুকতা দূৰ কৰিবলৈ ক’লে।
ৰীতুৱে তাইৰ গূলপীয়া ৰঙৰ মোনাখনত চিঠিখন ভৰালে। লগতে এডাল পেঞ্চিলো ল’লে। ৰীতুৰ নিজকে বৰ ডাঙৰ আৰু দায়িত্বশীল যেন অনুভব হ’ল।মনে মনে তাইৰ ভয়ো লাগিল ৰকী নামৰ কুকুৰটোৱে জানোচা তাইক দেখিলে খেদি আহে কিন্তু সকলো চিন্তা বাদ দি তাই ডাকঘৰলৈ বুলি ঢাপলি মেলিলে।
কিছুদুৰ গৈ ৰীতু ৰ’ল আৰু মোনাৰ পৰা পষ্টকার্ডখন উলিয়াই ল’লে। তাই ককাকৰ হাতৰ আখৰ পঢ়িবলৈ চেষ্টা কৰিলে কিন্তু নোৱাৰিলে। তথাপি অনুমানতে গুৱাহাটী বুলি ভবা শব্দটোৰ তলতে “প্লীচ” বুলি লিখিলে আৰু ৰঙ মনেৰে আগুৱাই গ’ল।
অলপ দুৰ গৈ ৰীতু ৰ‘ল আৰু মোনাৰ পৰা চিঠিখন উলিয়াই হাতত ল’লে। এইবাৰ তাই পেঞ্চিলডালেৰে প্লীচ শব্দ টোৰ কাষত প্লী…জ বুলি দীঘলীয়াকৈ লিখিলে যাতে পেহীয়েকে তাইৰ ব্যগ্রতাৰ উমান পায়।
অবশেষত ৰীতু ডাকঘৰ পালেগৈ। কিন্তু বহু ওপৰত থকা বাবে তাই চিঠি ভৰাই দিয়া বাকচটোৰ মুখখন ঢুকি নাপালে।

তাই গহীন খোজেৰে ৰমেশ খুড়াকৰ ওচৰলৈ গ’ল আৰু চিঠিখন তেঁওৰ হাতত দিলে। খুড়াকেও চিঠিখন পেহীয়েকৰ হাতত দিয়াৰ প্রতিশ্রুতি দি তাইক ঘৰলৈ বুলি ওভোতাই পঠিয়ালে।
ৰীতুয়ে আতঁৰি নাহি খুড়াকেনো কি কৰে চাবলৈ ধৰিলে। তাই দেখিলে ৰমেশ খুড়াকে কলমেৰে কাগজ খনৰ ওপৰত কিবা-কিবি আঁক-বাঁক কৰিলে। তাৰপিচত সেইখন ডাকোৱাল জনক দিলে যিজনে চিঠিবোৰৰ ওপৰত ডাক মোহৰ লগাই আছিল।
ৰীতুৰ চিঠিখন হাতত লৈ তেঁও ক্ষন্তেক থমকি ৰ’ল তাৰপাচত মিচিককৈ হাঁহি এটা মাৰি কাণৰ চেপাত থকা পেঞ্চিলডাল উলিয়াই আনিলে আৰু পষ্টকার্ডখনৰ ওপৰত খচ্ খচ্ কৈ কিবা-কিবি লিখিলে।
পাঁচদিন পাৰ হৈ গ’ল। পাঁচদিনৰ মুৰত ডাকোৱালে ৰীতুৰ ককাকৰ হাতত চিঠি এখন দিলেহি। ককাকে চিঠিখন পঢ়ি ৰীতুক চিঞৰিলে, “ৰীতু তোমাৰ পেহীয়ে চিঠি পাই উত্তৰ পঠিয়াইছে। মণিক গুৱাহাটীলৈ পঠিয়াব বুলি লিখিছে। শুকুৰবাৰে মণি গুৱাহাটী পাবহি। চিঠি পাই পেহীদেৱে বৰ ভাল পাইছে।”
“পূজনীয় দেউতা, সেৱা ল’ব। আমাৰ ভাল। আশাকৰো আপোনাৰো ভাল। আপোনাৰ চিঠি পাই বৰ ভাল লাগিল। চিন্তা নকৰিব। অহা শুকুবাৰে মণি গৈ গুৱাহাটী পাব।কেৱল ষ্টেচনৰ পৰা তাক নিবলৈ কাৰোবাক পঠিয়াই দিব।”
ৰীতুৰ বৰ স্ফূর্তি লাগিল। তাই উৎসাহেৰে ক’লে, “ আচলতে কি জানা ককা মই চিঠিত প্লী…জ বুলি লিখা কাৰনেহে পেহীদেৱে মণিক পঠিয়াব।”
“কিন্তু পেহীয়েৰাই লিখিচে চিঠিখনৰ ওপৰত বিশটা প্লীজ লিখা আছিল।”
ককাকে ক’লে। ৰীতুৱে বুজি নাপালে তাই লিখা এটা প্লীজ কেনেকৈ বিশটা হ’ল। তাই কেৱল এবাৰ প্লীচ আৰু আনবাৰ প্লী…জ বুলি লিখিছিল।
প্লীচ
প্লীজ
প্লী…জ
প্লীজ
প্লীজ ..





