Dandi March Story

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Dandi March Story of a young boy in Sabarmati Ashram and Gandhi’s historic journey for India’s freedom.

স্বাধীনতাৰ বাবে এক যাত্রা

আশ্রমখনত যে ৰোমাঞ্চকৰ কিবা এটা পাতিবৰ কাৰনে আঁচনি কৰি থকা হৈছে ধনীয়ে তাৰ উমান পাইছিল। পিছে সেই বিষয়ে কোনেও ধনীক একো নজনালে , ধনীয়ে মুখখন ওফোন্দাই ভোৰভোৰালে – “ মই ন-বছৰীয়া সৰু ল’ৰা বুলি মানুহবোৰে মোক একো নজনায় । তেঁওলোকে হয়তো ধৰি লৈছে যে মই এটা বৰ অজলা ল’ৰা। পিছে মই অজলা ল’ৰা হৈ থকা নাই দেই!”

Thank you for reading this post, don't forget to subscribe!

মাক –দেউতাকৰ সৈতে ধনীয়ে এখন বিশেষ ধৰণৰ ঠাইত বাস কৰিছিল। সেই বিশেষ ঠাইখন আছিল গান্ধীজীৰ সবৰমতি আশ্রম । সবৰমতি আশ্রম খন আহমেদাবাদৰ ওচৰতে আছে । এই আশ্রম খনত থাকিবলৈ ভাতবর্ষৰ নানা ঠাইৰ পৰা মানুহবোৰ আহি থাকে। গান্ধীজীৰ দৰে তেঁওলোকেও ভাৰতবর্ষই স্বাধীনতা লাভৰ বাবে কৰা আন্দোলনত যোগ দিছিল। আশ্রম খনত কটোৱা দিনবোৰত তেঁওলোকে যঁতৰত সূতা কাটে, প্রার্থনা গীত গায় আৰু গান্ধীজীয়ে দি থকা বক্তৃতাবোৰ শুনে

সবৰমতি আশ্রমত থাকিবলৈ অহা সকলো লোকেই ৰন্ধা-বঢ়া, চাফাই কাম, কাপোৰ ধোৱা , কুঁৱাৰ পৰা পানী তোলা , গৰু আৰু ছাগলীৰ গাখীৰ খীৰোৱা , বাগিচাত শাক –পাচলি লগোৱাৰ দৰে নানা তৰহৰ কাম কৰিব লাগে।

আনকি ধনীয়েও এটা কাম কৱিব লগা হৈছিল।ধনীয়ে কৰা কামটো হ’ল – ধনীয়ে আশ্রমত থকা ছাগলীবোৰৰ মাজৰ বগী নামৰ ছাগলী এজনীৰ যতন ল’ব লাগে । ধনীয়ে সেই কামটো কৰি ভাল পাইছিল। কাৰণ বগী তাৰ পৰম বন্ধুৰ দৰে হৈ পৰিছিল। ধনীয়ে বগীৰ সতে কথা পাতি বৰ ভাল পায়।

সেইদিনাখন পুৱা ধনীয়ে বগীক সেউজীয়া ঘাঁহ খাবলৈ দিলে । বগীৰ খোৱা পানীৰ চৰিয়াটোত থকা পুৰণা পানীখিনি নতুন পানীৰে সলাই দি ধনীয়ে বগীক ক’লে, “বগী পাছতেই কিবা এটা হ’ব। মানুহবোৰে গান্ধীজীৰ কোঠাত বহি কথা পাতি আছে । তেঁওলোকে যে কিবা এটাৰ কাৰণে আঁচনি লৈছে মই জানো।”

বগী ঘাঁহ খাই আছিল। তাই তাইৰ মূৰটো এনেকৈ দূপিয়াই দিলে যেন তাই ধনীয়ে কৈ থকা কথাবোৰ বুজিহে পাইছে। ধনীৰ ভোক লাগিল। সি পাকঘৰৰ পিনে খোজ ল’লে। বগীয়েও তাৰ কাষে কাষে দেও দি গৈ থাকিল ।ধনীৰ মাকে চৌকাটো বিচনী এখনেৰে বিচি আছিল। গোটেই পাকঘৰটো ধোঁৱাৰে ভৰি আছে।

“মা, গান্ধীজী কৰবালৈ যাব নেকি?” সি সুধিলে, তাৰ মাকে ধোঁৱাৰ মাজত কাহি কাহি উত্তৰ দিলে, “তেঁওলোকে এটা যাত্রা কৰিব।” ধনীয়ে আচৰিত হৈ সুধিলে, “যাত্রা? তেঁওলোকেনো ক’লৈ যাব খুজিছে।”

মাকে অধৈ্র্য্য হৈ উত্তৰ দিলে, “ তেঁওলোক সাগৰৰ পাৰলৈ যাব। পিছে তই মোক এতিয়া কথা সুধি থাকিব নালাগে ধনী , তই ইয়াৰ পৰা যা । প্রথমে মোক ৰন্ধা- বঢ়া শেষ কৰি লবলৈ দে।

মাকৰ কথা শুনি ধনীয়ে আশ্রমত থকা শাক –পাছলিৰ বাগিচা খনলৈ গুচি গ’ল। বাগিচা খনত বিন্দাই আলু খান্দি আছিল। ধনীয়ে তেঁওৰ কাষত বহি সুধিলে, “বিন্দা খুৰা সেই যাত্রাটোত তুমিও যোগ দিবানেকি?”

বিন্দাই মূৰটো তুলি ধনীলৈ চালে । পিছে তেঁও কিবা কোৱাৰ আগেয়ে ধনীয়েই পুনৰ অধীৰভাবে তেঁওক সুধিলে , “কোনে যাত্রা কৰিব ? তেঁওলোকে ক’লৈ যাব ? কিনো কৰিব খুজিছে?”

বিন্দাই আলু খান্দিবলৈ এৰি ক’লে,“ মই তোমাৰসকলোবোৰ প্রশ্নৰ উত্তৰ দিম , কিন্তু প্রথমে তোমাৰ সেই দুষ্ট ছাগলীজনীক বান্ধি থোৱাগৈ । তাই মোৰ পালেং শাকবোৰ চোবাবলৈ ধৰিছে।”

ধনীয়ে বগীক শাকনিৰ পৰা টানি আনি ওচৰৰ নেমু গছ এজোপাত বান্ধি থ’লে । তাৰ পাছত বিন্দাই ধনীক সেই হ’বলগীয়া যাত্রাটোৰ বিষয়ে ক’বলৈ ধৰিলে। গান্ধীজী আৰু কিচুমান লোকে গুজৰাটৰ মাজেৰে সাগৰৰ পাৰত থকা ডাণ্ডী নামৰ ঠাইখনলৈ খোজকাঢ়ি যাব । গোটেই মাহটো জুৰি তেঁওলোকে নানা গাঁও আৰু চহৰৰ মাজেৰে গৈ থাকিব । ডাণ্ডীত উপস্থিত হোৱাৰ পাছত তেঁওলোকে নিমখ তৈয়াৰ কৰিব ।

ধনীয়ে আচৰিত হৈ সুধিলে, “নিমখ? তেঁওলোকে নো কিয় নিমখ তৈয়াৰ কৰিব লগা হ’ল ? আমি দেখোন সকলো দোকানতে নিমখ কিনিবলৈ পাঁও!” বিন্দাই ধনীৰ কথাবোৰ শুনি হাঁহি মাৰি ক’লে,“সেই কথাটো ময়ো জানো কিন্তু মহাত্মাজীৰ এখন নিজা আঁচনি আছে। তুমি নিশ্চয় জানা যে তেঁও কিবা এটাৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ হ’লে তেঁও সদায় একোটা যাত্রা কৰে।”

“অৱশ্যে মই সেইটো গম পাঁও । ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ কাৰনে বৃটিছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰোতে সত্যাগ্রহ আন্দোলনৰ যাত্রাবোৰ চলাই আছে।কিন্তু তেঁওলোকেনো নিমখৰ বাবে কিয় আন্দোলন কৰিবলগা হৈছে? এই কথাটো বৰ ঠিক হোৱা নাই।”“ধনী , এই আন্দোলনতো বৰ সঠিক আন্দোলন হৈছে। তুমি জানানে যে আমি সকলোৱে নিমখ কিনোতে চৰকাৰক কৰ দিব লাগে।”

“তাতে পিছে কি হ’ল?” “ প্রতিজন লোককে নিমখ লাগে …. তাৰ মানে প্রতিজন ভাৰতীয়ই আনকি অতি দুখীয়া ভাৰতীয় জনেও নিমখৰ বাবে চৰকাৰক কৰ দিব লাগে।”

বিন্দা খুৰাই ধনীক কথাটো বুজাই দিলে। তেঁওৰ কথা বোৰ শুনি ধনীয়ে ক’লে, “এইতো সঁচাকৈয়ে বৰ বেয়া কথা হৈছে।”

খঙত ধনীৰ চকুহাল ৰঙা পৰি গ’ল। বিন্দা খুৰাই পুনৰ কৈ গ’ল –“সঁচাকৈয়ে এইতো বৰ বেয়া কথা হৈছে।” অকল সেয়াই নহয় , কোনো ভাৰতীয় লোককে নিমখ তৈয়াৰ কৰিবলৈ অনুমতি দিয়া নহয়। মহাত্মাজীয়ে বৃটিছক নিমখৰ বাবে কৰ লোৱাতো বন্ধ কৰি দিবলৈ অনুৰোধ কৰিছিল, কিন্তু তেঁওলোকে তাক নাকচ কৰিলে।

গতিকে তেঁও ডাণ্ডীলৈ যাত্রা কৰিবলৈ সিদ্ধান্ত ল’লে যাতে তেঁওলোকে ডাণ্ডীত সাগৰৰ পানীৰ পৰা নিমখ তৈয়াৰ কৰিব পাৰে।

এইবাৰ ধনীয়ে চিন্তিত মনেৰে ক’লে, “এটা মাহ জুৰি গান্ধীজী খোযকাঢ়ি গৈ থাকিব। গান্ধীজী ভাগৰি পৰিব । তেঁওলোকে ডাণ্ডীলৈ খোজকাঢ়ি যোৱাৰ সলনি বাছ বা ৰেল এখনত উঠি তালৈ নাযায় নেকি?”

বিন্দাই উত্তৰ দিলে –“যদিহে গান্ধিজীয়ে দীঘলীয়া সময় জুৰি দাণ্ডীলৈ খোজকাঢ়ি যায়, তেন্তে এই বাতৰিতো কেউপিনে প্রচাৰ হ’ব।

বাতৰি কাকতত এই বিষয়ে ফটো ছপা হ’ব। ৰেডিঅ’ত বাতৰিটো প্রচাৰ হ’লে গোটেই পৃথিবীৰ মানুহে গম পাই যাব যে আমি স্বাধীনতা আন্দোলন কৰিছো। আনহাতে এনে বাতৰিয়ে বৃটিছ সকলক অস্বস্তিত পেলাব।”

“গান্ধীজী বৰ বুধিয়ক লোক নহয়নে বিন্দা খুৰা?” ধনীৰ চকুহাল আনন্দত উজলি উঠিল। বিন্দাৰ চকুহালতো যেন হাঁহি বিৰিঙিল। তেঁও উত্তৰ দিলে, “তেঁওতো বুধিয়ক হয়েই । তেঁও আনকি ভায়ছয়ৰলৈকো চিঠি লিখি বুজাই দিছিল যে তেঁও কিহৰ কাৰণে আঁচনিখন লৈছে। বৃটিছসকলে কি কৰিব তাক ধাৰণা কৰিব পৰা নাই।”

দুপৰীয়া ধনীয়ে গান্ধীজীয়ে বাস কৰা জুপুৰিটোৰ পিনে গ’ল। খিৰিকি এখনেৰে সি জুপুৰিটোৰ ভিতৰলৈ ভুমুকি মাৰি চালে। সি দেখিলে ঘৰৰ ভিতৰৰ কোঠা এটাত আশ্রমত থকা মানুহখিনিয়ে গান্ধীজীৰ সৈতে কথা পাতি আছে। ধনীয়ে শুনিবলৈ পালে যে তেঁওলোকে ডাণ্ডীলৈ যাঁওতে কোনটো ৰাষ্টাৰে যাব সেই বিষয়েই তেঁওলোকে আলোচনা কৰি আছিল। কোঠাটোত বহি থকা মানুহখিনিৰ মাজত ধনীয়ে তাৰ দেউতাককো বহি থকা দেখি সি মনত নথৈ আনন্দ পালে।

আবেলি পৰত যেতিয়া কেউপিনে নিজম পৰিল ধনীয়ে তাৰ দেউতাকক বিচাৰি ফুৰিলে। সি দেখিবলৈ পালে – তাৰ দেউতাকে গছ এজোপাৰ তলত বহি যঁতৰত সূতা কাটি আছে।ধনীয়ে দেউতাকৰ ওচৰলৈ গৈ পোনে পোনে দেউতাকক সুধিলে, “ দেউতা তুমি আৰু মই ডাণ্ডী যাত্রাত যোগ দিম নেকি?”

দেউতাকে ক’লে, “মইহে যাম , তই আৰু মাৰ ইয়াতে থাকিবি ।”

“ ময়ো তোমাৰ লগত যাম।”

“ধনী, অকৰা ল’ৰাৰ দৰে কথা নকবি । ইমানদুৰ বাট তই খোজকাঢ়ি যাব নোৱাৰিবি নহয়। আশ্রমৰ ডেকা ল’ৰা খিনিহে যাব ।”

“দেউতা মোৰ নবছৰ বয়স হৈছে , মই তোমাতকৈ বেচি বেগাই দৌৰিব পাৰো। তোমাৰ লগত মোক নিবই লাগিব।” ধনীয়ে দৃঢ়ভাবে ক’লে।

ধনীৰ দেউতাকে যঁতৰত সূতা কটাতো বন্ধ কৰিলে। তেঁও ধৈর্য ধৰি ধনীক বুজাবলৈ ধৰিলে। “ ধনী মহাত্মাজীয়ে নিজে বাচি উলিওৱা মানুহখিনিয়েহে ডাণ্ডী যাত্রাত ভাগ ল’ব পাৰিব।”

“ঠিক আছে , মই তেনেহ’লে তেঁওৰ সৈতে কথা পাতিম।” মই ভালকৈ জানো যে তেঁও মোক যাবলৈ দিবই দিব ।”

কথাষাৰ কৈয়েই ধনীয়ে দৌৰ মাৰি দেউতাকৰ ওচৰৰ পৰা আতৰি গ’ল। গান্ধীজী বৰ ব্যস্ত মানুহ আছিল।

তেঁওক অকলশৰে লগ পোৱা বৰ কঠিন কাম। কিন্তু ধনীয়ে ঠিকে জানিছিল যে প্রতি ৰাতিপুৱাৰ প্রথম বা আগচোৱাত গান্ধীজীয়ে আশ্রমখনৰ চাৰিওপিনে ঘুৰি-পকি ফুৰে । ধনীৰ সৈতে কথা পাতিবৰকাৰণে তেতিয়াই তেঁওৰ সময় হ’ব।

পিছদিনাখন পুৱা আকাশত বেলি উদয় হোৱাৰ লগে লগে ধনীয়ে বিচনাৰ পৰা উঠিল আৰু সি গান্ধীজীক বিচাৰি গ’ল। সি তেঁওক গোহালিৰ গৰুবোৰ চাই থকা দেখিবলৈ পালে ।

তাৰ পাছত তেঁও পাচলিৰ বাগিচা খনলৈ গ’ল আৰু তাত তেঁও মটৰ মাহ আৰু কবিবোৰলৈ চাই বিন্দাৰ লগত কথা পাতিবলৈ ধৰিলে। এই সকলো সময়তে ধনী আৰু বগীয়ে গান্ধীজীকঅনুসৰণ কৰি গৈ থাকিল ।

অৱশেষত গান্ধীজীয়ে তেঁও বাস কৰা জুপুৰিটোৰ পিনে খোজ ল’লে। বাৰান্দাত থকা যঁতৰটোৰ কাষত বহি তেঁও ধনীক মাতিলে-“সোণাই মোৰ ওচৰলৈ আহাচোন !”

ধনীয়ে তেঁওৰ কাষলৈ দৌৰ মাৰিলে ।

ধনীৰ পিছে পিছে বগীয়েও লৰ ধৰিলে।

গান্ধীজীয়ে সুধিলে-“বাচা তোমাৰ নামটো কি?”

“ধনী, গান্ধীজী।”

“সেইজনী তোমাৰেই ছাগলীনেকি?”

“ হয় গান্ধীজী, এইজনী মোৰ বন্ধু বগী। সদায় ৰাতিপুৱা আপোনাৰ কাৰণে বগীয়ে গাখীৰ দিয়ে।”

ধনীয়ে গৌৰবৰ হাঁহি এটা মাৰি পুনৰ কৈ উঠিল, “ময়েই তাইৰ যতন লঁও ।”

গান্ধীজীয়ে আগলৈ হাওলি আহি ক’লে, বৰ ভাল কথা, এতিয়া ধনী, তুমি মোক কোৱাচোন, তুমি আৰু বগীয়ে কিয় আজি পুৱা সকলো ঠাইলৈকে মোৰ পিছে পিছে ঘূৰি ফুৰিছা ?” ধনীয়ে কঁও নকঁও কৈ আৰম্ভ কৰিলে, “মই আপোনাক এটা কথা সুধিব খুজিছিলো। মই বাৰু আপোনালোকৰ সৈতে ডাণ্ডীলৈ যাত্রা কৰিব পাৰিমনে?”

Dandi March Story

গান্ধীজীয়ে মিচিকি হাঁহি এটা মাৰি উত্তৰ দিলে- “বাছা তুমি নিচেই সৰু হৈ আছা । আমাৰ ইয়াৰ পৰা ডাণ্ডী ঠাইখন ৩৮৫ কিলোমিটাৰ নিলগত আছে। তোমাৰ দেউতাৰ দৰে ডেকা ল’ৰা সকলেহে মোৰ সৈতে খোজকাঢ়ি যাবলৈ সক্ষম হ’ব।”

ধনীয়ে আকৌ সুধিলে- “কিন্তু আপুনিতো ডেকা হৈ থকা নাই। আপুনিও জানো সেই যাত্রাটোত ভাগৰি নপৰিব?” গান্ধীজীয়ে উত্তৰ দিলে, “ময়ো বৰ ভালকৈ খোজ কাঢ়িব পাৰো।”

ধনীৰ কথা শুনি গান্ধীজীয়ে চিন্তিতভাবে ক’বলৈ ধৰিলে, “এৰা, তোমাৰ কথাও সঁচা। পিছে ইয়াৰ মাজত এটা সমস্যা আছে। তুমি যদি মোৰ ডাণ্ডীলৈ গুচি যোৱা, তেন্তে কোনে বগীক চোৱা চিতা কৰিব? ইমান দূৰ বাট খোজকাঢ়ি যোৱাৰ পাছত মই বৰ দুর্বল হৈ পৰিম।সেয়ে মই যেতিয়া পাছত ইয়ালৈ উভতি আহিম , তেতিয়া আগৰ শক্তিখিনি ঘূৰাই পাবলৈ হ’লে, মই বহুত পৰিমাণৰ গাখীৰ খাব লাগিব নহয়। চোৱা–চিতা কৰিবানে?”

ধনীয়ে উত্তৰ দিলে- “ হয় গান্ধীজী , মই তেন্তে আশ্রমতে থাকিম । আপুনি আশ্রমলৈ পুনৰ উভতি অহালৈকে মই আৰু বগীয়ে বাট চাই থাকিম। ।”

বগীৰ মূৰটোত মৰমেৰে থপৰিয়াই দি ধনীয়ে ক’লে, “ওঁ , গান্ধীজী, আপুনি সঁচা কথাকে কৈছে।  বগীয়েনো কি কি খাই ভাল পাই সেইটো কেৱল মইহে জানো ।”

গান্ধীজীয়ে ততালিকে কৈ উঠিল, “একেবাৰে

ঠিক কথা কৈছা । সেয়ে তুমি ইয়াতে থাকি মোৰ বাবেই বগীক চোৱা–চিতা কৰিবানে?” ধনীয়ে উত্তৰ দিলে, “হয় গান্ধীজী , মই তেন্তে আশ্রমতে থাকিম । আপুনি আশ্রমলৈ পুনৰ উভতি অহালৈকে মই আৰু বগীয়ে বাট চাই থাকিম।”

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story

Two Little Girls Dream Story