Two Little Girls Dream

Two Little Girls Dream Story

Two Little Girls Dream Story about friendship, dreams, prayer, and a joyful reunion filled with hope and happiness.

সপোন দেখা কণমানি ছোৱালীদুজনী

       এসময়ত এজনী ছোৱালী আছিল, তাই বহুত সপোন দেখিছিল ।

Thank you for reading this post, don't forget to subscribe!

       তাই সাগৰৰ সপোন দেখিছিল, জংঘল, পথাৰ আৰু সমতল, 

      পাহাৰ-পৰ্বত নদীৰ সপোন দেখিছিল ।

      কেতিয়াবা তাই আকাশত উৰাৰ সপোনো দেখিছিল । 

      কেতিয়াবা সাগৰৰ তললৈ যোৱাৰ সপোন দেখিছিল; 

       কিন্তু সকলোতকৈ ভাল সপোনটো আছিল পঢ়াশালিত ছুটীৰ ঘন্টা বাজিছে, 

       আৰু ল‘ৰা-ছোৱালীবোৰে হাতত বেগ লৈ আনন্দ মনেৰে দৌৰি অহাৰ সপোন । 

       কেতিয়াবা তাই সাৰ পাই আৱিস্কাৰ কৰে, যে তাই ঘৰত কম্বলৰ তলত নাই, 

       আচলতে তাই পঢ়াশালিতে টোপনিয়াই আছে আৰু বাস্তৱিকতে ছুটীৰ ঘন্টা বাজিছে !

      সেই ছোৱালী জনীৰ নাম আছিল বিজয়া – তাই পানী খোৱাৰ ছুটী হ‘লে, 

      আৰু পঢ়াশালি ছুটী হ‘লে বৰ ভাল পাইছিল । 

     তেতিয়া তাই গৈ আম্মুৰ লগত খেলিব পাৰে । 

      আম্মু হ‘ল তাইৰ প্রিয় বান্ধৱী ।

     পঢ়াশালিৰ পৰা চাইকেলেৰে ঘৰলৈ আহোতে সিহঁতে বহুত কথা পাতে । 

      সকলো বন্ধুৱে তাইক বিজি বুলি মাতে ।  বিজিয়ে আম্মুক তাইৰ সপোনৰ বিষয়ে ক‘বলৈ ভাল পায়, 

       কাৰণ তাই আগ্রহৰে শুনে ।

      সেয়ে নহয়, তেনে ভাল লগা সপোন তায়ো দেখিবলৈ ইচ্ছা কৰে । 

       আম্মু হ‘ল এজনী শান্ত মনৰ শ্রোতা আৰু এজনী ভাল মনৰ ছোৱালী ।  

       অন্য কোনোবাই তাইক আমনি কৰিলে বৰ সোনকালেই কান্দি পেলায়,

       কিন্তু  বিজিয়ে তাইক এইবোৰৰ পৰা ৰক্ষা কৰে ।

       দুষ্ট ল‘ৰা-ছোৱালী বোৰে বিজি কাষত নাথাকিলে আম্মুক কন্দুৱাবলৈ ভাল পায়, 

       কাৰণ তাই চকু কেইটা ডাঙৰ ডাঙৰ কৈ ভয় লগাকৈ মেলি সিহঁতলৈ চাই থাকে ।

       সেই ছোৱালীহঁতক তাই ডাঙৰ মাতেৰে জোৰকৈ গালি পাৰে যাতে, 

      তাই এনে কৰিলে শিক্ষকৰ মনোযোগ আকৰ্ষণ কৰে বুলি সিহঁতে ভয় কৰে ।

       বিজিয়ে আম্মুৰ দেখা শুনা কৰিবলৈ ভাল পায় । 

       সিহঁত দুয়ো  সপোনত দেখা ঠাইবোৰৰ বিষয়ে একেলগে আলোচনা কৰে । 

       সিহঁত আচৰিত হয়, সেই ঠাইবোৰনো ক‘ত থাকিব পাৰে ? সম্ভৱ ই আমেৰিকাত হ‘ব পাৰে ?  

       আম্মুৱে উত্তৰ বিচাৰি ফুৰে ।

       বিজিয়ে আমেৰিকা নামটো ভাল নাপায় । 

       তাই কয়, ইয়াৰ পিছত তাই সেই সপোনটো দেখিলে, 

        কাৰবাৰ পৰা সেই ঠাইৰ বিষয়ে খবৰ কৰি জানি ল‘ব ।

      এদিন বিজি পঢ়াশালিলৈ অহা নাছিল আৰু  আম্মু গোটেই দিনটো 

       কাৰো লগত একো কথা নোকোৱাকৈ থাকিবলগীয়া হৈছিল ।

       তাই বৰ আগ্রহেৰে তাইৰ প্রিয় বান্ধৱীৰ কাৰণে অপেক্ষা কৰি আছিল । 

       কিন্তু বিজি পিছদিনাও অনুপস্থিত আছিল ।

       গোটেই সপ্তাহটো এইদৰেই পাৰ হ‘ল ।

       তাই খবৰ লৈ গম পালে, বিজিৰ আইতাক বৰ অসুস্থ ।

       সেয়েহে বিজি আৰু মাক-দেউতাক লৰালৰিকৈ অন্ধ্র প্রদেশত 

       থকা মাকৰ ঘৰলৈ যাবলগীয়া হ‘ল । 

       সপ্তাহৰ শেষতো বিজিহঁতৰ কোনো খবৰ তাই নাপালে ।

       দেওঁবাৰে ৰাতি আম্মুৱে শুবলৈ যোৱাৰ আগতে বৰকৈ প্রাৰ্থনা কৰিলে –

       যাতে বিজয়া পিছদিনা উভতি আহি পঢ়াশালিলৈ আহিব পাৰে ।

       বিজিয়ে আইতাকক কিমান ভাল পায়, সেই কথা মনত পেলাই 

       তাই আইতাকৰ সুস্বাস্থ্যৰ কাৰণেও প্রাৰ্থনা কৰিলে ।

      সেই ৰাতি আম্মুৱে এটা সপোন দেখিলে । 

      তাই স্পষ্টকৈ  দেখিলে, তাই এখন গভীৰ জংঘলৰ মাজেৰে বিজিৰ লগত খোজ কাঢ়ি গৈ আছিল । 

      সিহঁত সৰু সৰু আৰু গছ বোৰ দীঘল আৰু ডাঙৰ ডাঙৰ । 

Two Little Girls Dream

      সিহঁত খোজকাঢ়ি গৈ থাকোতে তলত পৰি থকা পাতবোৰ ভৰিৰ খোজত মোহাৰি ভাগি-ছিগি  গৈছিল ।

      বহুত দূৰ অহাৰ পিছত জংঘলৰ শেষ হোৱাত সিহঁত আহি 

      এখন মুকলি সেউজীয়া পথাৰত উপস্থিত হৈছিলহি ।

      কিছুদূৰত এটা সৰু পজাত সূৰ্য পোহৰ পৰিছিল । 

       তাই ইয়াৰ কাষতে দুজনী গৰু আৰু দুটা গাৱলীয়া মূৰ্গী দেখিবলৈ পালে ।

      কোনোবাই কাষৰ জেওৰাৰ ভিতৰৰ পৰা সিহঁতৰ ফালে হাত লৰাই আছিল । 

      সিহঁত দুয়ো তেওঁক অভিবাদন কৰিবলৈ দৌৰি গৈছিল । 

      সেয়া আছিল এগৰাকী বুঢ়া মানুহ, যথেষ্ট ওখ আৰু স্বাস্থ্যৱান । 

     তেওঁৰ দীঘল পকা চুলিখিনি এডাল বেণী কৰি পিছফালে বান্ধি থোৱা আছে ।

      এটা বৰ ডাঙৰ হাঁহি আৰু গভীৰ শান্ত আৰু সুন্দৰ চকু । 

      তেওঁ তললৈ হাওলি সিহঁতক দুই হাতেৰে উঠাই ল‘লে । 

      বিজিয়ে চিঞৰি উঠিল “আম্মা !”

       সেয়া আছিল তাইৰ সুস্থ শৰীৰৰে তাই আইতাক ।

       সঁচাকৈয়ে তেওঁ তাইক দেখি বৰ ভাল পাইছিল !

      আম্মুৱে পিছহূৰ্ততে টোপনিৰ পৰা জগাবৰ কাৰণে মাকে তাইক জোৰেৰে ধৰি জোঁকাৰি থকা পালে ।

     “আইজনী, তুমি কিয় ইমান হাঁহি আছা ? তেওঁ সুধিলে । 

      তুমি আৰু অকণমান সময় বেচিকৈ শোৱাহ‘লে আজি পঢ়াশালিলৈ যাবলৈ দেৰি হৈ গ‘লহেঁতেন ! 

      আহা, তোমাক তৈয়াৰ কৰি দিব লাগিব ।” 

      আম্মুৰ টোপনি ভালদৰে ভগাই নাছিল । তাইৰ মাকে কৈ গ‘ল,

      “অ‘, আৰু বিজয়াৰ মাকে আজি তেওঁলোকৰ ঘৰৰ পৰা তোমাৰ চাইকেলখন লৈ যাবলৈ কৈছে । 

      বিজয়া পঢ়াশালিলৈ গৈছে । যোৱা ৰাতি আইতাকৰ লগত আহোতে তেওঁলোকৰ দেৰি হল । “

      এই কথা শুনি আম্মু বিছনাৰ পৰা একে জাঁপে উঠিল । তাইৰ টোপনি ভাগি গ‘ল । তাই এইটো জানিছিল !

     তাই এই সকলোবোৰ সপোনত দেখা নাছিল নে ?  তাই বিজিক এই কথা ক‘বলৈক অলপ অপেক্ষা কৰিব লাগিব !

     এইটো তাইৰ জীৱনৰ সকলোতকৈ ভাল লগা সোমবাৰ হ‘ব ।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story