Emperor Ashoka Procession Story
সম্রাটৰ শোভাযাত্রা
পাৰ্বতী আৰু তাইৰ ভায়েক লক্ষ্মণে পুৱাই পুৱাই বিহাৰৰ ওখ তোৰনখনৰ ভিতৰেদি সোমাই গ’ল। সিহঁতৰ দেউতাক এজন কুমাৰ আছিল আৰু সিহঁতে মাটিৰ কাঁহী – বাতি আৰু গিলাচ দিবলৈ আহিছিল।
Thank you for reading this post, don't forget to subscribe!চোতাললৈ আহি পাৰ্বতীয়ে খৰাহীটো তললৈ নমালে আৰু চাৰিওফালে চালে। চোতালৰ চাৰিওফালে সৰু সৰু কোঠাৰ শাৰী আছিল।
“ইয়াতে বৌদ্ধ ভিক্ষু থাকে নেকি?” পাৰ্বতীয়ে সুধিলে।
“হয়” লক্ষ্মণে ক’লে।
“এই কোঠা বিলাকতে থাকে আৰু সেই মন্দিৰটোত ভগৱান বুদ্ধই প্ৰাৰ্থনা কৰে। এই ঠাইখিনিক বিহাৰ বোলে।”
সিহঁতে নিজৰ খৰাহীকেইটা ৰান্ধনী ঘৰলৈ লৈ গ’ল, য’ত গেৰুৱা কাপোৰ পিন্ধা দুজন ভিক্ষুৱে ৰন্ধা কামত ব্যস্ত হৈ আছিল।
“ভাল! তোমালোক দুয়ো কুমাৰৰ ল’ৰা ছোৱালী? প্ৰথম বাৰৰ বাবে তোমালোক বিহাৰলৈ আহিছা নেকি?” এজন ভিক্ষুয়ে হাঁহি মাৰি সুধিলে।
“হ্য়” লক্ষ্মণে ক’লে, “ইমান ধুনীয়া ঠাই য’ত বাগিছা আছে,পুখুৰী আছে…”
“আমৰ বাগানো আছে।” পাৰ্বতীয়ে যোগ দিলে।
“তোমালোকে আমাৰ মন্দিৰ চোৱা উচিত।”
এমুঠি তামৰ মুদ্ৰা দি ভিক্ষুজনে ক’লে।
মিচিকীয়া হাঁহি এটি মাৰি তেওঁ পুনৰ ক’লে-
“সম্ভৱত তোমালোকে এনেকুৱা এজন মানুহ লগ পাবা যাক তোমালোকৰ ভাল লাগিব।”
যেতিয়া সিহঁত মন্দিৰৰ প্ৰধান কোঠাটোত সোমাল সিহঁতৰ চকু থৰ হৈ গ’ল। কিমান সুন্দৰ ঠাই আছিল। কাঠৰ খুটাবোৰৰ ওপৰত নিখুঁট নক্সা অঁকা। মাটিৰ ওপৰত হাতেৰে বোৱা কোমল দলিছা। ইয়াৰ সন্মুখতে পূজাৰ থলি আছিল য’ত এটা পাথৰৰ ওপৰত বুদ্ধৰ চৰণ খোদিত আছিল। সেই ঠাই ফুলেৰে সজাই থোৱা আছিল আৰু ধোঁৱা ওলাই থকা ধূপৰ কাঠি শাৰী শাৰীকৈ সন্মুখত ৰখা হৈছিল।
পূজা থলীৰ সন্মুখত বহি এজন মানুহে প্ৰাৰ্থনা কৰি আছিল। তেওঁ আঙ্গুলীৰে মালা জপ কৰি আছিল। শৰীৰৰ তলৰ অংশত তেওঁ ধূতিৰ দৰে কাপোৰ পিন্ধিছিল। শৰীৰৰ ওপৰ ভাগত তেওঁ চাদৰ দৰে মিহি কাপোৰ মেৰিয়াই আছিল। তেওঁৰ ডিঙি, কাণ আৰু বাহুত সোণৰ গহনা জিলিকি আছিল।
শিশু দুটিৰ পদধ্বনি শুনি তেওঁ চকু মেলিলে।
“ অহঃ ক্ষমা কৰিব মহাশয়। আমি আপোনাৰ প্ৰাৰ্থনাত বাধা দিলো নেকি?” পাৰ্বতীয়ে তৎক্ষণাত ক’লে।
সেই মানুহগৰাকীয়ে হাঁহি মাৰি ক’লে-
“নাই, কোনো কথা নাই। তোমালোক দুজনে ইয়াত কি কৰি আছা?”
“আমি বিহাৰৰ, ৰান্ধনী ঘৰৰ বাবে মাটিৰ বাচন আনিছিলো। আমাৰ দেউতা কুমাৰ ।” লক্ষ্মণে ক’লে।
“ভাল বাৰু” মানুহজনে সন্মুখলৈ হালি ক’লে-
“তোমালোকে চাকত কাম কৰিব জানানে?”
“আমি চেষ্টা কৰো।” পাৰ্বতীয়ে মূৰ দুপিয়ালে।
“কিন্তু”…
“আমাৰ বাচন বোৰ বেকা- বেকি হয়।” লক্ষ্মণে হাঁহি ক’লে।
“বাচনৰ ওপৰত ৰঙেৰে চিত্ৰ আঁকি মোৰ আটাইতকৈ ভাল লাগে। মই চূণেৰে বনোৱা বগা ৰং আৰু তেলৰ চাকিৰে বনোৱা কাজল, ক’লা ৰঙৰ বাবে ব্যৱহাৰ কৰো।” পাৰ্বতীয়ে নিজৰ কথাটো যোগ দিলে।
“কাৰ ছবি আঁকা” মানুহজনে কৌতুহলেৰে সুধিলে।
“ফুল আৰু ডাৱৰ, পাত আৰু চৰাই …” পাৰ্বতীয়ে এনেদৰে ক’লে যেন তাই সপোনৰ পৃথিৱীত হেৰাই গৈছে।
“আহঃ ময়ো যদি তোমাৰ দৰে চিত্ৰ আঁকিব পাৰিলোহেঁতেন।” মানুহজনে দীঘল নিশ্বাস এৰি ক’লে। “কিন্তু মই কেৱল তৰোৱাল উঠাই কেৱল যুদ্ধ কৰিবহে জানো।”
“তেনেহ’লে আপুনি ভিক্ষু নহয় নেকি?”
তেওঁ মুৰ দুপিয়ালে- “মই এজন সৈনিক আছিলো। কিন্তু এতিয়া মই যুদ্ধ কৰিবলৈ এৰিলো, কাৰণ মই ভগৱান বুদ্ধৰ উপদেশ মানো।”
ৰান্ধনী ঘৰত থকা ভিক্ষুজনে কৈছিল যে বাহিৰত কোনোবা আকৰ্ষণীয় ব্যক্তি আছে। “আপুনি কোনোবা মহান ব্যক্তি নেকি মহাশয়?” মানুহজনে হাঁহিলে।
“নহয়, মই তেনেকৈ নাভাবো। মই মাত্ৰ এজন সৈনিক যিয়ে এতিয়া যুদ্ধলৈ নাযাওঁ। এতিয়া মই মহলত কাম কৰো।”
“মহাৰাজ সম্ৰাট অশোকৰ ৰাজমহলত।” লক্ষ্মণৰ চকু উজলি উঠিল।
“আপুনি বৰ ভাগ্যৱান।”
“কিয়?” সেই মানুহজনে প্ৰশ্ন কৰিলে।
“কিয়নো আপুনি সদায় ৰজাক দেখা পায়। জানেনে, আমি আমাৰ জীৱন পাটলিপুত্ৰতে কটালো কিন্তু আমি তেওঁক কেতিয়াও দেখা নাই।” মানুহজনে সজোৰে হাঁহিলে।
“মই নাভাবো যে ৰজাক চাব লগীয়া কিবা কথা আছে। তেওঁ দেখাত অলপো সুন্দৰ নহয়।”
“নিশ্চয় হয়।” পাৰ্বতীয়ে বিশ্বাসেৰে ক’লে-
“কিন্তু মহাৰাজ গোটেই বিশ্বৰ শক্তিশালী সম্ৰাট।”
“ঠিক আছে। তুমি যদি কৈছা এইটোৱেই হওক,” মানুহজন আসনৰ পৰা উঠি ক’লে। তেওঁ সিহঁতৰ মূৰত হাত থৈ আশীৰ্বাদ দিলে।

“মোৰ ভাৱ হৈছে তোমালোকে ৰজাক নিশ্চিয় লগ পাবা। কি ঠিক কোনোবা দিনা তোমালোকে হঠাতে লগ পাই যাবা।” হাঁহি মাৰি মানুহজন গুছি গ’ল।
কিছুদিন পিছৰ কথা। শিশু দুজনে নিজৰ দেউতাৰ কামত সহায় কৰি আছিল। লক্ষ্মণে মাটিখিনি ভালদৰে খচি আছিল। সিহঁতৰ দেউতাকে চাকত মাটিৰ চাকি সাজি আছিল আৰু পাৰ্বতীয়ে সেইবোৰ উঠাই ৰ’দত শুকাবলৈ দিছিল। হঠাতে সিহঁতৰ বন্ধু কেশৱ দৌৰি আহিল আৰু চিঞৰিলে-
“সোনকালে আহা! সম্ৰাটৰ শোভাযাত্ৰা এই ফালে আহি আছে। ”
বিজুলী গতিৰে তিনিও বিহাৰলৈ যোৱা পথৰ ফালে দৌৰিলে। কেশৱে ক’লে যে সম্ৰাট অশোক আৰু মহাৰাণী মহাদেৱী বিহাৰলৈ প্ৰাৰ্থনা কৰিবলৈ আহি আছিল। তিনিওজনে পথৰ দাঁতিত থিয় হৈ ঘূৰণীয়া ঘূৰণীয়া চকুৰে সম্ৰাটৰ শোভাযাত্ৰা আহি থকা চাই আছিল।
সকলোৰে আগত খোজত খোজ মিলাই সৈনিক আহিছিল, যিজনে হাতত ঢাল লৈ আছিল। তাৰ পিছত হিন হিনাই থকা ঘোঁৰাই টনা ৰথ আছিল।
তাৰ পিছত আশ্বাৰ্য ! মহিলা সৈন্যৰ এটা দলে খোজত খোজ মিলাই আগবাঢ়িল, তেওঁলোকে কবচ আৰু টুপী পিন্ধিছিল। সিহঁতে ডাঙৰ তৰোৱাল লৈ আছিল ।
“মহিলা সৈনিক।” পাৰ্বতী আচৰিত হ’ল।
“তোমালোকে জনা নাছিলা?” কেশৱে হাঁহিলে।
“ৰজা মহাশয়ক সদায় মহিলা সৈনিকেহে ৰক্ষা কৰে। এওঁলোক বৰ সাহসী যোদ্ধা আৰু পাহাৰীয়া ঠাইৰ পৰা আহে।”
ইয়াৰ পিছত ঢোল বজোৱা সকলৰ শাৰী আগবাঢ়িল যিয়ে, কুচ্ কাৱাজৰ বাবে ঢম্ ঢম্ কৈ ঢোল বজাইছিল। তাৰ পিছত এটা বিশাল হাতী নাচি নাচি আহিছিল। ইয়াৰ কাণ আৰু শুৰত ৰঙীন ছবি অঁকা আছিল। ইয়াৰ পিঠিত এটা গাদী আছিল। সম্ৰাট অশোক আৰু মহাৰাণী তাত বহি আছিল।
তেওঁলোকৰ পিছত বহা মানুহজনে তেওঁলোকৰ মূৰৰ ওপৰত ছাতি ধৰি আছিল। কি সুন্দৰ দৃশ্য!
যেতিয়া হাতীটো কাষ পালে, লক্ষ্মণে ৰজাৰ চেহেৰা চাবলৈ দৃষ্টি নিক্ষেপ কৰিলে তাৰ মুখ বিষ্ময়েৰে ভৰি পৰিল।
মনোমোহা কাপোৰ, বহুত অলংকাৰ, সোণালী পাগুৰি পিন্ধি সেই মানুহজনেই বহি আছিল যাক সিহঁতে বিহাৰত লগ পাইছিল।
“পাৰ্বতী চোৱা,” সি চিঞৰিলে।
“আমাৰ বন্ধু, যাক আমি বিহাৰত লগ পাইছিলোঁ।” সি স্ফূৰ্তিতে জপিয়াই চিঞৰিব ধৰিলে।
সম্ৰাট অশোকে চিঞৰটো কোন দিশৰ পৰা আহিছে ঘূৰি চালে।
যেতিয়া শিশুহঁতক চিনি পালে তেওঁৰ ওঠত হাঁহি বিৰিঙিল। তেওঁ নিজৰ হাতখন জোকাৰি দিলে। শিশুহঁতৰ আনন্দৰ সীমা নোহোৱা হ’ল।
“ৰজাই তোমালোকক দেখি হাত জোকাৰিছে। তোমালোকে তেওঁক লগ পাইছিলা?”
“এৰা! বিহাৰত লগ পাইছিলো ।তেওঁ আমাক আশীৰ্বাদো দিছে। হয় নে আচৰিত কথা?” পাৰ্বতী আৰু লক্ষ্মণে স্ফূৰ্তিতে নাচি নাচি উত্তৰ দিলে।
“সঁচা, তোমালোক বৰ ভাগ্যশালী।”
কেশৱৰ দুখ লাগিল।
ইতিহাসৰ কিছু ৰসাল খবৰ
১. ২৩০০বছৰ আগতে মৌৰ্য শাসক সম্ৰাট অশোক বৰ্দ্ধনৰ দিনত পাৰ্বতী আৰু লক্ষ্মণে বাস কৰিছিল। তেওঁলোক পাটলীপুত্ৰত আছিল য’ত আজিৰ পাটনা চহৰ আছে।
২. বৌদ্ধধৰ্ম গ্ৰহণৰ পিছত সম্ৰাট অশোকে যুদ্ধ কৰিবলৈ বন্ধ কৰিলে। কলিংগ যুদ্ধৰ ৰক্তপাত আৰু বিনাশ দেখাৰ পাছতে অশোক বুদ্ধৰ অনুগামী হয়। অশোক স্তম্ভ ভাৰতীয় গণতন্তৰ প্ৰতীক। তেওঁৰ শাসন কালতে ইয়াক খোদিত কৰা হৈছিল।
৩. এই স্তম্ভৰ ওপৰত তেওঁৰ সম্পূৰ্ণ নাম খোদিত আছে ‘অশোক দেৱানম পিয়াদাচী’। ইয়াৰ অৰ্থ হ’ল- অশোক ভগৱান প্ৰিয় আৰু দেখিবলৈ সুন্দৰ।
৪. অশোকে প্ৰথমে স্তূপ সজাইছিল- সেইবোৰ ঘূৰণীয়া, ডাঙৰ পকী ঘৰ, যাক বৌদ্ধধৰ্মৰ লোকসকলে পবিত্ৰজ্ঞান কৰে। বিশ্বৰ সবাটোকৈ পুৰণি স্তূপ আজিও মধ্যপ্ৰদেশৰ সাচী’ত দেখিবলৈ পোৱা যায়।
৫. মৌৰ্যকালৰ মানুহে কি খাইছিল? তেওঁলোকে যিবোৰ খাইছিল – সেইবোৰ আজিও খোৱা হয়। যেনে –পিঠা, চাউল, গাখীৰৰ খীৰ বা পায়স, ৰুটি, পুৰী, ঘী, দৈ আৰু আমৰ আচাৰ।
৬. তেওঁলোকে তিনিধৰণৰ কাপোৰ পিন্ধিছিল। শৰীৰৰ তলৰ অংশত ধূতি বা লুঙীৰ দৰে বান্ধি পিন্ধিছিল। দেহ বন্ধন যাক শৰীৰৰ তলৰ অংশ কমৰত অৰ্থাৎ ককাঁলত বান্ধি ৰখাৰ বাবে ব্যৱহাৰ কৰিছিল আৰু ওপৰ অংশত এখন দীঘল কাপোৰ আছিল যাক চাদৰৰ দৰে শৰীৰৰ উপৰি ভাগত মেৰিয়াই লোৱা হৈছিল।





