Puchku’s Book Love

Puchku’s Book Love: A Story About Reading and Imagination

Puchku’s Book Love is a heartwarming children’s story about reading habits, books, and the magic of imagination.

পুচকুৰ কিতাপ

“পুচকু, গা ধুই আহাঁ!”

Thank you for reading this post, don't forget to subscribe!

“পুচকু, ভাতখিনি খোৱা!”

                                “পুচকু, স্কুললৈ যোৱা!”

“পুচকু, বাছত উঠা!”

“পুচকু, হোমৱৰ্কখিনি কৰা!”

“পুচকু ক’ত?”

পুচকু এতিয়া ব্যস্ত হৈ আছে।

তাইৰ এখন কিতাপ পঢ়িবলৈ আছে।

পুচকুৱে দিনটোৰ বেছিভাগ সময় পঢ়িয়েই কটায় – ঘৰত, বিদ্যালয়ত, উদ্যানত আনকি বিচনাতো।

পৃষ্ঠাৰ পিছত পৃষ্ঠা, কিতাপৰ পিছত কিতাপ, ইখনৰ পিছত সিখন, 

তাই আটাইকেইখন কিতাপেই পঢ়ি শেষ কৰিলে।

“পুচকু, তুমিনো সদায় ইমান

কিতাপকে পঢ়ি থাকা কিয়?”, বল্টুৱে সুধিলে।

“আহাঁ, আমাৰ লগত বহি অলপ কাৰ্টুন চাবা!”,

ডোডলাই ক’লে।

“তাতকৈ কিতাপ পঢ়ি কিম্মান যে মজা লাগে!”, পুচকুৱে ক’লে।

“এয়া চোৱা! সেই বৃত্তটো দেখিছানে? আৰু এই সৰল ৰেখা ডাল? ইয়াক ভিতৰলৈ ঠেলি দিয়া, তাক বাহিৰলৈ টানি আনা, আৰু এনেদৰেই আমি পালোঁ এটা আখৰ। এইবাৰ যদি এই আখৰকেইটা একে শাৰীতে ৰাখোঁ, আমি পাম একো একোটা শব্দ! শব্দবোৰ অতি জ্ঞানী, সিহঁতবোৰ আকৌ খুহুতীয়াও হ’ব পাৰে, কেতিয়াবা শব্দবোৰ দুখতো থাকিব পাৰে আৰু

কেতিয়াবা সিহঁত ফূৰ্তিবাজ হ’ব পাৰে। শব্দবোৰ যদি তুমি একেলগে ৰাখা, ইহঁত হৈ পৰে একো একোটা বাক্য।

বাক্যবোৰ তেতিয়া হৈ পৰে কাহিনী। সেইবোৰ পঢ়া আৰু হু…ৰ! 

দেখিবা তুমি সাউৎকৈ অইন এখন জগতত সোমাই পৰিছা!”

আজি পুচকুৰ মনটো কিন্তু ভাল নহয়।

তাই আটাইকেইখন কিতাপ পঢ়ি শেষ কৰিলে!

পুথিভঁৰালত তাই ঢুকি পোৱা প্রতেকখন কিতাপৰ আৰম্ভণিৰ অধ্যায়টোৰপৰা শেষলৈ পঢ়ি শেষ কৰিলে।

“মই এতিয়া কি কৰোঁ? মোৰ যে পঢ়িবলৈ কিতাপেই নাই!”,

পুচকুৱে ইনাই-বিনাই কান্দিবলৈ ধৰিলে।

অ! সৌবোৰ কি?

পুচকুৱে ওপৰলৈ চাই দেখিলে,

ওপৰত এটা নহয়, দুটা নহয়,

তিনিটা থাকত কিতাপ ঠাহ খাই আছিল।

“আৰু ইমানবোৰ কিতাপ!”, পুচকুৰ কি আনন্দ!

কিন্তু সমস্যা হ’ল, তাই বৰ চাপৰ, আকৌ কিতাপৰ আলমাৰিটো আছিল বৰ ওখ।

পুচকুৱে এতিয়া কিদৰে ওপৰলৈ উঠি যাব?

তাই কি কাপোৰ মেলি দিয়া ৰছী ব্যৱহাৰ কৰিব নেকি?

নে তাই মাৰ শাৰীখনত ধৰি বগাই যাব?

নে কোঠাটোত থকা চকী আৰু মেজবোৰ

জোৰা লগাই উঠিব পাৰিব?

মোৰ লগত যদি এটা জিৰাফ নাইবা বান্দৰ থাকিলেহেঁতেন সিহঁতৰ কোনোবা এটাই মোক কিতাপকেইখন নমোৱাত সহায় কৰিব পাৰিলেহেঁতেন। নাইবা দুয়োটাই!

পুচকুৰ মূৰত এটা বুদ্ধি খেলালে। তাই বল্টু আৰু ডোডলাক সহায় কৰিবলৈ মাতি আনিলে।

Puchku’s Book Love

সিহঁতে যিমান পাৰে সিমান মনে মনে এজনে আনজনৰ ওপৰত উঠিল।

“বল্টু, তোমাৰ ওজন বৰ বেছি।“, ডোডলাই বিৰক্ত হৈ ক’লে, “তোমাক মই সেই শেষৰটো ৰসগোল্লা খাবলৈ বাধা দিছিলোঁ নে নাই!”

“মই নহয় অ’, পুচকুৰ ওজন এইয়া”, বল্টুৱে ফুচফুচাই ক’লে।

“ৰ’বা ৰ’বা, ইমান কথা নক’বা, ঢুকি পাইছোঁৱেই!”, পুচকুৱে ক’লে। 

তেতিয়াই সকলো ওলট-পালট হৈ গ’ল।

আআআআআ!

তেনেতে পুথিভঁৰালৰ ওখ বাইদেউ গৰাকীয়ে আহি সুধিলে, “তোমালোকে ইয়াত কি কৰিছা?”

তেওঁ পুচকুক তললৈ নমাই আনিলে!

বল্টু আৰু ডোডলাই ভয়তে পলাই পত্ৰং দিলে!

পুচকুৱে তাইৰ হাতেৰে প্রায় ঢুকি পোৱা কিতাপখিনিৰ ফালে দুখমনেৰে চাই আছে।

“মোক কোৱা কি লাগিব তোমাক!”, বাইদেউ গৰাকীয়ে সুধিলে।

“মই কিতাপৰ থাকবোৰৰ ওপৰলৈ বগাবলৈ চেষ্টা কৰিছিলোঁ। 

মোৰ পঢ়িবলৈ এখনো কিতাপ নাই।”, পুচকুৱে দুখেৰে ক’লে।

“তুমি মোক আগতেই কিয় নক’লা?”, ওখ বাইদেউ গৰাকীয়ে 

ক’লে। “মই থাকোঁতে কিহৰ চিন্তা? তোমাক মই লৈ দিওঁনে?” 

পুচকুৱে মূৰ দুপিয়ালে।

“মই এইখন, সেইখন আৰু এইখনো ল’ম!”, পুচকুৱে আনন্দ মনেৰে ক’লে। “ধন্যবাদ!”

“এইখনো লোৱা”, বাইদেউ গৰাকীয়ে ক’লে, “মই সৰু থাকোঁতে এইখন কিতাপ বৰ ভাল পাইছিলোঁ।”

“আপুনিও কেতিয়াবা সৰু আছিল?”, 

পুচকুৱে সুধিলে।

“আছিলোঁতো! আনকি তোমাতকৈও সৰু”, 

ওখ বাইদেউ গৰাকীয়ে ক’লে। 

“কিন্তু, লাহে লাহে মই ডাঙৰ 

হ’লোঁ, তুমিও হ’বা এদিন। 

তেতিয়ালৈ তোমাক যিকোনো 

কিতাপৰ প্ৰয়োজন হ’লে মোক খুজিবা 

দেই। মই তোমাক দি দিম।”

পুচকুৱে পিছে এই কথাষাৰ শুনিলেনে?

নাই, তাই একেবাৰেই নাই শুনা!

তাই তাইৰ কিতাপখনৰ বৃত্ত আৰু সৰল ৰেখা,

ইটোৰ পিছত সিটো আখৰ,

ইটোৰ পিছত সিটো শব্দ,

ইটোৰ পিছত সিটো বাক্য,

আৰু তাৰ পিছত এটা কাহিনীৰ মাজত ইতিমধ্যেই হেৰাই গ’ল।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story