Behind the Lies

Behind the Lies: A Powerful Short Story on Domestic Violence and Silent Suffering

Behind the Lies reveals a touching short story about domestic violence, hidden pain, and hope through courage and support.

মিছাৰ আঁৰত

দেউতাক কামলৈ ওলাই যোৱাৰ পিছত ৰমেশে ভঙা আয়নাৰ টুকুৰাবোৰ উঠালে আৰু ৱাল্লীয়ে চাহ কৰিবলৈ গ’ল।

Thank you for reading this post, don't forget to subscribe!

কাঢ়া মিঠা চাহকাপ কৰিবলৈ ইতিমধ্যেই শিকি পেলাইছিল। চাহত শোহা মৰাৰ মাজতে আম্মাই গৰম গিলাছটোৰে তেওঁৰ টনটনাই থকা কপালত আৰু ফুলি থকা গালখনত সেক দিলে।

মই পৰিছিলোঁ। উজুটি খাই পৰি গৈছিলোঁ। মোৰ হাতৰপৰা গিলাছটো পৰি চূৰ্ণ বিচূৰ্ণ হৈ গ’ল। এইবোৰেই আছিল আম্মাই সচৰাচৰ দিয়া অজুহাত।

তেওঁ কোৱা কথাবোৰ কিমান সত্য আছিল কোনেও বিচাৰ কৰি চোৱা নাছিল। আনকি মাকৰ এই মিছা কথাবোৰ যেতিয়া সৰু ল’ৰা-ছোৱালীহালেও বাৰে বাৰে ক’বলৈ লৈছিল, তেতিয়াও কোনেও নজৰ নিদিছিল।

সিহঁতৰ চুবুৰীৰ দোকানখনৰ মালিক মুৰুগানে সুধিলে, “আৰে, কি হ’ল, একেৰাহে তিনিদিন তুমি পাওৰুটি কিনিছাযে?”

দোকানত সেইদিনা ৰাতিপুৱা বেছি গ্রাহক নাছিল বাবে ৱাল্লীৰ সামগ্রীসমূহৰ হিচাপ বহীত লিখি থকাৰ সময়তে তেওঁ ৱাল্লীৰ লগত কথা পাতিলে।

“তোমাৰ মাৰ গা এতিয়াও বেয়া নেকি? তেওঁ যদি এতিয়াও ৰন্ধা-বঢ়া কৰিব পৰা নাই, তোমালোকে তেওঁক এবাৰ ডাক্টৰৰ ওচৰলৈ লৈ যাব নালাগিছিল জানো?”

ৱাল্লীয়ে হুমুনিয়াহ কাঢ়ি ক’লে “এইটো তেনেকুৱা বেমাৰ নহয় অ’ মুৰুগন ককাইদেউ।”

তাইৰ কথা শুনি মুৰুগনে আকৌ সুধিলে, “তেন্তে কেনেকুৱা বেমাৰ?”

ৱাল্লিয়ে মাকৰ মিছা কথাটোকে পুনৰাবৃত্তি কৰি কলে, “তেওঁ হাতত বৰ বেয়াকৈ দুখ পালে। ৰাস্তাত পিচলি একেবাৰে কান্ধখনত ভৰ দি পৰি গৈছিল।”

কিন্তু তাইৰ চকুযুৰিয়ে আন কিবাহে কৈ আছিল। যদিও তাই মুৰুগনৰ চকুত চকু থৈ কথা ক’ব পৰা নাছিল, মুৰুগনে সহজ হ’ব পৰা নাছিল। কিবা এটা যেন তেওঁৰ ঠিক ল’গা নাছিল।

সেইদিনা সন্ধিয়া ঘৰলৈ গৈ কথাটো তেওঁ ঘৈণীয়েক চাৰচাৰ লগত আলোচনা কৰিলে। চাৰচাৰ পৰা ৱাল্লীৰ মাক মিনাক্ষীৰ বিষয়ে সঁচা কথাটো শুনি তেওঁ আচৰিত হ’ল।

“তেওঁ উজুতি খোৱা বা পৰি যোৱা নাই। এয়া তেওঁৰ ৰাক্ষসস্বৰূপ গিৰিয়েকৰ কাম। গিৰিয়েকক দেখিলেতো এনে লাগে যেন সি মাখি এটাও নামাৰে। কিন্তু সেইখন এখন মুখা। বেচেৰী মিনাক্ষীজনী – ল’ৰা-ছোৱালীহালক সুৰক্ষা দিবলৈ তাৰ মাৰ-কিলবোৰ নিজে গাত পাতি লয়।”

কথাবোৰ শুনি মুৰুগন বৰ চিন্তাত পৰিল আৰু ক’লে, “মইতো এইবোৰ কথা গম পোৱা নাছিলোঁ। তুমি মোক আগতে কোৱা নাছিলা কিয়? আমি কিবা এটা ব্যৱস্থা কৰিব লাগিছিল।”

যিয়েই নহওক, আমি দুয়োটা পৰিয়াল বছৰ বছৰ ধৰি একেটা চুবুৰীতে একেলগে বাস কৰি আছোঁ। মিনাক্ষী আৰু ল’ৰা- ছোৱালীহালে এনেকৈ ভুগি থকাটো চাই থাকিব নোৱাৰি।

চাৰচাই আচৰিত হৈ সুধিলে, “তাৰমানে তুমি এইবোৰ কেতিয়াও মন কৰা নাই? মিনাক্ষীৰ আঁচোৰৰ চিনবোৰ? কেই সপ্তাহমান আগতে তেওঁৰ কাটি যোৱা ওঁঠটো? এইবোৰ দেখি মোৰ মনটো খুব বেয়া লাগে। কিন্তু আমি কৰিবই বা পাৰোঁ কি? আমি হস্তক্ষেপ কৰিলে পৰিস্থিতি আৰু বেয়ালৈহে ঢাল খাব পাৰে।”

মুৰুগানে কিবা এটা কৰাৰ আগতে দ’কৈ ভাবিবলৈ ধৰিলে – কিদৰে মিনাক্ষী আৰু ল’ৰা-ছোৱালীহালৰ বাবে পৰিস্থিতি অধিক বেয়া নোহোৱাকৈ তেওঁলোকক সহায় কৰিব পাৰি।

কিছুদিনৰ পিছতে মুৰুগানে কৰিব বিচৰা সহায় আহি ৱাল্লীৰ ঘৰত উপস্থিত হ’লহি – এমোকোৰা হাঁহিৰে খাকী পোছাক পৰিহিত এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত।

কমবয়সীয়া মহিলা আৰক্ষী বিষয়াগৰাকীয়ে প্রথমে নিজৰ পৰিচয় দি ক’লে, “মই উপ-পৰিদৰ্শক জয়া। মুৰুগন মামাই এপাক আপোনাক লগ কৰিবলৈ কৈছিল। আজি মোৰ কৰ্তব্য সোনকালে শেষ হ’ল। সেয়েহে ঘৰলৈ যাওঁতে ইয়াতে সোমালোঁ।”

Behind the Lies

সৌভাগ্যবশত: ৱাল্লীৰ আপ্পা (দেউতাক) সিদিনা ঘৰত নাছিল। দেউতাক ঘৰত থাকিলে তিনিও ভয়ত কঁপি থাকিবলগীয়া হয়। দেউতাকৰ হিংস্র খংটো উঠাৰ ভয়তে তেওঁলোকে কোনো কামেই নিৰ্ভয়ে কৰিব নোৱাৰে।

মিনাক্ষীয়ে ল’ৰা-ছোৱালীহঁতক সদায় কাকূতি কৰে, “দেউতাৰাৰ খং উঠাই নল’বা দেই।”

“ৰমেশ, গান নাগাবাচোন! ৱাল্লী, বলটো নদলিয়াবানা!”

উপ-পৰিদর্শক জয়াই ল’ৰা-ছোৱালীহালৰ কথাবোৰ ধৈর্য্যৰে মন দি শুনিলে। তাৰ পিছত তেওঁ মাকৰ সৈতে সৰু সৰু মাতেৰে দীঘলীয়াকৈ কথা পাতিলে। ল’ৰা-ছোৱালীহালে সেইখিনি সময়ত স্কুলত ঘৰত কৰিবলৈ দিয়া কামত ব্যস্ত হৈ আছিল।

যোৱাৰ সময়ত জয়াই তাইৰ ফোন নম্বৰটো যেনে-তেনে লিখি থ’বলৈ ক’লে, আৰু এনেকৈ কথা দিলে, “তোমালোকে যিকোনো সময়তে মোক এইটো নম্বৰত ফোন কৰিব পাৰা – দিনতেই হওক বা ৰাতিয়েই হওক। যদি মই নিজে আহিব নোৱাৰোঁ, মই কেইমিনিটমানৰ ভিতৰতে আন পহৰাদাৰী আৰক্ষী বিষয়াক তোমালোকৰ ওচৰলৈ পঠিয়াই দিম।”

আম্মাই তেনেতে মাত লগালে, “মোৰ লগত ফোন নাই নহয়। মোৰ স্বামীয়ে মোক ফোন ল’বলৈ নিদিয়ে।”

জয়াই তথাপি নিজৰ ফোন নম্বৰটো আম্মাৰ হতুৱাই লেখালে।

বাইকত উঠি বিদায় লোৱাৰ আগে আগে জয়াই ক’লে, “এনে এক ভয়ংকৰ পৰিস্থিতিৰ কাৰণে আপুনি জগৰীয়া নহয়”। এনে হিংস্রতাক ডাঙৰ কথা নহয় বুলি সহ্য কৰি নাথাকিব। আপোনালোক তিনিওৱে নীৰৱে ইয়াক স্বাভাৱিক বুলি মানি লোৱাটো উচিত নহয়। “আৰু মিনাক্ষী, তুমি আমি আলোচনা কৰা কথাখিনিৰ বিষয়ে ভালদৰে ভাবিবা আৰু মই দিয়া পৰামৰ্শমতে কাম কৰিবা।”

জয়া যোৱাৰ পিছত ৱাল্লীয়ে মাকক সুধিলে, “আম্মী, জয়াই কি বুজাব খুজিছিল বাৰু?”

“উপ-পৰিদর্শকগৰাকীয়ে মোক পৰিয়ালৰ কোনোবা এগৰাকীলৈ লিখি আমাৰ সমস্যাবোৰ জনাবলৈ দিহা দিছে। তেওঁ কৈছে যে সমস্যাবোৰ এনেদৰে লুকুৱাই থোৱাতকৈ আমাৰ কোনো শুভাকাংক্ষীৰ সৈতে আলোচনা কৰাটো ভাল। তেখেতে আৰু কৈছে যে ইচ্ছা কৰিলে মই আৰক্ষী চকীত অভিযোগ দাখিল কৰিব পাৰোঁ। কিন্তু কি কৰিলে ভাল হ’ব মই ধৰিব পৰা নাই। এইবোৰে আমাক কিবা সহায় কৰিব জানো?”

ৰমেশে বিমৰ্ষ হৈ মূৰ দুপিয়ালে। সি এইকেইদিনত উদাস আৰু সকলোৰে প্রতি সন্দিহান হৈ উঠিছে। যিদিনাই সি মাকক ৰক্ষা কৰিবলৈ দৌৰি গৈছিল সেইদিনাৰপৰা সিও দেউতাকৰ ৰোষত পৰিছে।

“উপ-পৰিদর্শকগৰাকীয়ে নিশ্চয় আমাক তেওঁৰ ব্যক্তিগত নম্বৰ দিয়া নাই। লাগিলে নম্বৰটোত যোগাযোগ কৰিবলৈ চেষ্টা কৰি চোৱা।” সি মাক আৰু ভনীয়েকক একপ্রকাৰে প্রত্যাহবান জনাই বিৰক্তিৰে ক’লে, “মই এটা ডাঙৰ চকলেটৰ বাজি লগাই কৈছোঁ, সেই নম্বৰত ফোন কৰিলে তোমালোকে এটা বাণীবদ্ধ বার্তাহে শুনিবলৈ পাবা। কোনো মানুহে ফোনটো নুঠায়।”

“তেন্তে আমি প্রথমে কাৰোবালৈ চিঠি লিখোঁ দিয়া। পাতিলৈ (আইতালৈ) লিখাই ভাল হ’ব নেকি?” ৱাল্লীয়ে জানিছিল যে আপ্পাই তেওঁৰ মাকক অলপ ভয় কৰিছিল।

কিছুদিনৰ পিছত আম্মাই পাতিলৈ চিঠি এখন লিখি পঠিয়ালে। তাৰপাছত তিনিও তেওঁৰ উত্তৰলৈ অতি আগ্রহেৰে বাট চালে।

পাতিয়ে আমাৰ ঘৰলৈ অহা হ’লে ভাল আছিল। তেওঁ যদিও অলপ বেচি শাসন কৰে, তেওঁ আহিলে সিহঁতে বৰ ৰং পায়। কিয়নো তেওঁ ঘৰতে বনোৱা বহুত খোৱা বস্তু লৈ আহে।

ৱাল্লীৰ চুলিকোছা তেওঁ সদায় নতুন নতুন ৰূপত সজাই দিয়ে আৰু সৰু পথটোত সিহঁতৰ লগত ক্রিকেট খেলে। মাজে সময়ে আম্মায়ো সিহঁতৰ সৈতে খেলে। ঘৰত পাতি আৰু ৰমেশে একেলগে গান গায়। দেউতাকে বিৰক্ত হ’লেও পাতি থকাৰ বাবে নিজৰ খংটো নিয়ন্ত্রণ কৰে।

নিশ্চয় ক’ব, সিহঁতৰ আইতাকে আপ্পাক বুজাই ক’ব যে তেওঁৰ হিংস্রতা একেবাৰে গ্রহণযোগ্য নহয়।

দুসপ্তাহ পাৰ হৈ গ’ল। পাতিৰ পৰা একো উত্তৰ নাপাই তিনিও বৰ চিন্তিত হ’ল। দুখ মনেৰে ভাবিবলৈ ধৰিলে – এতিয়া কি কৰা যায়!

আপ্পা ক’ৰবালৈ গৈছিল। ঘূৰি আহোঁতে সিহঁতৰ বাবে এটা খবৰো লৈ আহিলে।

নিৰ্বিকাৰ হৈ তেওঁ ক’লে, “কিছুদিনৰ আগতে মায়ে মোক ফোন কৰিছিল। তেওঁ হেনো কাইলৈ ইয়ালৈ আহিব। আমাৰ সৈতে কেইমাহমান থাকিব বিচাৰিছে। কেইমাহমান! কিয় আহে মই বুজি পোৱা নাই। হো লোৱা…” তেওঁ অলপ টকা পাকঘৰৰ মেজলৈ দলিয়াই দি আকৌ ক’লে, “দোকানৰ বিলখিনি পৰিশোধ কৰিবা আৰু মাহৰ বজাৰ কৰোঁতে মাৰ প্রিয় কফিবিধ আনিবলৈ নাপাহৰিবা।”

খঙত জোৰেৰে দুৱাৰখন বন্ধ কৰি তেওঁ ওলাই যোৱাৰ লগে লগে ল’ৰা-ছোৱালীহালে ফূৰ্তিত জঁপিয়াই উঠিল।

ৰমেশে মাকক খাটনি ধৰিলে, “তাৰপৰা অলপ টকা আমাক মিঠাই কিনিবলৈ দিয়ানা, আম্মা!” আম্মাই সন্মতি দিলে। তেওঁৰ মুখৰ আধাফুটা হাঁহিটো যেন সিহঁতৰ বাবে টকাখিনিতকৈও মূল্যৱান হৈ পৰিছিল।

বিদ্যালয়লৈ গৈ থাকোঁতে ৱাল্লীয়ে ৰমেশক মুৰুগনৰ দোকানৰ সন্মুখত ৰ’বলৈ ক’লে। উপ-পৰিদৰ্শক জয়া সিহঁতৰ ঘৰলৈ অহাৰ পিছৰে পৰা মুৰুগনে যেতিয়াই পাৰে সিহঁতৰ লগত কথা পাতিব বিচাৰিছিল। সিহঁতে দোকানত সোমাওঁতে তেওঁ ব্যস্ত আছিল; গতিকে ৱাল্লীয়ে ৰমেশক মিঠাই ৰখা ঠাইখিনিলৈ হেচুকি লৈ গ’ল।

তাই দাবীৰ সুৰত ৰমেশক ক’লে, “তুমি আন কিবা কিনি টকাখিনি খৰচ কৰাৰ আগতে মোৰ ডাঙৰ চকলেটটো কিনি দিয়া, কিয়নো বাজিত ময়েই জিকিম।”

ৰমেশে যে উপ-পৰিদর্শক জয়া অহাৰ দিনা বাজি লগাইছিল মনত পেলাবলৈ তাক অলপ সময় লাগিল। সি হাঁহিলে আৰু ভনীয়েকক খৰধৰ কৰিবলৈ ক’লে। বস্তুখিনি বাচি লোৱাৰ পাছত ৱাল্লীয়ে মুৰুগনৰ ওচৰ পালেগৈ আৰু তেওঁৰ ফোনটো ব্যৱহাৰ কৰি এটা ফোন কৰিব পাৰিব নেকি সুধিলে। তাই জয়াৰ নম্বৰটো টিপিলে।

এটা চিনাকি মাতে সেইফালৰ পৰা উত্তৰ দিলে, “অ মুৰুগন মামা, কোৱা।”

ৱাল্লীয়ে বুঢ়া আঙুলিটো উলিয়াই জোকাৰি জোকাৰি ৰমেশৰ ফালে দেখুৱাই দিলে। ইংগিতেৰে তাক বুজাই দিলে যে আৰক্ষী বিষয়াগৰাকীয়ে ফোনৰ উত্তৰ নিদিব বুলি কৰা তাৰ ধাৰণাটো ভুল।

“জয়াবা, মই ৱাল্লীয়ে কৈছোঁ।”

জয়াই অলপ শংকিত হৈ সুধিলে, “সকলো ঠিকে আছেনে, ৱাল্লী? কিবা সহায় লাগিব নেকি বাৰু?” “আমি সকলো ঠিকে আছোঁ, বা। মোৰ পাতি আমাৰ লগত কেইমাহমান থকাকৈ আহিব। তাকে জনাবলৈ মই ফোন কৰিছো।

আম্মাই আপ্পাৰ বিষয়ে আৰু ইয়াত পৰিস্থিতি কিমান বেয়া আছিল সকলো লিখি তেওঁলৈ চিঠি পঠিয়াইছিল।”

“বা:, এয়াতো বহুত ভাল খবৰ! এতিয়া মোক কেনেকৈ যোগাযোগ কৰিব পাৰি তুমিও জানা, নহয় জানো? যিকোনো সময়তে তোমাক সহায়ৰ প্রয়োজন হ’লে মোক ফোন কৰিবাদেই।”

ফোনটো কৰি উঠাৰ পিছত মুৰুগনে বহু প্রশ্নৰ উত্তৰ পাই গ’ল। আৰু ল’ৰা-ছোৱালীহালে চকলেটৰ বাকলিটো গুচাই গুচাই দোকানৰপৰা ওলাই আহিল।

ৱাল্লীৰ মনটো বহুত পাতল পাতল লাগিল – সিহঁতে ভগাই খোৱা চকলেটটোৰ বাবে নহয়, আনকি তাই ককায়েকৰপৰা আৰু এটা চকলেট আদায় কৰিবলৈ সক্ষম হোৱাৰ বাবেও নহয়।

বৰং এইকাৰণেহে তাইৰ মনটো ভাল লাগিছিল যে আজি বহুদিনৰ মূৰত ৰমেশে বিদ্যালয়লৈ খোজ কাঢ়ি গৈ থাকোঁতে গুণগুণাই গান গাই গৈছিল।

নিজৰ ঘৰত ঘটা হিংসাত্মক ঘটনাৰ লগত শিশুৱে কিদৰে মোকাবিলা কৰিব

খুব গালি-গালাজ কৰি থকা আৰু হিংস্র স্বভাৱৰ মাক-দেউতাকৰ লগত বাস কৰা সৰু ল’ৰা- ছোৱালীবোৰ প্রায়ে ভয়াতুৰ, খঙাল বা লাজকুৰীয়া হোৱা দেখা যায়। এয়া স্বাভাৱিক। যদি তোমাৰ চিনাকি কোনোবা এনে পৰিস্থিতিত আছে, তেন্তে তুমি তেওঁক তলৰ কথাখিনি জনাবা।

হিংস্রতাক নীৰৱে সহ্য কৰা অনুচিত।

সকলো শিশু আৰু প্রাপ্তবয়স্ক লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ ভিতৰত, নিৰাপদে থকাৰ অধিকাৰ আছে 

হিংসাৰ বাবে কেতিয়াও শিশুটো জগৰীয়া নহয়। শিশুৰ ব্যৱহাৰ বা কাম হিংসাৰ কাৰণ হ’ব নোৱাৰে।

ঘৰুৱা হিংসা এক অপৰাধ। ঘৰুৱা হিংসাৰ বিষয়ে যদি অভিযোগ দাখিল কৰা হয়, তেন্তে ভাৰতীয় আইনে শিশু আৰু মহিলাক সুৰক্ষা প্রদান কৰে। তেনে অপৰাধৰ বাবে দোষীক শাস্তি বিহা হয়।

কোনো শিশুৱে যদি নিজে তেনে দুৰ্ব্যৱহাৰৰ বিষয়ে অভিযোগ দিবলৈ অপাৰগ হয়, তেওঁৰ বন্ধু- বান্ধৱী আৰু সহপাঠীয়ে তেওঁক এনেদৰে সহায় কৰিব পাৰে-

কোনো বিশ্বাসী মানুহৰ লগত সমস্যাটো আলোচনা কৰি কিবা এটা কৰাত আগভাগ ল’বলৈ পৰামৰ্শ দিয়া। ককা, আইতা, খুড়া-খুড়ী, ঘৰৰ ওচৰৰ কোনো লোক বা বিদ্যালয়ৰ প্রধান শিক্ষকো তেনে বিশ্বাসী ব্যক্তি হ’ব পাৰে।

নিজৰ মাক-দেউতাকৰ লগত সমস্যাটো আলোচনা কৰি এই বিষয়ত তেওঁলোকৰ সহায় বিচাৰা।

যদি প্রয়োজন হয়, তেওঁলোকৰ হৈ ১০৯৮ত ফোন কৰা। এই ২৪ ঘণ্টীয়া চাইল্ডলাইন সেৱা গোটেই ভাৰতবর্ষৰ যিকোনো প্রান্তৰ পৰা যিকোনো শিশু বা বয়স্ক লোকে ব্যৱহাৰ কৰিব পাৰে। ই কোনো শিশু বা ঘৰতে থকা বয়স্ক লোকে নির্যাতন বা হিংসাৰ বলি হ’লে তৎকালীনভাৱে সহায় আগবঢ়ায়।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story