A Tale of Friendship

A Tale of Friendship Between Two Worlds

A Tale of Friendship that shows how trust, kindness, and courage unite two different worlds into one shared home.

ওপৰৰ জগত, তলৰ জগত

দেওবৰীয়া আবেলিবোৰ ফাটিমাৰ বৰ প্রিয়। বীন আৰু কোফ্‌টাৰে দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত তাইৰ মাকে তেওঁৰ প্রিয় চকীখনত বহি বাতৰিকাকত পঢ়িবলৈ ধৰে আৰু দেউতাকে লাহেকৈ এঘুমটি মাৰিবলৈ যায়।

Thank you for reading this post, don't forget to subscribe!

তেনে সময়ত ফাটিমাই তাইৰ কিতাপখন লৈ ঘৰৰ ওচৰতে থকা সুন্দৰ সেউজীয়া অৰণ্যখনলৈ লৰ মাৰিব পাৰে। সেই সময়ত অৰণ্যৰ আন জীৱ- জন্তুবোৰো যিহেতু শুই পৰে, অৰণ্যৰ গছ-গছনিৰ নি:শব্দ আলিংগনৰ আমেজ তাই বহি বহি অকলেই উপভোগ কৰিব পাৰে।

ফাটিমাই হাবিখনত থকা অৰ্জুন গছজোপাৰ ছাঁতে বহি, পাতেৰে ভৰি থকা ওপৰৰ পৃথিৱীখনলৈ ৰ’লাগি চাই থাকিল। তাইৰ মাকে প্রায়ে তাইক গছৰ ডালবোৰত নবগাবলৈ সঁকীয়াই দিয়ে। তলৰ ঠাইখিনিয়ে সুৰক্ষাজনক হ’লেওঁ তাই নাজানিছিল ওপৰৰ ভয় লগা পৃথিৱীখনত কি আছিল।

কিন্তু সিদিনাখন ফাটিমাই খুব আচৰিত হ’ল। তাই কিতাপৰ পাত এখিলা লুটিয়াইছিলহে, তেনেতে তাই মূৰত থপ্‌কৈ কিবা এটা আহি পৰিল।

আঃ বুলি চিঞৰি তাই মূৰত দুখ পোৱা ঠাইখিনি মোহাৰি দিলে। এয়া এটা মটৰ মাহৰ সমান আকাৰৰ এখন সৰু কিতাপহে দেখোন।

ফাটিমাই ওপৰলৈ চাই দেখিলে যে এটা সৰু নোমাল জন্তুৱে এটা ডাঙৰ ডালৰ পিছফালে লুকাবলৈ চেষ্টা কৰিছে।

“হেৰা, এই কিতাপখন তোমাৰ নেকি বাৰু?” তাই ওপৰৰ জগতলৈ ভুমুকিয়াই চাই সুধিলে। পিছে কোনো উত্তৰ নাহিল।

মটৰমাহটোৰ সমান কিতাপখন ওপৰৰ জগতত বাস কৰা গোপা নামৰ সৰু এন্দুৰ এটাৰ আছিল। 

শুকান কোমল পাত আৰু গছৰ সৰু লাহী- পাহি ঠালেৰে সজা গোপাৰ সৰু ধুনীয়া ঘৰটোও সেই অর্জুন গছজোপাৰ ওপৰতে আছিল।

সৰু এন্দুৰটোৱে প্রায়েই ফাতিমাক পঢ়ি থকা দেখিছিল, আৰু তাইৰ চুলিত লগাই থোৱা হালধীয়া ৰঙৰ ফিটাদাল খুবেই ভাল পাইছিল।

কিন্তু গোপাৰ মাকে তাইক তলৰ জগতখনৰ বিষয়ে ভয়লগা কথা কৈ সাৱধান কৰি থৈছিল। 

অকল তাই নহয়, ওপৰজগতৰ সকলো প্রাণীয়ে তলৰজগতৰ ফাতিমা আৰু আন মানুহবোৰে নেদেখাকৈ থাকিবলৈ চেষ্টা কৰিছিল।

সেই দেওবাৰৰ দিনা গোপাই তাইৰ সেউজীয়া পাতেৰে ভৰা ঝুলনাখনত দুলি- দুলি পঢ়ি আছিল। তাই পঢ়ি-পঢ়ি গৈ একেবাৰে শেষৰ পৃষ্ঠাটো লুটিয়াব লওঁতে হঠাৎ জোৰেৰে বতাহ এজাকে তাইৰ সৰু নোমাল হাতখনৰ পৰা কিতাপখন উৰুৱাই লৈ যায়। কিতাপখন গছৰ ডালবোৰত খুন্দা খাই তলতে বহি থকা ফাটেমাৰ মুৰতে থেক্ কৈ এটা শব্দ কৰি পৰে গৈ। 

গোপাৰ নেজডাল কঁপি উঠিল আৰু কাণ দুখন জোকাৰ খাই উঠিল। তাই খৰ-খেদাকৈ দর্জাখনৰ খিলিটো লগাই মনতে ভাবিলে যে ওপৰজগত আৰু তলৰ জগতৰ মিলন হোৱাটো একেবাৰে উচিত নহয়। 

ফাটিমাই গছৰ ওপৰলৈ বগাই ন’গৈ সৰি পৰা কিতাপখন জুমি জুমি পঢ়িবলৈ চেষ্টা কৰি থাকিল। কিন্তু আখৰবোৰ খুবেই সৰু আছিল। অৱশেষত তাই কিতাপখন সেই ছাঁ সদৃশ নোমাল প্রাণীটোক ঘূৰাই দিয়াৰ সিদ্ধান্ত ল’লে। 

ফাটিমা বৰ বুধিয়ক আছিল। পিছৰটো দেওবাৰে তাই পাঁচটা টিকটিকিয়া ৰঙা বেলুন ফুলাই লৈ নিজৰ ককাঁলত বান্ধি ল’লে আৰু চাই থাকোতেই তাই ভাঁহি ভাঁহি ওপৰলৈ যাবলৈ আৰম্ভ কৰিলে – ওপৰজগতলৈ। 

চাওঁতে-চাওঁতে ফাটিমাই ওপৰৰ ফালে গৈ গৈ একেবাৰে গছৰ আগ চুলেগৈ।

গোপাই তাইৰ নোমাল নেজডাল ফণিয়াই থাকোতে হঠাৎ উজ্বল ৰঙা বেলুনকেইটা মন কৰিলে। 

 তাই উত্তেজিত হৈ উঠিল “অ’হ, বেলুন! হয়টো আজি কাৰোবাৰ জন্মদিন,” কিন্তু এয়া কি? 

টিকটিকিয়া ৰঙা বেলুনকেইটাৰ লগতচোন এইয়া মূৰত হালধীয়া ফিটা মৰা ছোৱালীজনী। 

তাকে দেখি গোপাই জোৰে চিঞৰি উঠিল “দৌৰা, দৌৰা, পলোৱা! তলৰ জগতৰ মানুহবোৰ আহিছে।”

কিন্তু ফাটিমা তাৰ আগতে গৈ তাত উপস্থিত হ’ল। গোপাক দেখিয়ে ফাটিমাই তাইৰ হাতত থকা কিতাপখন আগবঢ়াই দি সুধিলে, “এইখন তোমাৰ?”

গোপাই পটককৈ কিতাপখন টানি লৈ মিচিকিয়াই এটা হাঁহি মাৰি দিলে। তাকে দেখি ফাটিমাইও খিক খিকাই হাঁহি দিলে। তেনেতে তাই লক্ষ্য কৰিলে যে গোপাই তাইৰ মূৰত মাৰি থকা ফিটা দুডাললৈ ৰ’ লাগি চাই আছে, তাকে দেখি তাই মূৰৰ পৰা এডাল ফিটা খুলি আনি গোপাৰ নেজত বান্ধি দিলে। তাৰ পিছত দুয়ো দুয়োৰো হাতত ধৰি বাহিৰলৈ ফুৰিব ওলাই গ’ল।

ফাটিমা আৰু গোপাই অৰণ্যৰ গছ-গছনিৰ আচ্ছাদনৰ মাজত আৰু তাৰ ভিতৰত থকা ফাঁকবোৰত লৰি-ধপৰি ফুৰিব ধৰিলে। সিহঁতে তলমূৰকৈ শুই থকা বাংকে নামৰ ফল খোৱা বাদুলিটোক জোকাব ধৰিলে। বাংকে এনেবোৰ কথা একেবাৰে ভাল নাপায়। সি বিৰক্তিত ভোৰভোৰালে আৰু ধপধপাই ওচৰৰ আন এটা ডালত পৰিলগৈ। সি মনতে ভাবিলে, “এই পোৱালিকেইটাই মোক আৰু শান্তিত জিৰণি লবলৈ নিদিব”। তেনেকৈ ভাবি ভাবিয়ে সি সপোনলোক গৈ পালে আৰু তাত গৈ ডিমৰু গছত ওলমি গছৰ মিঠা আৰু ৰসাল ফল খোৱাত ব্যস্ত হৈ পৰিল।

ৰ’বলৈ বা সম্ভাষণ জনাবলৈ আহৰি নথকা অতি ব্যস্ত আমাৰলি পৰুৱাৰ দীঘল শাৰীৰ ওপৰেৰে পাৰ হোৱাত গোপাই ফাটিমাক সহায় কৰি দিছিল। ক্ষীণ, দীঘল ভৰি আৰু বেলুন আকাৰৰ গাটো লৈ আমৰলি পৰুৱাবোৰে গোটেই গছডালত পিলপিলাই দৌৰি ফুৰিছিল। 

এই পৰুৱাবোৰে দল বান্ধি কাম কৰি বৰ ভাল পাই । সেইকাৰনে সিহঁতে গছৰ ডাঙৰ পাতবোৰ একেলগে ল’গ হৈ চিলাই নিজৰ বাবে আৰামদায়ক বাহ সাজে।

তাৰপিছত সিহঁতে গৈ থাকোতে হঠাৎ ফিৰকি নামৰ গছৰ ওপৰত থকা ভেকুলীটোক লগ পালে। ফাটিমাই তাৰ পিনে চাই মনতে ভাবিলে 

A Tale of Friendship

“হালধীয়া ভৰি, ৰঙা চকু, আৰু তাৰ গোটেই গাটো নীলা! সি দেখিবলৈ একেবাৰে ৰামধেনুৰ নিচিনা।” ফিৰকিয়ে তাৰ ঠাল-ঠেঙুলিৰ আচ্ছাদনত মানুহ দেখা পাই ইমানেই চক খাই উঠিল যে সি খোপনি হেৰাই পিছলি পৰিবই ধৰিছিল।

সি কোনোমতে ফাটিমাক সম্ভাষণ জনাই, দুপৰীয়াৰ আহাৰ বিচাৰি ফৰিং এটালৈ লক্ষ্য কৰি জপিয়াবলৈ সাজু হ’ল।

ফাটিমাই ক’লে,“মই ভাবিছিলোঁ ভেকুলী অকল তলৰজগততহে থাকে।” সিহঁতৰ ঘৰৰ পুখুৰীটোৰ পাৰৰ ভেকুলীবোৰ খেদি ফাটিমাই বৰ ভাল পায়।

হৰি নামৰ ধনেশ পক্ষী এটাই সিহঁতক দূৰৰপৰা লক্ষ্য কৰি আছিল। হৰিৰ সিহঁতৰ লগত বন্ধুত্ব গঢ়িবলৈ বৰ ইচ্ছা আছিল! হৰি যদিও এটা বন্ধুসুলভ চৰাই কিন্তু তাৰ মাতটো ডাঙৰ হোৱাৰ বাবে হাবিৰ বাকী জন্তুবোৰে তাৰ পৰা আতৰি থাকে। কিন্তু গোপা আৰু ফাটিমাই সেইবোৰ কথাক গুৰুত্ব নিদিলে আৰু তাৰ লগত বন্ধুত্বৰ সম্পর্ক এটা গঢ়ি তুলিলে।

ফাটিমাই ভাবিলে, “ওপৰজগত ইমানও ভয়লগা নহয়চোন। মই যে কি বুৰ্বক আছিলো!”

গোপাইও ভাবিলে, “তলৰ জগতৰ মানুহবোৰ

বেচ ভাল লগা। মোৰ আৰু তেওঁলোকলৈ ভয় নালাগে

“হিচ্ হিচ্” 

গোপাই ক’লে- “অ’হ-অ’হ বৈদ্য চাগে কান্দি আছে।” 

চোকা কাণ দুখনেৰে গোপাই সহজেই শব্দবোৰ শুনা পায়। দুই বান্ধৱীয়ে বেগাই বৈদ্যৰ ওচৰলৈ গ’ল। বৈদ্য হ’ল এডাল বৰ লাজকুৰীয়া সেউজীয়া লতা সাপ।

বৈদ্যৰ ওচৰ পাই গোপাই সুধিলে – “কি হ’ল তোমাৰ?” 

বৈদ্যই উচুপি উঠিল আৰু তাৰ গাৰ বৰণ আনদিনাতকৈ অলপ বেছি সেউজীয়া দেখা হৈছিল। সি কান্দি কান্দি ক’লে, “সিহঁতে মই থকা গছ ডাল কাটি পেলালে।

এতিয়া মই ক’লৈ যাম।” বৈদ্য এতিয়া অঘৰী হৈ পৰিল।সেই কথা শুনি বাংকে, দিপু আৰু আন আন জন্তুবোৰে ঘৰৰ পৰা ওলাই আহিল। বৈদ্যই কান্দি কান্দি ক’বলৈ ধৰিলে “এটা নতুন পকী ৰাস্তা বনাবলৈ মানুহবোৰে মই বাস কৰা গছডাল কাটি পেলালে।” 

সিহঁতৰ ঘৰবোৰ কাটি আছে! কথাটো শুনি ওপৰজগতত বাস কৰা সকলোবোৰ প্রাণী শংকিত আৰু ক্ষোভিত হৈ পৰিল।

তেনেতে গোপাই মাত লগালে “আমি বৈদ্যক এতিয়া সহায় কৰিব লাগিব।” 

ফাটিমা, গোপা আৰু সিহঁতৰ নতুন বন্ধু- বান্ধৱী বোৰ একলগ হৈ বিদ্যৰ বাবে এটা থকা ঘৰ বিচৰাত লাগিল। বহু সময়ৰ অন্তত সিহঁতে এটা আৰামদায়ক গছৰ খোলোং বিচাৰি পালে। ফাটিমাই গছৰ কোমল পাত আৰু বৈদ্যৰ একেবাৰে প্রিয় কমলা ৰঙৰ ফুলেৰে তাৰ ঘৰটো সজাই দিলে।

বৈদ্যৰ নতুন ঘৰটো বৰ পচন্দ হ’ল। আৰু সি কলে “মই বিশ্বাসেই কৰিব পৰা নাই – মোৰ যে ইমানবোৰ বন্ধু- বান্ধৱী আছে! আমি এতিয়া ল’গ হৈ এটা ভোজ ভাতৰ আয়োজন কৰা উচিত।”

কথা মতে কাম। কি সুন্দৰ ভোজ ভাতৰ আয়োজন আছিল সেইটো। সকলোৰে পচন্দৰ খাদ্য আছিল। গোপাৰ কাৰণে বাদাম গুটি, হৰিৰ কাৰণে সুস্ৱাদু ফল, বাংকে টোপনিত ইমানে লাল কাল দি আছিল যে সি একোকে নাখালে আৰু পৰুৱা বোৰে নিজে ঘৰতে চিলোৱা কোমল পাতৰ আসন লৈ আহিছিল। ফিৰকিৰ ফৰিং বোৰ কোনেও বিচৰা নাছিল। ফাটিমাই নিজৰ বেলুনবোৰ লৈ আনিছিল।প্রথমবাৰৰ বাবে ওপৰজগত আৰু তলৰ জগত লগ হৈ এক জগত হৈ পৰিছিল।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story