Avani and the Magical Pea Plant

Avani and the Magical Pea Plant: How a Tiny Pea Became a Garden Surprise

Avani and the Magical Pea Plant tells how a lost pea grows into a tall plant, teaching kids nature, curiosity, and gardening fun.

অৱনী আৰু মটৰমাহৰ গছজোপা

 এদিন অৱনীয়ে পাকঘৰৰ টেবুলত বহি মাকে ৰন্ধা-বঢ়া কৰি থকা চাই আছিল ।

Thank you for reading this post, don't forget to subscribe!

          মাকে ৰান্ধিবৰ কাৰণে কুকাৰটো ঠিক কৰি আছিল ।

        “অৱনী, মটৰখিনি আনি দিয়াচোন,” মাকে ক‘লে ।

   অৱনীয়ে শুকান মটৰৰ চৰিয়াটো টেবুলৰ পৰা মাকক আনি দিলে ।  

   এটা মটৰ চৰিয়াটোৰ পৰা পৰি গ‘ল । অৱনী আৰু মাকে নেদেখিলে !

 মটৰটো টেবুলত পৰি তাৰপৰা চিটিকি গৈ মজিয়াত … আৰু 

গৈ টেবুলৰ তল পালেগৈ ।

       চিকি নামৰ মেকুৰীজনীয়ে         মটৰটো পালে ।

      তাই মটৰটো ঠেলি দিলে ।

      হাতেৰে লৰায়ো চালে ।

      এইবাৰ চেলেকিবলৈ চেষ্টা        কৰিলে ।

       মটৰটো বাগৰি গৈ পাকঘৰৰ দুৱাৰখনৰ ওচৰ পালেগৈ ।

       চিকিয়ে আকৌ ঠেলি দিলে ।

       ই বাগৰি গৈ বাগিছাত পৰিলগৈ ।

    মইনা চৰাই এটাই মটৰৰ  

    গুটিটো দেখিলে ।

    তাই ঠোঁটেৰে ইয়াক খুঁটিয়াই      চালে ।

     কিন্তু ই বৰ টান আছিল ।

    তাই আকৌ এবাৰ খুঁটিয়ালে    । এইবাৰ মটৰ গুটিটো    

     চিটিকি গৈ বিলাহী গছ     

   এজোপাৰ তলত পৰিলগৈ ।

  কেঁচু এটাই মাটিৰ তলৰ পৰা ভুমুকিয়াই চালে । সি মটৰটোৰ ফালে চাই ইয়াত আকৰ্ষণীয় একো নেদেখিলে । সি আকৌ মাটিৰ তললৈ সোমাই গ‘ল ।

           কিছু দিন পাৰ হ‘ল

           বৰষুণ আহিল ।

           মটৰৰ গুটিটো পানীত ভিজি গ‘ল ।

           পানীত ভিজি ই অলপ ফুলি উঠিল ।

           আৰু অলপ ফুলিল ।

           ইয়াৰ এটা মুকুট আৰু এডাল নেজ গজি উঠিল ।

       মুকুটটো মাটিৰ ওপৰলৈ উঠি আহি সূৰ্যৰ কিৰণ বিচাৰিলে ।

      ই অলপ ওখ হ‘ল… আৰু ওখ … আৰু ওখ !

Avani and the Magical Pea Plant

     অৱনীয়ে এদিন বাগিছাত খেলি থাকোতে সেইটো দেখা পালে ।

       “মা ! চোৱাহিচোন !” তাই মাকক  মাতিলে ।

     মাকে ক‘লে,”এইজোপা মটৰ গছ !”

   সিহঁত দুয়ো মটৰৰ গছ জোপালৈ চালে আৰু দুয়ো আচৰিত হ‘ল ।

   মাকে তাইক সুধিলে, এই  জোপা তুমি ৰুইছিলা নেকি ?

   অৱনীয়ে সুধিলে,”নাই  মা, তুমি ৰোৱা নাছিলা জানো ?”

                            তোমালোকেও এবাৰ চেষ্টাা কৰাচোন  !          

            ১।  সৰু পাত্র এটাত মাটি দি তাত এটা গুটি পুতি দিয়া । 

                 পাত্রটোত সদায় পানী দিবা ।

            ২। পাত্রটো ৰ‘দ নপৰা আন্ধাৰ আৰু ঠাণ্ডা ঠাইত থ‘লে 

                 গজালি ওলাব নে ?

             ৩। বিভিন্ন গজালি ওলোৱা মাহ আৰু গুটি স্বাস্থ্যৰ কাৰণে বৰ ভাল ।

             ৪।  তোমালোকে গজালি ওলোৱা কি খাবলৈ ভাল পোৱা ?

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story