The King Who Became a Bird: A Folktale of Suffering and the Sea
মাছৰোকা চৰাই আৰু সমুদ্রৰ কথা
অকোগ্বে দ্বীপৰ দক্ষিণত এজন ৰজাই বাস কৰিছিল।
Thank you for reading this post, don't forget to subscribe!এই ৰজাই জীৱনত কেতিয়াও কোনো ধৰণৰ কষ্ট অনুভৱ কৰা নাছিল ।
আনকি এক মিনিটৰ কাৰণেও তেওঁ কষ্ট নাই পোৱা।
এদিন ৰাতিপুৱা ৰজাই তলমু কৰি কষ্টনো কেনেকুৱা সেই কথাকে ভাবি আছিল ।
“মোৰ ৰাজ্যত ইমানবোৰ দুখীয়া মানুহ আছে । মই তেওঁলোকৰ কষ্টৰ বিষয়ে কেনেকৈ অনুভৱ কৰিব পাৰিম ?‘‘ ৰজাই নিজেই নিজকে প্রশ্ন কৰিলে।
দিনে ৰাতিয়ে ৰজাই চিন্তা কৰিবলৈ ধৰিলে, কেনেবাকৈ যদি তেওঁ এবাৰলৈকো এই কষ্ট অনুভৱ কৰিব পাৰিলেহেঁতেন ।
তেনেতে এদিন ৰাতি ৰজাই সপোনত কোনোবাই ডাঙৰকৈ কোৱা শুনিলে, “মই তোমাৰ ইচ্ছাৰ বিষয়ে শুনিছোঁ । তুমি কষ্টৰ অভিজ্ঞতা নিশ্চয় লাভ কৰিবা ।‘‘
ডাঙৰ মাতটোৱে ক‘লে,“তুমি সাতখন ডাঙৰ নাও সাজি তাত তোমাৰ সকলো সম্পত্তি আৰু পৰিয়ালৰ লোকক উঠাই ল‘বা । তাৰপিছত অকোগ্বে দ্বীপৰ উত্তৰলৈ যাত্রা কৰিবা।‘‘
এই কথা শুনি ৰজা বৰ সুখী হ‘ল।
সোনকালেই ৰজাই সাতখন নাও তৈয়াৰ কৰি যাত্রাৰ কাৰণে সাজু কৰিলে । সেই সাতখন নাৱত ৰজাই তেওঁৰ সকলোবোৰ সম্পতি ভৰাই পেলালে।
ৰজা আৰু তেওঁৰ পৰিয়ালে যাত্রাৰ আগদিনা উপস্থিত হোৱা সকলোকে ভালদৰে খুউৱা-বুউৱা কৰালে। তেওঁ দিয়া ভোজলৈ মানুহৰ লগতে বাঘ, সাপ, শহা, শামুক, চৰাই, আনকি পৰুৱাও আহিছিল।
ইয়াৰ পিছত ৰজাই উপস্থিতসকলক সম্বোধিত কৰিলে,“মই আৰু মোৰ পৰিয়াল অকোগ্বে দ্বীপৰ অন্য ঠাই এখনলৈ যাবলৈ ওলাইছোঁ। এনে কৰি অন্য মানুহে অনুভৱ কৰা কষ্টক আমি অনুভৱ কৰিবলৈ চেষ্টা কৰিম ।
মানুহে নিজৰ মাজতে কথা-বতৰা পাতিবলৈ ধৰিলে । বয়সস্থসকলে ৰজাৰ কথা বিশ্বাস নকৰিলে। কিন্তু কোনে তেওঁক প্রশ্ন কৰিব ? সেয়ে কোনো কথা নকৈ সকলোৱে ভালদৰে খোৱা-বোৱা কৰিলে ।

পিছদিনা ৰজা আৰু তেওঁৰ পৰিয়ালে যাত্রা আৰম্ভ কৰিলে।
প্রথম দুদিন নাও কেইখন পানীৰ মাজেৰে লাহে লাহে গৈ থাকিল । আকাশ পৰিষ্কাৰ আছিল । সমুদ্রও শান্ত আছিল আৰু তেওঁলোকেও বিনা বাধাই যাত্রা কৰিছিল।
তৃতীয় দিনা এটা বৰ ডাঙৰ ধুমুহা আহি সমুদ্র উত্তাল কৰি পেলালে।
নাওবোৰ লুটি খাই গ‘ল। পৰিয়াল আৰু সকলো সম্পতি পানীত উটি যোৱাত ৰজা বৰ অকলশৰীয়া হৈ পৰিল।
একমাত্র ৰজাহে বাচিল যদিও ৰজা এটা মাছৰোকা চৰাইলৈ পৰিৱৰ্তিত হৈ গ‘ল।
মাছৰোকা চৰাইটো সমুদ্রৰ পাৰলৈ উৰি গ‘ল। এতিয়াও চৰাইটোৱে তাৰ পৰিয়াল আৰু সম্পতি ঘূৰাই পাবলৈ আশাৰে বাট চাই আছে ।
হেৰোৱা পৰিয়ালৰ মানুহ আৰু সম্পতি বিচাৰি মাছৰোকা চৰায়ে পানীৰ মাজলৈ কেবাবাৰো বুৰ মাৰিছিল, কিন্তু পৰিয়ালটোক উদ্ধাৰ কৰিব নোৱাৰিলে, আনকি তেওঁৰ সম্পতিও উদ্ধাৰ কৰিব নোৱাৰিলে ।
এই কথা আগতে মই এবাৰলৈকো জনাহলে জীৱনক লৈ মই সুখী হৈ থাকিলোহেঁতেন।‘‘ এই কথা কৈ সি নীৰৱে কান্দিবলৈ ধৰিলে ।





