Kolpona’s Bicycle: A Story of Courage, Failure, and Never Giving Up
কল্পনাৰ চাইকেল
“সিহঁতে ইমান নতুন চাইকেলখন তোক কিয় দি দিলে মা?” কল্পনাই আচৰিত হৈ সুধিলে।
Thank you for reading this post, don't forget to subscribe!মাকে কাম কৰা মানুহঘৰৰ পৰা অনা চাইকেলখন কল্পনাই লিৰিকি-বিদাৰি চাই আছে।
চাইকেলখন দেখাত একেবাৰে নতুন হৈ আছে।
মাকে বাহু দুটা সামান্য জোকাৰি ক’লে, ” সিহঁতৰ ল’ৰাটোৰ বাবে নতুন এখন কিনিছে হ’বপায়!”
কল্পনা চাইকেলৰ ওপৰত উঠিছিলহে মাত্র…….
ধমমমমম!
তাই চাইকেলৰ পৰা পৰি গ’ল।প্রভুৱে হাঁহি দিলে।
“তই হ’বলা দুচকীয়া চাইকেলখনৰ ওপৰত এনেকে উঠি থাকিব পাৰিবি!প্রথমে তই চাইকেল চলাবলৈ শিকিব লাগিব।” প্রভুৱে ক’লে।
“তই মোক শিকাই দে না।”
কল্পনাই তাক অনুৰোধৰ সুৰত ক’লে।
সদায় আবেলি স্কুলৰ পৰা আহি সিহঁতে বাংলোৰ সন্মুখৰ ৰাস্তাটোত চাইকেল চলাবলৈ যাবলৈ ল’লে।
তাত বৰ বেছি ভিৰ নহয়। সেইফালে কেৱল ডাঙৰ ডাঙৰ ঘৰবোৰ আছে । সেই ঘৰবোৰৰ মানুহবোৰে ডাঙৰ ডাঙৰ কুকুৰ পোহে।
কল্পনা আৰু প্রভুহঁতৰ ওচৰৰ সকলো ল’ৰা-ছোৱালী তালৈকে খেলিবলৈ যায়।
প্রথমদিনা কল্পনা চাইকেল চলাবলৈ উত্রাৱল হৈ আছিল। কিন্তু…………..
তাই চাইকেল চলাবলৈ লওঁতেই ধমমমম! কৈ মাটিত পৰি গ’ল।
তাইৰ আঁঠুটো চেকচেকাবলৈ ধৰিলে।তাই কান্দিব বিচৰা নাছিল।কিন্তু কান্দি পালালে।
তাই বৰকৈ উচুপিবলৈ ধৰিলে।
লাজত তাইৰ কাণ-মূৰ গৰম হৈ গ’ল। ল’ৰাবোৰে তাইলৈ চাই হাঁহিবলৈ ধৰিলে।
কল্পনাই চাইকেলখন তাতে পেলাই ঘৰলৈ বুলি উঠি লৰ মাৰিলে।

প্রভুৱে লগৰবোৰৰ লগত ক্রিকেট খেলি হোৱাৰ পিছত চাইকেলখন লৈ আনিব।
‘তোৰ স্কার্টটো কেনেকৈ ফাটিল?” কল্পনাক দেখি মাকে সুধিলে।
“মই চাইকেলৰ পৰা পৰি গ’লো মা।”
মাকে হুমুনিয়াহ কাঢ়িলে।
কল্পনাই চাইকেল চলাবলৈ শিকাৰ আজি সাত দিন হ’ল।
কিন্তু তাই এতিয়াও চাইকেল চলাব পৰা হোৱা নাই।
প্রভুৱে কৈছিল!
তাই চাইকেল চলাব পৰাকৈ ওখ নহয়। মানে তাই চাইকেল চলাব নোৱাৰে!
কিন্তু সি ক’লে কিটো হ’ব? সি কিডাল জানে! তাই চাইকেল চলাই দেখুৱাইহে এৰিব।
ৰাতিলৈ তাই মাকৰ পৰা গাখীৰ এগিলাছ খুজি খালে।
স্কুলত তাইৰ বাইদেৱে কৈছিল যে গাখীৰ খালে ল’ৰা-ছোৱালী ওখ হয়।
আৰু তাইতো নিজৰ শ্রেণীৰ দুই নম্বৰ ওখ ছোৱালী।
তাই ভেনাছ উইলিয়ামছৰ দৰে হ’ব খোজে।
তাই টেনিছৰ বিষয়ে একো নাজানে।কিন্তু প্রভুৱে তাইক এবাৰ ভেনাছ উইলিয়ামছৰ ছৱি এখন দেখুৱাইছিল।
” বাঃ! ইমান শক্তিশালী।” কল্পনাৰ মুখেৰে আপোনা-আপুনি ওলাইছিল কথাষাৰ।
কল্পনাও যদি তেনেকুৱা শক্তিশালী হৈ যায়, তেন্তে তাইক কোনেও আমনি কৰিব নোৱাৰিব। তাই শুবলৈ যোৱাৰ আগতে ভগৱানক প্রার্থনা কৰিলে। যিটো তাই আগতে কেতিয়াও কৰি পোৱা নাছিল।
এইবাৰ তাই ইমানেই বেয়াকৈ দুখ পালে যে তাইৰ উশাহ লোৱাতো কষ্ট হ’ল। কিন্তু এইবাৰ কোনোৱে হঁহা নাছিল।আনকি মণিকন্দনেও হঁহা নাছিল, যি সদায় মানুহক বেয়াকৈ কৈছিল।
ডাক্তৰজন নিয়মত বৰ কঠোৰ আছিল। একেবাৰে তাইৰ স্কুলৰ হেড বাইদেউৰ দৰেই। তেওঁ ক’লে যে, ” তুমি ভৰিত বৰ বেয়াকৈ দুখ পাইছা।”
“যেতিয়ালৈক এইটো ভাল নহয় তুমি খুব সাৱধানে থাকিব লাগিব।” এইবুলি কৈ ডাক্তৰজনে তাইৰ মাকক এসোপামান দৰৱ দিলে।
দেউতাকে তাইক চাইকেলখন দেখুৱালে। তাত পিছত বহিবলৈ এখন কেৰিয়াৰ লগাই দিয়া হৈছিল।
“যেতিয়া তই ডাক্টৰৰ তালৈ গৈছিলি, তেতিয়াই আমি এইটো লগাই আনিলো।” প্রভুৱে হাঁহি এটাৰে সৈতে ক’লে। “কিন্তু মই এইখন নিজে চলাম।” কল্পনাই ক’লে।
“অঁতো, তই নিশ্চয় এইখন নিজে চলাবি।” প্রভুৱে ক’লে।
কল্পনা চাইকেলৰ পৰা পৰিল, তাতেনো কি হ’ল?
মানুহে কয় যে কোনো এটা কামত তুমি সফলতা নাপালেও চেষ্টা এৰি দিব নালাগে। কিয়?
কেতিয়াবা চেষ্টা কৰি থাকোতে তুমি এনে ফলাফল পাবা যিটোৰ বিষয়ে তুমি ভাবিবও পৰা নাছিলা।ই তোমাক নিজৰ বিষয়েই এনে কিছু কথা জানিবলৈ দিয়ে যিটো তুমি আগতে কেতিয়াও জনা নাছিলা।যদি কল্পনাই প্রথমদিনাই চাইকেল চলাবলৈ শিকি পেলালেহেঁতেন, তেন্তে তাই গমেই নাপালেহেঁতেন যে তাই কোনো এটা কাম কিমান একাগ্রতাৰে কৰিব পাৰে।তাইৰ পৰিয়ালেও তাইৰ এই গুণটোৰ বিষয়ে জানিব নোৱাৰিলেহেঁতেন।
যেতিয়া ভৱিষ্যতে কেইবা গিলাছো গাখীৰ খোৱাৰ পিছত তাই ওখ আৰু শক্তিশালী হৈ পৰিব, তেতিয়া তাই হয়তো সেই দিনটোলৈ মনত পেলাব, যিদিনা তাই চাইকেলৰ পৰা পৰি গৈছিল।হয়তো তাই কোনোবাদিনা এক কঠিন পৰীক্ষা দিবলৈ যোৱাৰ সময়ত বা পর্বতাৰোহণ কৰিবলৈ যাওঁতে সেই দিনটোৰ কথা মনত পেলাব।হয়তো তাই কেক এটা বনাবলৈ লওঁতে বা বাঘৰ ফটো তুলিবলৈ লওঁতেও সেই দিনটোৰ কথা মনত পেলাব পাৰে।আৰু তেতিয়া তাই চাইকেল চলাবলৈ শিকোতে শিকা এই পাঠ মনত পেলাব, যে তাই কেতিয়াও হাৰ মানিব নোৱাৰে আৰু সাহস হেৰুৱাব নোৱাৰে।





