What Goes Around Comes Around: A Powerful Moral Story on Honesty and Bad Influence
যেনে চোৰ তেনে টাঙোন
“মা আহো দেই।”
Thank you for reading this post, don't forget to subscribe!অমিতাভে মাকক মাত লগাই স্কুললৈ বুলি ওলাল। এনেতে সি ৰাস্তাৰ একাষে থকা আমৰ বাৰীখনত দুজন ল’ৰাই পকা-পকা আমবোৰ খাই থকা দেখিলে। সেই দৃশ্য দেখি অমিতাভৰো জিভাৰ পানী টপ-টপকৈ পৰিব ধৰিলে। তাৰপিছত সি সিহঁতৰ ওচৰ চাপিল আৰু ক’বলৈ ধৰিলে —“মোকো দুটা আম দিয়ানা,স্কুললৈ পলম হ’ব,সোনকালে দিয়া।”
অমিতাভৰ কথা শুনি সিহঁত দুয়োজনৰে খং উঠি গ’ল আৰু ক’লে— “কোনহে তুমি মহাপুৰুষ? নিজে গছত উঠি খোৱা!”
কিন্তু অমিতাভে গছত উঠিবতো নাজানে। মুখখন সেমেনা-সেমেনি কৰি সি দুখোজমান আগুৱাই আহিল। হঠাতে সি দেখিবলৈ পালে দুটা কাপোৰৰ মোনা। সৰু গছ এডালত ওলোমাই থোৱা আছে। সেয়া নিশ্চয় কিতাপৰ মোনাই হ’ব। তাৰ জানিবৰ মন গ’ল, কথাটোনো কি? সি সুধিলে– “হেৰা এই দুটা কাৰ মোনা?”
“আমাৰেই, কিয়নো সুধিলা?”
অমিতাভে পুনৰ প্ৰশ্ন কৰিলে—“তোমালোক স্কুললৈ যাবা কেতিয়া?”
“স্কুললৈ নাযাওঁ। সদাই স্কুললৈ যাব লাগে নেকি? একেখিনি পঢ়কে আৰু কিমান শুনিম? যাম আকৌ এদিন।”
সিহঁতৰ কথাবোৰ শুনি অমিতাভৰ মনলৈ কিছুমান পৰিবৰ্তন আহিল। সি মনতে ভাবিলে– হয়তো! ঘৰত দেউতাই শিকাবই। মাষ্টৰে শিকোৱা দেউতাই শিকোৱা একে কথা। কিছুসময় তলকা মাৰি থাকি অমিতাভে
সিহঁতক ক’লে– “অহাকালিৰ পৰা ময়ো তোমালোকৰ লগত আহিম, তেতিয়া আম দিবানে মোক?”
“আহিলেতো পাবাই।” অমিতাভৰ কথাত ল’ৰা দুজনে খুব ৰং পালে।
সেই ল’ৰা দুজন অমিতাভৰ চুবুৰিটোৰ ৰণ্টু আৰু গোলাপ। পিছদিনাৰ পৰা অমিতাভেও সিহঁতৰ সৈতে সহযোগ কৰিলে। সময়মতে ঘৰৰ পৰা ওলাই আহি লোকৰ বাৰীত আম খায়, ফৰ্মুটি দলিয়াই বগৰী খায়।
এইদৰে বহুত দিন গ’ল। গোটৈই দিনটো অনাই-বনাই ঘূৰি আহি সন্ধিয়া পঢ়া-শুনা নকৰি সি শুই থাকে। খোৱা-লোৱাও ভালদৰে নকৰে।
অমিতাভৰ এনে কাৰ্য দেখি মাকৰ খুব খং উঠিল।
এদিনাখন তেনেকৈ শুই থাকোতে মাকে আহি তাক ধমকি দিলে– “তই পঢ়া-শুনা নকৰ নেকি? তই এতিয়া সৰু লৰা নহয়। নপঢ় যদি কাইলৈৰ পৰা স্কুললৈ যাব নালাগে।”
স্কুললৈ যাব বাধা দিয়াত সি তৎক্ষণাৎ বিচনাৰ পৰা জাপ মাৰি উঠি বিজ্ঞানৰ কিতাপখন উলিয়াই ল’লে। তাৰপিছত দুটামান প্ৰশ্নোত্তৰ চিঞঁৰি পঢ়ি সিদিনাৰ বাবে পঢ়া সামৰিলে।
বৰ্তমান অমিতাভৰ দেউতাক ঘৰত নাথাকে। অফিচৰ কামত বদলি হোৱা বাবে মাহেকত এবাৰ ঘৰলৈ আহে। সেয়ে অমিতাভে সুবিধা আৰু বেছিহে পাইছে।
অইন এদিনৰ কথা। গোলাপ, ৰণ্টু আৰু অমিতাভ তিনিওটা গৈ চৌধুৰীহঁতৰ প্রকাণ্ড বাৰীখনত সোমাল। আম, বগৰী, অমৰাবোৰ পকি একেবাৰে সেন্দূৰ যেন হৈ আছে। সিদিনা গোলাপহঁতে আলোচনা কৰি অমিতাভক গছত উঠাই দিলে। পকা-পকা আমবোৰ ছিঙি-ছিঙি সিহঁতলৈ দলিয়াই দিব ধৰিলে।এনেতে চৌধুৰী দুৱাৰখন খুলি বাৰীত সিহঁতৰ উৎপাত দেখি লৰি আহিল। চৌধুৰীক দেখাৰ লগে-লগে ৰণ্টু আৰু গোলাপ তীব্ৰবেগে দৌৰি পলাল। বেচেৰা অমিতাভ গছৰ ওপৰতেই থাকিল।
“নামি আহ, সোনকালে নামি আহ!” চৌধুৰীৰ তৰ্জন-গৰ্জনত সি ভয়ে ভয়ে নামি আহি কিতাপৰ মোনাটো তুলি ল’লে।
“বাপেৰৰ নাম কি অ?”
“দীনেশ শইকীয়া।”
“অ, শইকীয়া মহৰীৰ লৰা হই তই বাৰীত সোমাই চোৰ কৰিবলৈ শিকিছ! সেই অঘাইটং কেইটাই তোক ভাল শিক্ষা নিদিয়ে। ব’ল ঘৰলৈ।”
চৌধুৰীয়ে অমিতাভক লগত লৈ গৈ পদূলিমুখৰ পৰাই চিঞঁৰি মাতিলে। “শুনিছানে অমিতাভৰ মাক? তোমাৰ ল’ৰাই চোৰ কৰিবলৈ শিকিলে। আজি মোৰ বাৰীৰ আম গছজোপাতে পালো। আম কিন্তু খাবলৈ নাপালে। সেই যে দধিৰামৰ ল’ৰা ৰণ্টু আৰু কনক ঠিকাদাৰৰ সৰুটো ল’ৰা গোলাপ, সিহঁত দুজন হৈছে তাৰ বন্ধু। স্কুলৰ কথা পাহৰিলে বুজিছা। অলপ যতন ল’বা। আহোহে মই।”
পুতেকৰ অধঃপতন দেখি শইকীয়ানী খঙে-লাজে হতাশ হৈ পৰিল। অমিতাভক বৰকৈ খং কৰিেল।
“পঢ়িছ! দিনটো লোকৰ বাৰীত ঘূৰি ফুৰি সন্ধিয়াতে আাহি শুই পৰিবি, ৰাতিপুৱাই টিফিনৰ বাবে চিঞঁৰি হাহাকাৰ কৰিবি! চুৰ কৰিবিনে ক, আজিৰ পৰা চুৰ কৰিবিনে?”
“নকৰো মা, মই চুৰ নকৰো। আজিৰ পৰা মই সকলো সঁচা কথা ক’ম।”

সেইদিনাৰ পৰা অমিতাভে নিয়মীয়াকৈ স্কুললৈ যাব ধৰিলে। বছৰেকীয়া পৰীক্ষালৈ মাথো সাতদিন বাকী। সি পৰীক্ষা দিলে যদিও উত্তীৰ্ণ নহ’ল। সি পুনৰ সপ্তম শ্ৰেণীতে ৰৈ গ’ল। পৰীক্ষাৰ খবৰ বেয়া বুলি শুনি মাকে দুখ কৰি কলে– “সচাঁ কথা নকৱ,ভালদৰে নপঢ়, এতিয়া ফল পালি?
দৰকাৰ নাই তই পঢ়িবৰ। মিছলীয়া এটাক পঢ়াই একো লাভ নাই।” মাকৰ কথাত অমিতাভে কান্দি পেলালে। সি বুজি পালে মাকৰ সঁচা মৰম আৰু তাৰ বন্ধুৱে কৰা প্ৰতাৰণাৰ কথা। সি মাকৰ মনক শান্তি দিবলৈ প্ৰতিজ্ঞা লৈ কলে– “মা, মই আজিৰ পৰা ভালদৰে পঢ়িম। মিছা কথা কেতিয়াও নকওঁ। মোক ক্ষমা কৰি দিয়া মা। মোক ক্ষমা কৰা।”
নীতি কথা: শিশুৰ আচৰণত অস্ৱাভাৱিকতা দেখিলেই পিতৃ-মাতৃ বা অভিভাৱকে কাৰণ জানিবলৈ প্ৰয়াস কৰি শিশুটিক শুধৰাব লাগে।





