The New Girl and the Power of Diversity

The New Girl and the Power of Diversity | A Story About Acceptance

The New Girl and the Power of Diversity is a heartwarming story about acceptance, friendship, and cultural unity in school.

নতুন ছোৱালীজনী

  মীৰাৰ স্কুলৰ বাচ ৰখা ঠাইত আজি এজনী 

Thank you for reading this post, don't forget to subscribe!

    নতুন ছোৱালী থিয় হৈ আছে ।

     সকলোৱে তাইৰ ফালে চাই আছে ।

       তাইৰ লগত কোনেও কথা পতা নাই ।

    পঢ়াশালিত চালমা বাইদেৱে

 মীৰা আৰু তাাইৰ বান্ধৱীহঁতক

 আচৰিত কৰি দিলে । 

 “আমাৰ শ্রেণীলৈ এজনী নতুন

 বান্ধৱী আহিছে !”সেইজনীয়েইহ‘ল এই ছোৱালীজনী !

  সকলোৱে নতুন ছোৱালীজনী  লৈ চালে । 

   সিহঁতে কৈছে,“তাই দেখিবলৈবেলেগ ।”

      চালমা বাইদেৱে কৈছে, সিহঁতে জেনীক মৰম আৰু সহায় কৰিব লাগে ।

    জেনী হ‘ল, নতুন ছোৱালী জনীৰ নাম ।

     মীৰা নতুন হৈ থকা সময়ৰ কথা মনত পৰিছে ।

    তেতিয়া কোনেও তাইৰ লগত কথা পতা নাছিল ।     কোনেও তাইৰ লগত খেলাও নাছিল ।

    তাই জেনীলৈ চাই হাঁহিলে ।     জেনীয়েও তাইলৈ চাই হাঁহিলে ।

     ছবিৰ পিৰিয়ডত মীৰাই তাইৰ ৰং পেন্সিল      জেনিক ল‘বলৈ দিলে । দুপৰীয়া সিহঁতে খোৱা       বস্তু ভাগ কৰি খালে ।

     ঘৰলৈ অহাৰ সময়ত সিহঁতে বাচত একেলগে      বহিল । 

     আনকি আবেলিও একেলগে খেলিলে ।

     লাহে লাহে সিহঁত ভাল বন্ধু হৈ পৰিল !

 কিছুমান ল‘ৰা-ছোৱালীয়ে     জেনিক জোকাইছিল । সিহঁতে   কৈছিল তাইৰ নামৰ অৰ্থ হ‘ল ‘বিদেশী‘ ।

  মীৰাই খং কৰি উত্তৰ  দিলে,

 “তাই ভাৰতীয় ।‘‘ শুনি সিহঁতে হাঁহিলে । এই

কথা শুনি জেনিয়ে দুখ পালে ।   “বেলেগ হোৱা একো বেয়া নহয় ।‘‘ মীৰাই তাইক ক‘লে ।

   মীৰাই তাইৰ মাকে কোৱা   

   শুনিছিল,“তাইৰ ককায়েকক

    চচমা পিন্ধাৰ কাৰণে সকলোৱে জোকাইছিল ।

এদিন চালমা বাইদেৱে সিহঁতক এটা নতুন কাম দিলে ।সকলোৱে কামটোক লৈ বৰ উৎসাহিত হৈ আছিল । মাত্র  জেনিৰহে উৎসাহ নাছিল ।

 ” মীৰা, মই কি কৰিম ?‘‘ তাই সুধিলে ।

    চিন্তা নকৰিবা জেনি ! তুমি তোমাৰ পৰিয়াল, উৎসৱ আৰু তোমাৰ ঘৰৰ বিষয়ে ক‘ব পাৰা” , মীৰাই তাইক ক‘লে ।

   “কিন্তু সিহঁতে মোক হাঁহিব, মীৰা !”

  তুমি কোৱাৰ সময়ত যি সকলে তোমাক ভাল পায়, তেওঁলোকৰ মুখলৈ চাবা । মাকৰ কথা মনত পেলাই মীৰাই ক‘লে ।

 সেই বিশেষ দিনটো আহি পোৱাত  সকলোৰে মাজত উত্তেজনা দেখা গ‘ল । চালমা বাইদেৱে সিহঁত প্রত্যেকৰে নিজৰ নিজৰ পোছাকত ফটো তুলিলে ।

কিন্তু জেনীক ক‘তো দেখা পোৱা নগ‘ল । তাই বাচ ৰখোৱা ঠাইতো নাছিল । মীৰাই ভাবিলে, এই বিশেষ দিনটোত জেনী নিশ্চয় পঢ়াশালিলৈ নহাকৈ নাথাকে । ইফালে সিহঁতৰ কাৰ্যক্রম আৰম্ভ হোৱাৰ সময়ো হ‘ল ।

পাৰ্থই গুজৰাতৰ  অঙ্গৰখো -চৰ্ণ পিন্ধিছে । তাৰ য‘যা ভনীয়েক পূজাই চায়া চোল্লী পিন্ধিছে আৰু সিহঁত দুয়ো একেলগে গাৰৱা নাচিলে ।

বীণাই তাইৰ মাতৃভাষা তামিলত এটা সুন্দৰ স্বাধীনতাৰ গান গালে ।

আন শিশুবিলাকে উৎসৱ , ঐতিহ্য, পৰম্পৰাগত খাদ্য আৰু বিখ্যাত লোকৰ  বিষয়ে ক‘লে ।

মীৰাৰ পাল অহাত তাই গৌৰৱৰে সৈতে ৰাজস্থানত তাইৰ জন্ম হোৱা ক্ষুদ্র ৰাজ্য খনৰ বিষয়ে চুটি ছায়া ছবি এখন দেখুৱালে । শেষত কোনোবা এজন ওখ পাগুৰী পিন্ধা লোক প্রৱেশ কৰিলে ।

এয়া … জেনী ! সিহঁতে তাইৰ     পোছাক আৰু প্রসাধন সনা মুখ খন কোনেও  চিনিব পৰা নাছিল । তাই যে ভয় কৰিছে, সেই কথা মীৰাই বুজি পাইছিল ।

The New Girl and the Power of Diversity

জেনীয়ে ক‘বলৈ আৰম্ভ কৰিলে , “মই মিজোৰামৰ পৰা আহিছো । মিজোৰাম ভাৰতৰ উনত্রিশখন ৰাজ্যৰ মাজৰ এখন ৰাজ্য ।‘‘ সকলোৱে মনোযোগ দি শুনিবলৈ ধৰিলে । তাই ইমান বেচি কথা কোৱা সিহঁতে আগতে কেতিয়াও শুনা নাছিল। 

“মোৰ পোছাকৰ নাম পুনাচি । এতিয়া মই ছেহেইহাম , নামৰ মিজোৰামৰ এবিধ নৃত্য প্রদৰ্শন কৰিম ।

     চালমা বাইদেৱে গানটো বজাই দিলে । আড়ম্বৰপূৰ্ণভাৱে   জেনীয়ে নৃত্য আৰম্ভ কৰিলে । কিছুমান ল‘ৰা-ছোৱালীয়ে  হাঁহিলে যদিও, তাই তাত মন নিদিলে । তাই নৃত্যটো ইমান উপভোগ কৰিছিল, যে একোৱেই তাইক বাধা দিব নোৱাৰিলে ।

গান বন্ধ হোৱাত জেনিৰ নৃত্যও বন্ধ হ‘ল । হঠাৎ কোঠাটোত একধৰণৰ নীৰৱতাৰ সৃষ্টি হ‘ল ।

চালমা বাইদেৱে হাত তালি দিলে । তাত থকা সকলোৱে তেওঁৰ লগত যোগ দিলে ।

ঘৰলৈ উভতি আহোতে বাচত জেনীক উৎফুল্লিত হোৱা দেখা গ‘ল ।

  “সঁচাকৈয়ে মীৰা, তুমি ঠিকেই কৈছিলা, বেলেগ হোৱা একো বেয়া নহয় ।‘‘

 এতিয়া তাই সিহঁতৰ মাজৰে এজনী হৈ পৰিল ।ইয়াৰ পিছত জেনীক আৰু কোনেও নোজোকায়  ।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story