The Ancient Creatures of the Past – Secrets Buried Beneath the Earth
অতীতৰ জীৱবোৰ
সূৰ্যাস্ত হোৱাৰ লগে লগে অৰণ্যলৈ অন্ধকাৰ নামি আহিছিল৷ জোপোহাৰ মাজত এটা বিশাল জেঠীসদৃশ জীৱ লুকাই আছিল , নাকৰপৰা নেজলৈকে একেবাৰে স্থিৰ৷ কেৱল তাৰ তীক্ষ্ণ চকু দুটাই সোঁফাল-বাঁওফাল কৰি লৰচৰ কৰি আছিল৷ আহাৰৰ গোন্ধ পোৱাৰ লগে লগে তাৰ নাকৰ পাহি মেল খাই উঠিছিল৷ এটা সৰু সোৱাদলগা পৰুৱা৷
Thank you for reading this post, don't forget to subscribe!বিশাল জেঠীটোৱে থাপ মাৰি পৰুৱাটো ধৰিবলৈ লওঁতেই…
হঠাৎ ভূমিকম্প অহাৰ নিচিনাকৈ মাটিবোৰ কঁপিবলৈ ধৰিলে৷ জীৱ-জন্তুবোৰ যেনি-তেনি দৌৰিবলৈ ধৰিলে৷ বেচেৰা জেঠীটো কোনোমতেহে গছকত পৰাৰপৰা ৰক্ষা পৰিলে৷ কোনেনো ইমান খেলিমেলি লগাইছে বুলি সি খঙত পিছফালে ঘূৰি চালে৷ হুৰহুৰ!
এটা প্ৰকাণ্ড জন্তুৱে গছ-বন মহতিয়াই আহি আছে৷ সি গছতকৈও ওখ, আৰু তাৰ ছালবোৰ শিলৰ নিচিনা খহটা৷
এতিয়া কি হ’ব! চিকাৰী নিজেই চিকাৰ হ’ব নেকি?
এইয়া কোনো সাধুকথা নহয়৷
প্ৰাচীন কালত পৃথিৱীত সঁচাকৈয়ে এনে ডাঙৰ ডাঙৰ প্রাণীয়ে বাস কৰিছিল৷ এয়া বহুত- বহুত বছৰ আগৰ কথা, যেতিয়া পৃথিৱীত মানুহ, কুকুৰ, চৰাই আদি একোৱেই নাছিল৷
তাৰ সলনি সেই সময়ত আছিল প্রকাণ্ড নোমাল হাতী, ডাইনোচ’ৰ, প্ৰকাণ্ড কীট-পতংগ, আনকি সাগৰতো হিংস্ৰ মাছৰ নিচিনা প্ৰাণীয়ে বাস কৰিছিল৷ সেই সময়ৰ গছ-গছনিবোৰো দেখাত আজিৰ তুলনাত অদ্ভুত ধৰণৰ আছিল৷
আমি এইবোৰ কথা কেনেকৈ গম পাওঁ?
বিজ্ঞানৰ সহায়ত এইবোৰ জনাটো সম্ভৱ হৈছে৷ ‘জীৱাশ্মবিদ্যা’ (Palaeontology) নামৰ বিজ্ঞানৰ এটি বিশেষ বিভাগে এনেবোৰ কথা অধ্যয়ন কৰে৷ জীৱাশ্মবিদ্যা হ’ল বহু বছৰ আগতে পৃথিৱীত থকা জীৱ-জন্তু আৰু গছ-গছনিৰ বিষয়ে কৰা অধ্যয়ন৷ এনে অধ্যয়নৰ লগত জড়িত বিজ্ঞানীসকলক জীৱাশ্মবিদ (Palaeontologist) বোলা হয়৷
যেনেকৈ পুৰণি ৰাজপ্ৰাসাদৰ ভগ্নাৱশেষৰপৰা অতীতৰ ৰজাজনৰ বিষয়ে জানিব পাৰি (যেনে, তেওঁৰ ৰাজমুকুটটো কিমান ডাঙৰ আছিল, তেওঁৰ প্রিয় অস্ত্ৰ কি আছিল ইত্যাদি), ঠিক তেনেকৈয়ে ভূ-পৃষ্ঠৰ বহুত তলত এনেকুৱা কিছুমান তথ্য পোৱা যায় যিবোৰে আমাক পৌৰাণিক জীৱ-জন্তুবোৰৰ বিষয়ে আভাস দিয়ে৷
সেই তথ্যবোৰ বিভিন্ন ৰূপত পোৱা যায় – হাঁড়, খোজৰ চিন, কণী, আৰু কেতিয়াবা গোটেই জীৱটোৰ দেহটোৱেই শিলত সংৰক্ষিত হৈ থাকে!
এই জীৱ-জন্তুবোৰে লাখ লাখ বছৰৰ আগতে বাস কৰিছিল – বান্দৰ আৰু মানুহ পৃথিৱীলৈ অহাৰো আগত! কিন্তু সেই জন্তুবোৰৰ অৱশিষ্টখিনি কিয় গেলি-পচি নাযায়? লাখ-লাখ বছৰৰ পাছতো কেনেকৈ সেইবোৰ সংৰক্ষিত হৈ আছে?
আচলতে কি হয় – এই জীৱবোৰ মৰি পচি যোৱাৰ সময়ত সিহঁতে মাটিৰ কেবাটাও তৰপৰ তলত সোমাই পৰিছিল৷ সিহঁতৰ ছাল আৰু মাংসপেশী গেলি নাইকিয়া হৈ গৈছিল, কিন্তু হাঁড় আৰু দাঁতবোৰ জোৰকৈ লাগি ধৰা মাটিৰ বাবে থাকি গ’ল।
হাড়েৰে সৈতে এই মাটিৰ তৰপবোৰ কঠিন হৈ পৰিল আৰু শিললৈ ৰূপান্তৰিত হ’ল৷ শিলবোৰত ছাপ হৈ সংৰক্ষিত হৈ থকা জীৱ-জন্তু আৰু উদ্ভিদবোৰৰ এনে অৱশিষ্টকে জীৱাশ্ম বুলি কোৱা হয়৷
বিজ্ঞানীসকলে প্রথমে মাটিত পোত খাই থকা এই ডাঙৰ-ডাঙৰ হাঁড়বোৰ আৱিষ্কাৰ কৰাৰ সময়ত এইবোৰনো কি তেওঁলোকে ধৰিব পৰা নাছিল৷ তেওঁলোকে দেখা যিকোনো জন্তুতকৈ এই হাঁড়বোৰৰ আকাৰ ডাঙৰ আছিল৷ হাঁড়বোৰ গা-গছৰ নিচিনা দীঘল, লাওখোলাবোৰ অটোৰিক্সাৰ সমান আকাৰৰ, দাঁতবোৰ আইছ ক্ৰীমৰ শংকুটোৰ সমান ডাঙৰ, আৰু হাতবোৰ চুৰিৰ নিচিনা আছিল!
তেওঁলোকে হাঁড়বোৰ বিভিন্ন আকাৰত লগ লগাই চাইছিল, জানোচা কিবা চিনাকি জীৱৰ লগত মিলেইবা! অৱশেষত সেয়া কি হয় ধৰিব পৰা গ’ল, ঠিক এটা সাঁথৰৰ উত্তৰ ওলোৱাৰ দৰে।
এটা জীৱৰ জঁকাটো অধ্যয়ন কৰি জীৱাশ্মবিদসকলে সেই জন্তুটোৰ বিষয়ে বহুখিনি তথ্য আহৰণ কৰিব পাৰে৷ যেনে- জীৱটোৰ আগঠেঙৰ হাঁড়বোৰ যদি পিছঠেঙৰ হাঁড়তকৈ সৰু, তেন্তে জন্তুটোৱে সম্ভৱত: দুটা ঠেঙেৰে খোজ কাঢ়িছিল – ঠিক আমি আগতে লগ পোৱা সেই প্ৰকাণ্ড জীৱটোৰ দৰে! সেই হিংস্ৰ জীৱটোৰ নাম হ’ল টাইৰানোচ’ৰাচ ৰেক্স (Tyrannosaurus Rex)(চমুকৈ টি.ৰেক্স)৷
যদি জীৱটোৰ আটাইকেইখন ঠেং সমান হয়, তেতিয়াহ’লে খুব সম্ভৱ জীৱটোৱে ডিপ্ল’দ’কাছ (Diplodocus) ৰ দৰে চাৰিখন ঠেঙেৰে খোজ কাঢ়িছিল। ডিপ্ল’দ’কাছৰ চাৰিখন শকত ঠেং আৰু এটা যথেষ্ট দীঘল ডিঙি আছিল৷
দাঁতৰ জীৱাশ্মৰপৰা পৌৰাণিক জীৱটোৱে কি খাই ভাল পাইছিল তাৰ আভাস পোৱা যায়৷ বহুটো জঁকাৰ দীঘল আৰু জোঙা দাঁতবোৰ মাংস খোৱাৰ বাবে উপযোগী৷ অন্য কিছুমান জঁকাত আকৌ বহল, সমান আৰু মিহি দাঁত পোৱা গৈছিল। তেনে দাঁত ঘাঁহ-বন আৰু গছৰ বাকলি খোৱাৰ বাবেহে উপযোগী৷ ইয়াৰপৰা অনুমান কৰিব পৰা যায় যে সেই সময়ত তৃণভোজী ডাইনচ’ৰো আছিল!
কিন্তু বিজ্ঞানীসকলে সদায় সম্পূৰ্ণ জঁকাটো উদ্ধাৰ কৰিব নোৱাৰে৷ কেতিয়াবা তেওঁলোকে কেৱল কেইডালমান হাঁড় যেনে আঙুলি, কামিহাঁড় আৰু কেতিয়াবা অকল ৰাজহাঁড়ডালৰ কিছু অংশহে উদ্ধাৰ কৰিব পাৰে৷
সকলোবোৰ জীৱাশ্মই হাঁড় নহয়৷ তাৰে কিছুমান আমি বোকামাটিত খোজ কাঢ়িলে যেনেকৈ ভৰিৰ চিন ৰৈ যায় তেনেকুৱা চাপহে মাথো৷ ডাইন’চৰেও এনে ভৰিৰ চাপ এৰিছিল, আৰু এই চাপ নোহোৱা হৈ যোৱাৰ আগতেই মাটিখিনি বালি- শিলৰ তৰপেৰে ঢাক খাই গৈছিল। সেয়েহে সেই চাপবোৰ লাখ লাখ বছৰ ধৰি তেনেকৈয়ে ৰৈ গৈছিল৷
দৰাচলতে জীৱাশ্মবিদসকলে ভৰিৰ চাপৰ দূৰত্ব জুখি জন্তুটোৰ উচ্ছতা নিৰূপণ কৰিব পাৰে৷ তাৰোপৰি জন্তুটোৱে কেনেকৈ থিয় হৈছিল আৰু কেনেকৈ খোজ কাঢ়িছিল সেয়াও নিৰ্ণয় কৰিব পাৰে৷
উদ্ভিদবোৰে কিছুমান সকলোতকৈ অদ্ভুত জীৱাশ্মৰ চিন এৰি থৈ গৈছে৷ জীৱাশ্মবিদসকলে আকৰ্ষণীয় আকৃতিৰ পাত আৰু ফুল আৱিষ্কাৰ কৰিছে যিবোৰ আজিকালি ক’তোৱেই পোৱা নাযায়৷
কিন্তু সকলোতকৈ আমোদজনক তথ্যটো কি জানানে!

ওপৰৰ চিত্ৰখন চোৱা৷ কি দেখিছা? এইকেইটা ফুটবল নেকি? নে কামানৰ গোলা? কণী হ’ব পাৰে নেকি বাৰু?
ঠিকেই ভাবিছা! সেয়া কণী! বিশালাকায়, জীৱাশ্ম হৈ যোৱা কণী৷
বিজ্ঞানীসকলে আনকি ভিতৰত ডাইনাচ’ৰাচৰ পোৱালীৰ অৱয়ব থকা একোটা কণীও বিচাৰি পাইছে ৷ অনুমান হয় যে পোৱালী জগাৰ আগতেই এই কণীবোৰ গৰাখহনীয়া বা আগ্নেয়গিৰিৰ লাভাৰ তলত পোত খাই গৈছিল৷
মঙ্গোলিয়াত বিজ্ঞনীসকলে কেতবোৰ কণীৰ লগত এটা আক্ৰমণাত্মক ভংগিমাত থকা প্রাপ্তবয়স্ক ডাইনাচ’ৰৰ জঁকা আৱিষ্কাৰ কৰিছিল৷ তেঁওলোকে ভাবি লৈছিল যে এই বিশাল ডাইনাচ’ৰটোৱে চাগে পুৱাৰ আহাৰৰ অমলেটৰ দৰে এই কণীখিনি খাবলৈ আহিছিল৷ সেইবাবে তেঁওলোকে ইয়াৰ নাম থ’লে অভিৰেপ্টৰ, যাৰ অৰ্থ হৈছে ‘কণী চিকাৰী’৷
সোনকালেই তেওঁলোকে বিভিন্ন ভংগীমাত থকা অভিৰেপ্টৰৰ জঁকাৰ ওচৰতে আৰু বহুতো জীৱাশ্ম হৈ যোৱা কণী উদ্ধাৰ কৰিবলৈ ধৰিলে৷ তেতিয়াহে তেঁওলোকে বুজিলে যে আচলতে ডাইন’চৰটোৱে নিজৰ কণীবোৰক সুৰক্ষা দিহে আছিল, খাবলৈ চেষ্টা কৰা নাছিল৷ কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াৰ নামটো অভিৰেপ্টৰ হৈয়েই থাকি গ’ল৷
তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে আমাৰ হাতত এই জীৱবোৰৰ বিষয়ে এতিয়াও বহুত বেছি জ্ঞান নাই৷ ক’তো খাপ নোখোৱা কিছুমান তথ্যও পোৱা গৈছে আৰু কিছুমান তথ্য ভুলকৈ লগ লগোৱাৰো উদাহৰণ আছে৷ বিজ্ঞানীসকলে এতিয়াও তেনেবোৰ তথ্যক সঠিকভাৱে বুজিবলৈ চেষ্টা কৰি আছে৷
এতিয়াও বহুত কথা জানিবলৈ বাকী আছে৷ তুমি এগৰাকী জীৱাশ্মবিদ হৈ কিছূমান ৰহস্যৰ ভেদ ভাঙিবলৈ বিচাৰানে? তেন্তে কিয় ৰৈ আছা? বেলচা এখন আনা আৰু মাটি খান্দিবলৈ আৰম্ভ কৰা!
অতীতৰ আন কিছুমান আকৰ্ষণীয় জীৱৰ লগত চিনাকি হওঁ আহাঁ!
নোমাল মেমথ (Woolly Mammoth)
এই জন্তুবোৰ হাতীৰ নিচিনা আছিল, আৰু ইয়াৰ জোঙা
দাঁতবোৰৰ দৈৰ্ঘ্য আছিল ১৫ ফুট!
ইচথাইয়োচ’ৰাচ
এই প্ৰাণীবোৰ দেখাত মাছৰ দৰে। কিন্তু সিহঁত আচলতে সাগৰত বাস কৰা সৰীসৃপহে৷ গ্ৰীক ভাষাত ইচথাইয়োচ’ৰাচ মানে ‘মাছ জেঠী’৷
ভালুক কুকুৰ
এই জন্তুবোৰ কুকুৰো নহয় আৰু ভালুকো নহয়৷ কিন্তু এই দুয়োবিধ প্ৰাণীৰে সম্পৰ্ক থকা এবিধ জন্তুহে৷





