The Magical Green Car Story for Kids

Ronga Pori – The Magical Green Car Story for Kids

The Magical Green Car Story for Kids teaches children about eco-friendly cars and clean energy in a fun way.

ৰঙা পৰী

যেতিয়া প্রথমবাৰৰ বাবে গাড়ীখনক দেখিছিলোঁ, মই মোৰ নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিলো। 

Thank you for reading this post, don't forget to subscribe!

মোৰ মুখৰপৰা ওলাই গ’ল, “আৰে, এয়া কি? ইমান সৰু গাড়ী!,

তথাপি চাৰিগৰাকীকৈ মানুহ বহিব পাৰে। কি আচৰিত!”

ভণ্টী নীতাৰ লগত বেৰখনৰ ওপৰত বহি লৈ আমি দুয়ো গাড়ীবোৰ গণি আছিলো। গাড়ী মোৰ ইমানেই প্রিয় যে ৰাস্তাৰে যোৱা প্রত্যেকখন গাড়ীৰ নাম মই আপোনাক কৈ দিব পাৰো। 

গাড়ীবোৰ যে কি মজাৰ বস্তু!ভ্রূ…..ম!ইয়াত যলৈকে মন যায় তাতেই গৈ উপস্থিত হ’ব পাৰি।

জিলিকি থকা ৰঙা ৰং। ঘূৰণীয়া সৰু সৰু লাইট। 

হাঁহিভৰা মুখ। দেখিবলৈ সাইলাখ পৰীৰ নিচিনা লাগিছিল। 

মোৰ তাইৰ বিষয়ে বহুত কথা জানিবলৈ মন গ’ল। 

কোন হয় বাৰু? নামটো বা কি? ক’ত থাকে জানো?

সেই সৰু গড়ীখনৰ কথা জানিবলৈ চাইকেল চলাই মই গাৰ্দ খুড়াৰ ওচৰ পালোঁগৈ। খুড়াই মোৰ কথা শুনি হাঁহি এটা মাৰি ক’লে “ইমানেই ভাল লাগিছে নে গাড়ীখন?” তেখেতে ক’লে যে সেই গাড়ীখনৰ মালিক আমাৰ ইয়ালৈ নতুনকৈ আহিছে। তেওঁলোক গৃহ নং ১১২ত থাকে। 

খুৰাক “ধন্যবাদ,” বুলি কৈ মই ঘৰমুৱা হ’লো।

সেইদিনাখন সন্ধিয়া মই আমাৰ নতুন চুবুৰীয়াক চাবলৈ বুলি গৃহ নং ১১২লৈ গ’লো। তাত বহুকেইখন ডাঙৰ গাড়ী মন কৰিলো, কিন্তু সেই সৰু ৰঙা গাডীখনহে নেদেখিলো। 

তেনেতে দেখা পালো এখন গেট আৰু সেই গেটখনৰ পিছফালেই সেয়া ৰঙা পৰী।

গাড়ীখন চাই থাকোতে দেখিলো যে গাড়ীখনৰ বাঁওফালে এডাল তাঁৰ লগাই থোৱা আছে।

ওওওও, বুজিলো – ৰঙা পৰীয়ে বিদ্যুতেৰেহে চলে, পেট্র’ল বা ডিজেলেৰে নহয়।

ইফালে সিফালে দৌৰি ফুৰিবলৈ তাই শক্তি গোটাই আছে।

পিছদিনাখন মই ৰঙা পৰীক মোৰ কাষেৰে চোঁ মাৰি পাৰ হৈ

যোৱা দেখিলো।

মই পিছে পিছে দৌৰ মাৰিলো আৰু হাতখন দাঙি ৰ’বলৈ ইংগিত দিলো। 

তাই ৰৈ দিলে। 

দেখিলো ভিতৰত পকাচুলিৰ এগৰাকী মহিলা। তেখেতে মোলৈ চাই হাঁহিলে। তেখেতক দেখাত মোৰ নানী (আইতা)ৰ দৰে লাগিল।

ৰঙা পৰীক মই লাহেকৈ থপৰিয়াই দিলো। নানীক ক’লো,

“মই গাড়ীৰ কথা বহুত জানো। কিন্তু মই এনেকুৱা গাড়ী কেতিয়াও দেখা নাছিলো। এইখন গাড়ীক মই বহুত ভাল পাওঁ।” 

“আশা কৰো তুমি মোকো ভাল পোৱা” ‘আইতাই ক’লে। 

“ৰঙা পৰী আৰু আপুনি একেলগে থাকে যেতিয়া আপুনিও নিশ্চয়

ভাল লগাই হ’ব।” মই ক’লো আৰু দাঁতকেইটা উলিয়াই হাঁহি দিলো।

“ৰঙা পৰী! বা:, কি সুন্দৰ নাম দিছা দেই এই সৰু গাড়ীখনক!”,

নানীয়ে ক’লে। “আপোনাক মই ৰঙা পৰীৰ নানী বুলি মাতিব পাৰোনে?” মই সুধিলো।

গাড়ী আৰু মটৰচাইকেল মোৰ কিমান প্রিয় মই তেখেতক ক’লো। লগতে মোৰ সংগ্রহ কৰি থোৱা ফটোবোৰৰ কথাও ক’লো। 

নানীয়ে ক’লে “ৰঙা পৰী আৰু মই এই এলেকালৈ নতুনকৈ আহিছো।

ইয়াত আমি কাকো চিনি নাপাওঁ। তুমি ৰখালা যে ভাল পালো।” 

“মই মিতো। মই মাক আপোনাক আমাৰ চুবুৰীয়াবোৰৰ লগত চিনাকি কৰাই দিবলৈ ক’ম বাৰু।

কিন্তু আগতে আপুনি মোক ৰঙা পৰীৰ বিষয়ে আৰু কওঁকচোন।”

নানীয়ে মোক গাড়ীত উঠাই ফুৰাবলৈ লৈ যাব বিচাৰিলে। মই আনন্দত উদগ্রীৱ হৈ উঠিলো।

মই দৌৰ মাৰি ঘৰ পালোঁগৈ আৰু নানীৰ লগত ফুৰিবলৈ যাবলৈ

The Magical Green Car Story for Kids

মাৰ পৰা অনুমতি বিচাৰিলো। তাৰ পাছত জাঁপ মাৰি ৰঙা পৰীৰ

কোলাত উঠিলো। আইতাই গাড়ীখন ষ্টাৰ্ট দিলে আৰু তাৰ পিছত

ৰঙা পৰীয়ে দৌৰিবলৈ আৰম্ভ কৰিলে। 

ৰাস্তাৰে আমি যেতিয়া সোঁসোঁৱাই গৈ আছিলো, তেতিয়া মই কোনো গোঁজৰণি শুনা নাছিলো, অকল সৰুকৈ কৰা শব্দহে শুনি আছিলো। গাড়ীখনৰ শব্দ কিয় নাই বুলি মই নানীক সুধিলোঁ। নানীয়ে ক’লে, “ৰঙা পৰীয়ে শব্দও নকৰে আৰু ধোঁৱাও উৎপন্ন নকৰে।”

সৰু-ডাঙৰ গাড়ীবোৰৰ মাজে মাজে ৰঙা পৰীয়ে আগবাঢ়িল।

বাটৰ মানুহবোৰে ৰ’ লাগি চালে আৰু আমাৰ ফালে চাই হাঁহি মাৰিলে।

ট্রেফিক পইণ্টত ৰঙা লাইটটো জ্বলি উঠাত আমি ৰৈ দিলো। তেতিয়াই এজন অ’টোৰিক্সাৰ চালকে উৎসুক হৈ নানীক ৰঙা পৰীৰ বিষয়ে বহু কথা সুধিলে। 

সেউজীয়া লাইটটো জ্বলি উঠিল আৰু আমি সকলোকে পিচ পেলাই আগুৱাই গ’লো।  ভ্রু….ম ভ্রু…..মশব্দ নাই, কিন্তু আমি গাড়ী চলাই সোঁসোঁৱাই গুচি গ’লো।  

সোনকালেই আমি ইণ্ডিয়া গেট আহি পালো। নানীয়ে আমাৰ কাৰণে আইছক্রিম কিনিলে। 

আমাৰ চাৰিওফালে ধূসৰ হৈ আছিল। নানীয়ে ক’লে ধোঁৱা আৰু কুঁৱলীৰ সংমিশ্রণৰ বাবে হেনো চাৰিওফালে তেনে ধূসৰ হৈছে। 

দেউতাই মোক দিল্লীৰ বায়ু বহুত প্রদূষিত বুলি কোৱা কথাটো মই তেখেতক ক’লো। “গাড়ীবোৰৰ পৰা ওলোৱা ধোঁৱাবোৰে এই প্রদূষণত অৰিহনা যোগায়। সেইকাৰণে গাড়ীৰ প্রতি থকা মোৰ আগ্রহটো মায়ে পচন্দ নকৰে।”

মোৰ কথাবোৰ নানীয়ে বৰ মন দি শুনি আছিল। 

“এই প্ৰদূষণৰ কাৰণেই মোৰ ভণ্টি নীতা আৰু মই সঘনাই বেমাৰত পৰো,

চর্দি- কাঁহত ভুগো। তথাপিও মই গাড়ী বৰ ভাল পাঁও।

 কিনো কৰো এতিয়া?” মই সুধিলো।

নানীয়ে মোক জনালে যে তেওঁ হেনো ৰঙা পৰীক আঠ বছৰ ধৰি চলাই আছে

আৰু সেইকাৰণে দুয়ো এতিয়া ভাল বন্ধু। 

মোৰ হঠাৎ এনে লাগিল যেন ৰঙা পৰীয়ে মোৰ কাণৰ কাষত ফুচফুচাই কৈছে,

“মিতো, মই আন গাড়ীবোৰৰ দৰে বায়ু প্রদূষিত নকৰো নহয়।

আৰু মোক চলা ফুৰা কৰিবলৈ আৰু ৰ’বলৈও অকনমানহে ঠাই লাগে।”

ৰঙা পৰী যে যাদুকৰী হয় সেই কথাত মই এতিয়া একেবাৰে পতিয়ন গ’লো। কিয়নো তাৰ পৰা ধোঁৱা নোলায়, শব্দ নাই,, চলাবলৈ পেট্র’ল-ডিজেল নালাগে, আৰু এতিয়া মোৰ লগত তাই কথাও পাতিছে। 

“বিকল্প শক্তিৰ ব্যৱহাৰ কৰা গাড়ীয়ে বায়ু প্ৰদূষণ কম কৰাত সহায় কৰে। কোনে জানে – তুমি যদি কেতিয়াবা বৈজ্ঞানিক হোৱা, তুমি হয়তো অলপো প্রদূষণৰ সৃষ্টি নকৰা গাড়ীও আবিষ্কাৰ কৰিব পাৰিবা।” নানীয়ে ক’লে।

মই সিদ্ধান্ত লৈয়েই পেলালো যে মই ভৱিষ্যতে এখন নতুন গাড়ী আবিষ্কাৰ কৰিম আৰু সেইখনৰ নাম থম সাতোৰঙী পৰী।

সেউজ গাড়ী (Green Cars) 

সেউজ গাড়ীক পৰিৱেশৰ বাবে অনুকূল কৰি বনোৱা হয়। এনে গাড়ীত পেট্র’লৰ খৰচ কম হয় বা নহয়েই। ইয়াৰ পৰা কাৰ্বনডাইঅক্সাইড নিৰ্গত নহয় বা হ’লেও কমকৈ হয়। সেউজ গাড়ী বিভিন্ন ধৰণৰ আছে। 

বৈদ্যুতিক গাড়ী: এইবোৰ গাড়ী বৈদ্যুতিক মটৰৰ সহায়ত চলে। ডাঙৰ ডাঙৰ বেটাৰীত বিদ্যুৎ শক্তি জমা কৰি ৰাখি ব্যৱহাৰ কৰে। 

হাইব্রিদ গাড়ী: এইবোৰ গাড়ীত দুটাকৈ মটৰ থাকে – এটা বিদ্যুতেৰে চলে আৰু এটা আভ্যন্তৰীণ দহনেৰে। সাধাৰণ গাড়ীতকৈ এনে গাড়ীয়ে কমকৈ পেট্র’ল ব্যৱহাৰ কৰে আৰু কমকৈ প্রদূষণ কৰে।

হাইদ্রজেন গাড়ী:ই ইন্ধন হিচাপে পেট্র’লৰ সলনি হাইদ্র’জেনৰ ব্যৱহাৰ কৰে। ধোঁৱাৰ সলনি এই গাড়ীয়ে পানীৰ ভাপ উৎপন্ন কৰি পৰিৱেশক সহায় কৰে। 

সৌৰ শক্তিৰে চলা গাড়ী (Solar Car): সূর্য্যৰ পোহৰৰ পৰা এই গাড়ীয়ে চলিবলৈ শক্তি লয়। সৌৰ পেনেলৰ সহায়ত সূর্য্যৰ পোহৰৰ পৰা বিদ্যুৎ উৎপন্ন কৰি সেই বিদ্যুতেৰে গাড়ীখন চলে।এই গাড়ীয়ে কোনো ধৰণৰ ধোঁৱা নিৰ্গত নকৰে।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story