Anaya’s Thumb – A Sweet Little Discovery
অনয়াৰ বুঢ়া আঙুলি
পৃথিৱীত অনয়াৰ সকলোতকৈ প্রিয় বস্তু হ‘ল তাইৰ বুঢ়া আঙুলিটো । তাই তাইৰ ঘূৰণীয়া মোটা ভোটোকা আঙুলিটো মুখত সুমুৱাই বৰ ভাল পায় । তাই বিছনাত শোৱাৰ সময়ত ইয়াক চোপে, শ্রেণী কোঠাত চোপে, তাই জুলনাত জুলি থাকোতেও ইয়াক চুপি থাকে । তাই আচলতে সকলো সময়তে আঙুলি চুপি থাকে !
তাইৰ মাক-দেউতাকে এই কথাটো ভাল নাপাইছিল । সেয়ে সদায় তেওঁলোকে কয়, “তোমাৰ বুঢ়া আঙুলিটো গোন্ধাইছে অনয়া, চুপি নাথাকিবা ! অনয়া, আঙুলি মুখত নিদিবা !”
আজি অনয়া চিৰিয়াখানালৈ গৈছে । মাক-দেউতাকে অন্য জন্তুবোৰ চাই ব্যস্ত থকা কাৰণে অনয়াৰ বুঢ়া আঙুলিটোলৈ চোৱা নাছিলে । অনয়াই এটা হাতী দেখিলে । তাই পোৱালি হাতী এটাও দেখিলে, পোৱালিটোৱে মাকৰ দৰে গাত পানী চটিয়াই খেলি থকা নাই । সি তাৰ বাপেকৰ লগত চিঞৰিও থকা নাই, আৰু লগৰ পোৱালিবোৰৰ লগত কলো খোৱা নাই । পোৱালি হাতীটোৱে কি কৰিছে ? তাৰ শুঁৰডাল চুপি আছে !
চুক ! চুক !
সিহঁতৰ একেবাৰে সন্মুখত কিছুমান হৰিণা আছে । মাকৰ লগত ঘাঁহ নােখােৱাকৈ থকা এটা হৰিণা পোৱালি অনয়াৰ চকুত পৰিল । তাই দেউতাকৰ দৰে অন্য জন্তুবোৰ চাই থকা নাছিল । তাই বন্ধুবোৰৰ লগতো দৌৰা- জঁপিওৱা কৰি থকা নাছিল । পোৱালি হৰিণাটোৱে কি কৰি আছে ? তাই খুৰাটো চেলেকি আছে !
চুক ! চুক !
ইয়াৰ পিছত সিহঁত বান্দৰ চাবলৈ গ‘ল । অনয়াই এটা বান্দৰ পোৱালি দেখিলে, কিন্তু পোৱালিটো মাকৰ গাত লাগি থকা নাই । তাই বাপেকৰ লগতো খেলা নাই । তাই অন্য পোৱালিবোৰৰ দৰে লুকাভাকু খেলাও নাই । পোৱালি বান্দৰটোৱে কি কৰি আছে ? নিজৰ বুঢ়া আঙুলিটো চুপি আছে !
চুক ! চুক !
অনয়াই পানীত জলহস্তী দেখিলে । তাত জলহস্তীৰ এটা পোঁৱালিও আছিল । সি মাকৰ লগত ডাঙৰ ডাঙৰকৈ হামিয়াই থকা নাই । বাপেকৰ লগতো ঘোৎ ঘোৎ কৰি থকা নাই, আৰু লগৰ আন পোৱালিবোৰৰ লগত সাঁতুৰিও থকা নাই । পোৱালি জলহস্তীটোৱে কি কৰি আছে নো ? তাইৰ ওঁঠ দুটা চুপি আছে !
চুক ! চুক !
বাঘটোৱে গোজঁৰণি মাৰি তাইক সম্ভাষণ জনালে । পোৱালি বাঘটোলৈ চোৱাচোন ! সি মাকৰ দৰে টোপনিয়াই থকা নাই । সি বাপেকৰ লগত মাখিও খেদাই থকা নাই । তাৰ বন্ধুবোৰৰ লগত মৰামৰিও কৰা নাই । পোৱালি বাঘটোৱেনো কি কৰিছে ! সি তাৰ নেজডাল চুপি আছে !
চুক ! চুক !

অনয়াই বহি লৈ স্ফূ্ৰ্তি নকৰাকৈ থকা পোৱালি জন্তুবোৰৰ কথা ভাবিবলৈ ধৰিলে, আৰু তাইৰ চাৰিওফালে থকা মানুহবোৰলৈ চালে । তাই সৰু ল‘ৰা এটাই দেউতাকৰ কান্ধত উঠি হাত লৰাই থকা দেখিলে । এটা সৰু ল‘ৰাই হাওৱা মিঠাই আৰু ফলৰ ৰস লৈ যোৱা দেখিলে ।
তাই এজনী ছোৱালীয়ে কেমেৰা লৈ ফটো উঠাই থকা দেখিলে । এটা শিশুৱে তাৰ ঝুনঝুনিটো বজাই থকা দেখিলে । সকলোবোৰ শিশুৱে আনন্দ কৰিছে ! অনয়াই তাইৰ নাকৰ কাষৰে তললৈ চাই নিজৰ বুঢ়া আঙুলিটো মুখত সোমাই থকা দেখিলে । তাই বাৰু বুঢ়া আঙুলি অন্য কিবা ভাল কামত লগাব পাৰিব নে ?
অনয়াই আঙুলিটো তাইৰ মুখৰ পৰা উলিয়াই আনি দৌৰি গৈ মাক আৰু দেউতাকৰ মাজত থিয় হ‘লগৈ । তাই তেওঁলোকৰ হাতত ধৰি ১- ২ – ৩, উচ্চাৰণ কৰি কৰি জঁপিয়াই ইফালৰ পৰা সিফালে জুলিবলৈ ধৰিলে ।
“হুইইই ! সৰু বান্দৰ পোৱালিটোৱেও তাইক দেখি তাকে কৰিবলৈ ধৰিলে ।






