Jadukori Guri Story: A Magical Tale of Hard Work and Success
যাদুকৰী গুড়ি
বহুবছৰৰ আগৰ কথা, ইৰাৱদী নদীৰ পাৰত এখন সৰু গাঁও আছিল। সেই গাঁওখনত থুজা নামৰ এগৰাকী গাভৰু বাস কৰিছিল। তাইৰ থেংগী নামৰ ধুনীয়া ডেকা এজনৰ লগত বিয়া হৈছিল। থেংগীয়ে দিনটোৰ গোটেইখিনি সময় মাটিক সোণত পৰিণত কৰাৰ মন্ত্ৰ বিচাৰিয়েই পাৰ কৰিছিল, এই কথাটোৱে থুজাক বৰ চিন্তাত পেলাইছিল। দিনৰ দিনটো, আৰু কেবাদিনলৈকেও, থেংগীয়ে কিবা-কিবি মন্ত্ৰ জপ কৰি আৰু অনুসন্ধান কৰিয়েই সময় অপচয় কৰিছিল। অতি সোনকালেই সিহঁতৰ সকলো পইচা শেষ হৈ গৈছিল আৰু থুজাই সিহঁত দুজনৰ কাৰণে খোৱাবস্তু কিনিবলৈ কষ্ট কৰিবলগীয়া হৈছিল। তাই বৰ চিন্তিত হৈ পৰিছিল। সকলো সময়তে চিন্তাত থকা দেখা গৈছিল।
Thank you for reading this post, don't forget to subscribe!থুজাই অধৈৰ্য্য হৈ গিৰিয়েকক ক’লে, “তুমি চাকৰি এটা বিচাৰি লোৱা, থেংগী। আমি এনেদৰে আৰু থাকিব নোৱাৰো!” কিন্তু থেংগীয়ে কোনো কথা শুনা নাছিল, “মই সাফল্য অর্জনৰ পৰা মাত্র কিঞ্চিত দুৰৈত আছো। আমাৰ কাম কৰাৰ প্রযোজনেই কি যদি আমি ভবাতকৈও বেছি ধনী হৈ যাওঁৱেই? আমি অতি সোনকালে মাটিক সোণলৈ পৰিণত কৰিব পাৰিম।”
তাকে শুনি উপায়হীন হৈ থুজা তাইৰ জ্ঞানী দেউতাক বুঢ়া থেটৰ ওচৰ পালেগৈ। থেটে যেতিয়া গম পালে যে তেওঁৰ জোঁৱায়েক যাদু-মন্ত্ৰত বিশ্বাসী, তেওঁ বৰ আচৰিত হ’ল। তেওঁ অলপ সময় চিন্তা কৰিলে আৰু থেংগীক মাতি পঠিয়ালে। থুজা সিদিনা আনন্দমনে ঘৰ পালেহি, তাই জানিছিল যে তাইৰ দেউতাকে কিবা নহ’লেও কিবা উপায় উলিয়াব।
পিছদিনা থেংগী ভয়ে ভয়ে তাৰ শহুৰ দেউতাৰ ওচৰ পালে। থেটে তাক একাষৰীয়াকৈ মাতি নি ক’লে, “বহু বছৰৰ আগতে তোমাৰ দৰে ডেকা হৈ থাকোতে ময়ো যাদু-বিদ্যা কৰিছিলো।” তাকে শুনি থেংগী আচৰিত হৈ গ’ল।
তেওঁ গোটেই দুপৰীয়াটো থেংগীৰ কথাবোৰ মন দি শুনিলে। অৱশেষত বুঢ়া মানুহজন থিয় হৈ ক’লে, “থেংগী, তোমাৰ বয়সত মই যিখিনি কৰিছিলো, তুমিও তাকেই কৰিছা। তুমি সঁচাকৈয়ে এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰত লাগি আছা। অভিনন্দন! তুমি মাত্ৰ এটা কথাতেই পিছ পৰি আছা। মাটিক সোণলৈ পৰিণত কৰাৰ শেষমূহুৰ্তত তুমি এয়া কৰিব লাগিব। অলপতেহে মই এই উপায়টো আৱিষ্কাৰ কৰিছো। কিন্তু মোৰ বয়সে ভাটি দিয়া কাৰণে মই আগুৱাব পৰা নাই। উপায়টোৰ বাবে যথেষ্ট কষ্টৰ প্ৰয়োজন…”
থেংগীয়ে মাত লগালে, “দেউতা, মই থাকোতে কিহৰ চিন্তা?” থেংগীৰ মনটো উৎফুল্লিত হৈ উঠিল, অৱশেষত তাৰ কষ্টৰ ফল সি পাব! “আপুনি উপায়টো মোক দিয়ক।”
থেটে ক’লে, “তোমাৰ উছাহ দেখি মোৰ বৰ ভাল লাগিছে!” তেওঁ থেংগীৰ ওচৰলৈ গৈ ফুচফুচাই ক’লে, “সেই উপায়টো হ’ল তুমি এনেকুৱা এবিধ ৰূপালী গুড়ি গোটাব লাগিব যিটো অকল কলগছৰ পাততহে পোৱা যায়। তুমি কলগছ কেইজোপামান ৰুব লাগিব আৰু ৰোওতে বিশেষ মন্ত্ৰ এটা মাতিব লাগিব। সেই গছকেইজোপা যেতিয়া ডাঙৰ হ’ব, তাৰ পাতত থকা গুড়িখিনিয়ে যাদুকৰী শক্তি পাব।”
“দেউতা, পিছে আমাক কিমান পৰিমাণৰ গুড়ি লাগিব?” থেংগীয়ে আগ্ৰহেৰে সুধিলে।
“এক কিলো” থেটে উত্তৰ দিলে।
থেংগীয়ে চিঞৰি উঠিল, “এক কিলো??? তাৰ কাৰণে চোন শ শ কলগছ লাগিব!!!”
“তাকেই, বাবা।” বুঢ়া মানুহজনে ক’লে, “ সেইকাৰণেই মই কৈছিলো যে কামটো মই সম্পূৰ্ণ কৰিব নোৱাৰিম…”
“আপুনি চিন্তা নকৰিব, দেউতা”, থেংগীয়ে ক’লে,” মই পাৰিম!”
সিদিনা সন্ধিয়াই থেটে থেংগীক যাদুমন্ত্ৰটো শিকাই দিলে আৰু কাম আৰম্ভ কৰিবলৈ পইচা অলপ ঋণ হিচাপে দিলে।
তাৰ পিছদিনাই থেংগীয়ে ঘৰৰ ওচৰতে অলপ মাটি কিনিলে আৰু সেয়া পৰিস্কাৰ কৰিলে। থেটে কোৱামতে নিজেই গাঁত খান্দি তাত যাদুমন্ত্ৰটো মাতি কলপুলিবোৰ ৰুই দিলে। সিদিনাৰ পৰা প্ৰতিদিনে সি ঠাইখিনিলৈ গৈ পুলিবোৰ পৰ্য্যবেক্ষণ কৰে। পুলিবোৰৰ তলত বাঢ়ি অহা ঘাঁহ-বনবোৰ নিয়মিতভাৱে পৰিষ্কাৰ কৰে। কিছুদিন পিছত যেতিয়া পুলিকেইটা ডাঙৰ হৈ ফল ধৰিলে, সি সাৱধানে কলপাতৰ পৰা ৰূপালী গুড়িখিনি গোটাই বাকচ এটাত সযতনে থৈ দিলে।
পিছে সেইখিনি কলগছৰ পৰা একেবাৰে নগণ্য পৰিমাণৰহে গুড়ি পোৱা গ’ল। সেয়ে থেংগীয়ে আৰু এটুকুৰা মাটি কিনি তাতো কলপুলি ৰোৱা আৰম্ভ কৰিলে। তাৰ উদ্দেশ্য সফল কৰিবলৈ সি বদ্ধপৰিকৰ হ’ল। বহু বছৰ পাৰ হৈ গ’ল আৰু অৱশেষত সি একিলো ৰূপালী গুড়ি গোটাবলৈ সক্ষম হ’ল। সি উত্তেজিত হৈ ততাতৈয়াকৈ তাৰ শহুৰদেউতাকৰ ওচৰলৈ লৰ মাৰিলে। মাটিক সোণলৈ পৰিণত কৰাৰ তাৰ সপোন যেন অতি সোনকালেই সাৰ্থক হ’ব!

“দেউতা, এইয়া লওক, অৱশেষত কৰি পেলালো।” সি উত্ৰাৱল হৈ ক’লে।
বুঢ়া মানুহজনে আনন্দত মতলীয়া হৈ পৰিল। তেওঁ ক’লে, “বা:,! বঢ়িয়া! তুমি খুব ভাল কাম কৰিলা থেংগী। তোমাক লৈ মই খুবেই গৌৰৱবোধ কৰিছো। বাৰু, এতিয়া মই তোমাক দেখুৱাম মাটিৰ পৰা সোণ কিদৰে বনায়। কিন্তু, তাৰ আগতে তুমি থুজাক মাতি আনা। তাই নোহোৱাকৈ এই কামটো সম্ভৱ নহ’ব।” থেংগীয়ে ঠিক একো বুজিব নোৱাৰিলে যদিও অলপো সময় অপচয় নকৰি দৌৰি গৈ তৎক্ষণাৎ থুজাক লৈ আহিল।
“থুজা,” বুঢ়া মানুহজনে সুধিলে, “থেংগীয়ে যেতিয়া গুড়িখিনি গোটাই আছিল, তুমি কলবোৰ কি কৰিছিলা?” “দেউতা, মই কলবোৰ বিক্ৰী কৰিছিলো, আৰু তাৰ পৰা পোৱা পইচা ঘৰ চলোৱাত ব্যৱহাৰ কৰিছিলো!” থুজাই ক’লে।
“তেতিয়াহ’লে তুমি নিশ্চয় পইচাও জমা কৰিবলৈ সক্ষম হৈছিলা? থেংগীয়ে ভালেখিনিয়েই কল উৎপাদন কৰিছিল…”
বুঢ়া মানুহজনে কৈ গ’ল।
“হয়, কৰিছিলো দেউতা!” থুজাই উত্তৰ দিলে।
“আমি সেইখিনি চাব পাৰিমনে?” থেটে সুধিলে।
“নিশ্চয় পাৰিব, দেউতা। মই গোটেইখিনি ঘৰত সযতনে ৰাখিছো।” থুজাই হৰ্ষমনে ক’লে।
তিনিও থেংগী আৰু থুজাৰ ঘৰলৈ গ’ল। তাত থুজাই ওপৰৰ কুঠৰীৰ পৰা কেইবাটাও বেগ উলিয়ালে যিবোৰ তাই তাত সযতনে ৰাখিছিল। থেটে তাৰে এটা খুলিলে আৰু ভিতৰলৈ জুমি চাই মিচিকিয়াই হাঁহিলে। তাৰ পিছত তেওঁ মেজৰ ওপৰতেই বেগটো খালী কৰি দিলে। তাৰ ভিতৰৰ পৰা বহুত সোণৰ মুদ্ৰা ওলাই পৰিল আৰু মেজৰ ওপৰত মুদ্ৰাৰ উজ্জ্বল ঢিপ এটাৰ সৃষ্টি হ’ল। তাৰ পিছত থেটে পথাৰলৈ গৈ এমুঠি বালি লৈ আহি তাৰ কাষত ৰাখিলে, “চোৱা, থেংগী, তুমি মাটিক সোণলৈ পৰিণত কৰিলা।” তেওঁ জোঁৱায়েকৰ ফালে ঘূৰি চাই ক’লে।
সিদিনাৰ পৰা থেংগীয়ে যাদুকৰী গুড়ি গোটোৱা বাদ দিলে। কিন্তু, কলগছ ৰুই আৰু বেছিকৈ কল উৎপাদন কৰিব ধৰিলে। যিয়েই নহওক, তাৰ “তান্ত্ৰিক” শহুৰদেউতাকে মাটিক সোণলৈ পৰিণত কৰাৰ আটাইতকৈ ভাল উপায়টো তাক দিলে। তাৰ পিছত তাক কোনো যাদুকৰী গুড়িৰ প্ৰয়োজন নহ’ল।
কলৰ যাদু!
কলৰ পৰা থেংগীয়ে পোৱা যাদুকৰী গুড়িৰ পিছত তোমাৰ সমনীয়াবোৰক তুমি কলৰ বিশেষ ধৰণৰ যাদু এটা দেখুৱাই আচৰিত কৰি দিব পাৰা। সিহঁতক কোৱা যে তুমি টুকুৰা-টুকুৰকৈ উৎপন্ন হোৱা কল চিনি পোৱা!
তোমাৰ যাদুকৰী কলটো বনাবৰ বাবে তোমাক লাগিব:
কেইটামান পকা কল
এটা বেজী বা দাঁত খৰকা খৰিকা
কিদৰে বনাবা:
১. বেজীটো কলটোৰ ভিতৰলৈ সোমাই দিয়া।
২. তাক বাহিৰলৈ উলিয়াই নানি সাৱধানে কলটোৰ ভিতৰতেই সোঁফালে
আৰু বাওঁফালে ঘূৰাই দিয়া। মনত ৰাখিবা, তুমি বাহিৰৰ বাকলিটো কাট নোখোৱাকৈ ভিতৰৰ ফলটো ভালদৰে কাটা। আৰু বেজীৰ ফুটাটো যিমানে মান পাৰা যিমানে সৰুকৈ ৰখাৰ চেষ্টা কৰিবা- ফুটাটো যিমান সৰু হ’ব, সিমানেই ইয়াক আনে নেদেখিব।
৩. বেজীটো উলিয়াই ওপৰত কোৱা কামখিনি কলটোৰ বেলেগ বেলেগ ঠাইত কৰা। এক ইঞ্চিৰ দূৰত্ব ৰাখি কলটোক এনেকুৱা ছয়টা ভাগত ভাগ কৰা। তোমাৰ লগত থকা আটাইকেইটা কলতেই এই কামটো কৰা।
তোমাৰ যাদুকৰী কল এতিয়া তোমাৰ হাতত- তোমাৰ সমনীয়াবোৰক এই নতুন ধৰণৰ কলবোৰ খাবলৈ দিয়া আৰু কোৱা তোমালোকৰ ওচৰৰ বাগানত এই বিশেষ কলবিধ তুমি কেনেকৈ পালা সেই বিষয়ে এটি সাধু কোৱা। ভাবাচোন, তোমাৰ লগৰবোৰে কলৰ বাকলিটো গুচাই কিমান আচৰিত হ’ব!
যাদুটো ভাল লাগিলনে?





