Women Pilot Story: Inspiring Journey of a Girl Who Dreamed of Flying
পাইলটকক্ষত আৰ্য়া
সৰুৰে পৰা আৰ্য়াৰ আকাশত উৰি ফুৰাৰ বহুত মন আছিল।
Thank you for reading this post, don't forget to subscribe!যেতিয়া আৰ্য়া চাৰি বছৰীয়া আছিল, তাই ৰোজাম্মাৰ দৰে হ’ব বিচাৰিছিল।
আৰ্য়াই তেওঁক চাৰ্কাচত দেখিছিল। ৰোজাম্মা এগৰাকী জিমনাষ্টিকৰ শিল্পী আছিল।
আৰ্য়াই ৰোজাম্মাৰ দৰে জকমকীয়া কাপোৰ পিন্ধি বতাহত উৰি উৰি এডাল ৰছীৰ পৰা আনডাললৈ জপিওৱাৰ সপোন দেখিছিল। শ শ মানুহে আৰ্য়াৰ কাৰণে হাত চাপৰি বজোৱাৰ আশা তাই পুহি ৰাখিছিল।
তাই ভাবিছিল যে তেতিয়া তাই সদায় কপাহ মিছিৰি (কটন কেণ্ডী) খাব পাৰিব আৰু এজন বহুৱা হ’ব তাইৰ সবাতোকৈ ভাল বন্ধু।
জিমনাষ্টিক শিল্পী (ট্ৰেপিজ আৰ্টিষ্ট) সকলে ওখ জখলা এডাল বগায়, এখন ঠেক ফলকৰ ওপৰত খোজ কাঢ়ে, লাঠি এডালত ধৰে আৰু তাতেই ওলমি উৰি যায়। সাধাৰণতে, আন এজন শিল্পীয়ে তেওঁলোকক ধৰিবলৈ আনটো পাৰে ৰৈ থাকে।
আৰ্য়া যেতিয়া আঠ বছৰীয়া আছিল, তাই কল্পনা চাওলাৰ দৰে হ’ব বিচাৰিছিল।
তাই নিজৰ কাৰণে কমলা ৰঙৰ স্পেচ চুট (মহাকাশত পিন্ধা বিশেষ ধৰণৰ পোছাক) এটা বনাই দিনে ৰাতিয়ে পিন্ধি থাকিছিল।
“আৰ্য়া, তোমাৰ বাৰু গৰম
লগা নাইনে?”
“আম্মা, মহাকাশচাৰী হ’বলৈ এইখিনি গৰম সহ্য কৰিবই লাগিব। মহাকাশখন আমাৰ পৃথিৱীৰ দৰেতো সুৰক্ষিত নহয়। মোৰ পোছাকটোৱে মোক
সুৰক্ষা দিব।”
কল্পনা চাওলা ভাৰতৰ হাৰিয়াণা ৰাজ্যত ডাঙৰ-দীঘল হৈছিল। কল্পনা চাওলা এনেকুৱা এগৰাকী মহাকাশচাৰী আছিল যিয়ে তেওঁৰ মহাকাশযানত পৃথিৱীৰ চাৰিওফালে ২৫২ বাৰ প্ৰদক্ষিণ কৰিছিল! কল্পনাই ৰাওনা হোৱা মহাকাশযানখন পৃথিৱী অভিমুখে যাত্ৰা কৰোঁতে চূৰ্ণ-বিচূৰ্ণ হৈ যোৱা হেতু কৰ্মৰত অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰিছিল।
বাৰ বছৰ বয়সত তাই এমিলিয়া এৰহাৰ্টৰ দৰে হ’ব খুজিছিল।
স্কুলত কৰিবলৈ দিয়া প্ৰকল্পৰ কাৰণে তাই উৰাজাহাজৰ নমুনা এটা বনাইছিল। সেইখন উৰিব পৰা নাছিল যদিও তাই দ্বিতীয় পুৰস্কাৰ পাইছিল।
আৰ্য়াই আনকি তাইৰ চুলিকেইডালো এমিলিয়াৰ চুলিৰ আৰ্হিত কটাই লৈছিল।
এমিলিয়া এৰহাৰ্ট আছিল আটলাণ্টিক মহাসাগৰৰ ওপৰেৰে উৰি পাৰ হৈ যাবলৈ সক্ষম হোৱা পৃথিৱীৰ প্ৰথম গৰাকী মহিলা।গোটেই পৃথিৱীখন বিষুৱৰেখাৰ লগে লগে উৰি পৰিভ্রমণ কৰা এমিলিয়াৰ সপোন আছিল।তেওঁ সপোনৰ যানখন লৈ উৰা মাৰোঁতেই প্ৰশান্ত মহাসাগৰৰ কোনোবা অংশত বিলীন হৈ গৈছিল।
কিছুদিন পিছতেই আর্য়াই ভাৰতৰ উৰাজাহাজ উৰোৱা প্ৰথম মহিলা অংগুলিয়া বাই, কুমুডাম্মাল
আৰু সৰলা ঠাকৰালৰ কথা শুনিবলৈ পালে।
অংগুলিয়া বাইৰ বয়স তেতিয়া মাত্ৰ ১৬ বছৰ।
“মই যে কেতিয়া কিশোৰ হ’ম!”
“কিয়, গাড়ী চলাবা?”
“নহয়”
“ভোট দিবা?”
“নহয়”
“তেতিয়াহ’লে কি কৰিবা?”
“মই উৰিম!”
১৯৩৫ চনৰ ৩০ মে’ত উনৈশ বছৰ বয়সৰ কুম্মুডাম্মাল আৰু ষোল্ল বছৰীয়া অংগুলীয়া বাই ভাৰতৰ প্ৰথম দুগৰাকী ‘A’ পাইলটৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত
মহিলা হিচাপে স্বীকৃতি লাভ কৰিছিল। তেওঁলোকে মাদ্ৰাছ ফ্লাইং ক্লাবত
প্ৰশিক্ষণ লৈছিল।
ওঠৰ বছৰ বয়সত আৰ্য়াই যোদ্ধা পাইলট হ’ব বিচাৰিছিল।
“তেওঁলোক কোন,চেচী (বাইদেউ)?” তাইৰ ভাইটি ৰাজুৱে বেৰত থকা পোষ্টাৰখন দেখি সুধিলে।
“তেওঁলোক হ’ল ভাৰতৰ যুদ্ধ বিমান চলোৱা প্রথম মহিলাকেইগৰাকী -ভাৱনা, অৱনী আৰু মোহনা।”
“তেওঁলোক তোমাৰ লগৰ নেকি?”
আৰ্য়াই ডাঙৰকৈ হাঁহি ক’লে, “কেতিয়াবা হৈ যাব পাৰে, ৰাজু…”

মোহনা, ভাৱনা আৰু অৱনী তিনি গৰাকী যোদ্ধা পাইলট। ভাৰতত আগতেঅকল পুৰুষকহে যোদ্ধা বিমান চলোৱাৰ অনুমতি দিয়া গৈছিল। তেওঁলোকে বায়ুমণ্ডলৰ পৰাই দেশৰ সীমাত পহৰা দিয়ে। বানপানী অথবা ভূমিকম্পৰ দৰে দুৰ্যোগৰ সময়ত তেওঁলোকে উদ্ধাৰ অভিযানতো সহায় কৰে।
ফ্লায়িং স্কুল যাবৰ বাবে আৰ্য়াই পইচা জমা কৰিলে।
বছৰ বছৰ ধৰি তাই ভালদৰে পঢ়া-শুনা কৰিলে, পাইলটবোৰৰ লগত বহি নানা নতুন কথা শিকিলে, তাই কঠোৰ পৰিশ্ৰম কৰিলে আৰু ঢেৰ গাজৰ খালে! আম্মাই তাইক সদায় কৈছিল যে চকুৰ কাৰণে গাজৰ বৰ উপকাৰী।
অৱশেষত তাই নিজেই পাইলটকক্ষত বহি বিমান উৰোৱাৰ বাবে সাজু হ’ল।
আৰ্য়াৰ কাৰণে আজি এটা বিশেষদিন। আজি ৰাতিপুৱা তাইৰ উৰাজাহাজত দুগৰাকী বিশেষ যাত্রী থকাৰ বাবে
তাই উত্তেজিত হৈ আছে।
“সকলোৰে জ্ঞাতাৰ্থে জনোৱা হ’ল যে মই কেপ্টেইন আৰ্য়া। এই যাত্ৰালৈ আপোনালোকক স্বাগতম!”
“চেচী!”
“এইজনীয়েই মোৰ জীয়ৰী!”





