First Flight Experience

First Flight Experience: Raju’s Exciting Airplane Journey

First Flight Experience of Raju captures a child’s excitement, airport wonders, and joy of flying for the first time.

ৰাজুৰ প্ৰথম উৰাজাহাজ ভ্ৰমণ

কেপ্টেইন ৰাজুৱে তাৰ যুদ্ধ বিমানখন আইফেল টাৱাৰটোত লাগো  নালাগোকৈ ঘপকৈ বাওঁফালে ঘূৰাই দিলে।

Thank you for reading this post, don't forget to subscribe!

“হুফ্! পেৰিছত বিমান উৰোৱা সহজ কাম নহয় দেই!” সি ভাবিলে। টাৱাৰটোত লাগে বুলি তাৰ বুকুখন চিৰিংকৈ গৈছিল।

হঠাতে সি বিমানকক্ষৰ পৰা “বিপ বিপ বিপ” শব্দ শুনিবলৈ পালে। এই শব্দটো ক’ৰ পৰা আহিছে? সি শত্ৰুপক্ষৰ মাটিত আছে নেকি? ইঞ্জিনটো কিবা বেয়া হ’ল নেকি?

*বিপ বিপ বিপ*

ৰাজুৱে তাৰ ঘড়ীটোৰ এলাৰ্মৰ শব্দত সাৰ পাই উঠিল। সি দীঘলকৈ হুমুনিয়াহ কাঢ়ি ভাবিলে, “অ’, এইটো এটা সপোনহে আছিল!!!” কিন্তু, আজিতো মন বেয়া কৰাৰ প্ৰশ্নই নুঠে।

আজি এটা ভাল দিন।

“আজি মই জীৱনত প্ৰথমবাৰ উৰাজাহাজত উঠিম! আম্মা, মই সাৰ পালো!” 

তাৰ মাকে চুটকেচটোৰ চেইনডাল বন্ধ কৰি আছিল।

মাকে তাক ক’লে, “অ, উঠিলা! তোমাৰ বাইদেউক লগ পাম বুলি মোৰ মনটো আজি খুব ভাল লাগি আছে। আৰ্য়াক লগ পোৱা যে ইমান মাহ হ’ল! যোৱা, তৎক্ষণাত যাবলৈ সাজু হোৱা।”

ৰাজুৱে জীৱনত প্ৰথমবাৰৰ বাবে বিমান-বন্দৰৰ ভিতৰভাগ দেখিবলৈ পালে। সি তাৰ মাকক চুটকেচটো দাঙি

চলন্ত বেল্ট এডালৰ ওপৰত উঠাই দিয়াত সহায় কৰিলে। বেল্টডালে মানুহে উঠাই দিয়া বেগবোৰ মেচিন এটাৰ ভিতৰলৈ লৈ গ’ল।

সেই মেচিনটোৰ পিছফালে দেখিবলৈ বৰ কঠোৰ যেন লগা ইউনিফৰ্ম পৰিহিতা মহিলা এগৰাকীয়ে সৰু স্ক্ৰীন এখনত কিবা চাই আছিল। স্ক্ৰীনখনৰ ফালে চাই ৰাজু আচৰিত হৈ গ’ল। তাত ৰাজুৰ বেগটোৰ লগতে বেগৰ ভিতৰত থকা তাৰ খেলৰ জোতাযোৰ আৰু দূৰবীক্ষণটোকে আদি কৰি গোটেইবিলাক বস্তু দেখা গৈছিল!

“একেবাৰে এক্স-ৰেত দেখাৰ দৰে চোন…”, ৰাজু অবাক হৈ গ’ল।

ৰাজুৱে সেই মহিলাগৰাকীক কিবা এটা সুধিবলৈ মুখখন মেলোতেই তাৰ মাকে তাক ক’লে, “ৰাজু, এতিয়া একো নক’বা। তেওঁ বিমানবন্দৰৰ সুৰক্ষাৰ কাম চোৱা-চিতা কৰি আছে। যাত্ৰীসকলৰ কোনেও যেন কোনো অস্ত্ৰ নাইবা বিস্ফোৰকৰ দৰে একো বিপজ্জনক বস্তু কঢ়িয়াই নানে, তাকে ভালদৰে চোৱাটো তেওঁৰ দায়িত্ব। তেওঁক দিগদাৰ কৰাটো উচিত নহ’ব।”

অৱশেষত, ৰাজু এটা ডাঙৰ

হলৰ ভিতৰত সোমাল।

সেই হলটোৰ বেৰবোৰ আছিল গ্লাচৰ আৰু তাৰ বাহিৰত সি কেবাখনো উৰাজাহাজ দেখিলে। এখন উৰাজাহাজ উৰিবলৈ সাজু হৈছিল।

“উৰাজাহজৰ পাইলটবোৰৰ ইমান গুৰুত্বপূৰ্ণ কাম থাকে, নহয়নে মা?”

“হয় ৰাজু, বাছচালক নতুবা

সমুদ্ৰ জাহাজৰ কেপ্টেইনবোৰৰ দৰে তেওঁলোকৰ ওপৰত কেবাজনো যাত্ৰীৰ সুৰক্ষিত যাত্ৰাৰ দায়িত্ব থাকে।”

“বাইদেউ যে ইমান ভাগ্যবান,

তাই ইমানকেইখন উৰাজাহাজত আজিলৈ ইমানবাৰ যাত্ৰা কৰিছে! মই ডাঙৰ হোৱালৈ ৰৈ থাকিব নোৱাৰো দেই।”

মাকে হাঁহিলে আৰু ক’লে, “হয়, আৰ্য়াই বহুবাৰ যাত্ৰা কৰিছে। পিছে তোমাৰ মাত্ৰ ন বছৰহে, তুমি ডাঙৰ হ’বলৈ আৰু বহুবছৰ বাকী, ৰাজু!”

ৰাজুৱে মানুহবোৰক গেট নং ৮ত শাৰী পাতি থিয় হৈ থকা দেখি ক’লে, “মা, সেইখন আমাৰ গেট। উৰাজাহাজত উঠা সময় আহি গ’ল।”

First Flight Experience

দহ মিনিটমান পিছত ৰাজু আৰু তাৰ মাক উৰাজাহাজৰ আসনকেইখনত ভালদৰে চিট-বেল্টকেইডাল বান্ধি বহি ল’লে। উৰাজাহাজখন চলা আৰম্ভ কৰোতেই ৰাজুৱে খিৰিকীৰে বাহিৰলৈ চালে। প্ৰথমে ই মন্থৰ গতিত যোৱা আৰম্ভ কৰিছিল কিন্তু অলপ পিছত ইমানেই দ্ৰুতবেগেৰে চলিব ধৰিলে যে ৰাজুৱে তাৰ আসনত কম্পন অনুভৱ কৰিলে।

অলপ সময় পিছত কম্পনটো বন্ধ হ’ল। প্ৰকাণ্ড উৰাজাহাজখন বতাহত উৰিবলৈ ধৰিলে।

“মা, আমি উৰি আছো!!!”

“হা: হা:, হয়তো! ৰাজু, এতিয়া শুনা, তেওঁলোকে কিবা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰি আছে, চুছছছ…!”

কাৰোবাৰ চিনাকি যেন লগা মাত এটা স্পিকাৰত

বাজি উঠিল…

“ভদ্ৰলোকসকল আৰু ভদ্ৰমহিলাসকল,মই কেপ্টেইন আৰ্য়া।এই যাত্ৰালৈ আপোনালোকক স্বাগতম!”

“বাইদেউ!”

“এইজনীয়েই মোৰ জীয়ৰী!”

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story