The Generous Boy

The Generous Boy: A Heartwarming Assamese Story of Kindness

A touching Assamese tale of the generous boy whose kindness changes a stranger’s life and earns him unexpected recognition.

এজন উদাৰ ল’ৰা

এসময়ত ৰাজ নামৰ এজন ল’ৰা আছিল। সি নিজৰ মাকৰ সৈতে এটা সৰু ঘৰত বাস কৰিছিল। ৰাজৰ দেউতাকৰ ইতিমধ্যে মৃত্যু হৈছে। সিহঁতৰ আর্থিক অৱস্থাও যথেষ্ট বেয়া আছিল। ৰাজৰ মাক এগৰাকী উদাৰ মনৰ মহিলা। তেওঁ সদায় ৰাজক আনক সহায় কৰিবলৈ শিকাইছিল।

Thank you for reading this post, don't forget to subscribe!

এদিন ৰাজৰ স্কুলৰ বাইদেৱে ক’লে যে তেওঁলোক স্কুলৰ পৰা সংগ্রহালয় চাবলৈ যাব। ৰাজৰ মাকে বাটত খাবৰ বাবে তাক এটা পিঠিত লোৱা বেগত এটা পানীৰ বটল আৰু খোৱাবস্তু দিলে।লগতে তেওঁ ৰাজক ২০ টকা দি ক’লে, “খুব প্রয়োজন হ’লেহে এই পইছাটো খৰছ কৰিবা কিন্তু মিঠাই নিকিনিবা দেই।” “ঠিক আছে মা।” ৰাজে ক’লে।

সি বাছত উঠি যাবলৈ ওলোৱাৰ সময়ত মাকে কোৱা কথাষাৰ মনত পেলালে।

সংগ্রহালয়ত সি তাৰ বন্ধুবোৰৰ সৈতে বৰ ফুর্তি কৰিলে।

The Generous Boy

তিনি ঘন্টা মানৰ পিছত ৰাজহঁত উভতি আহিবলৈ বুলি সাজু হ’ল। তেনেতে ৰাজে মন কৰিলে যে তাৰ জোতাৰ ফিটাডাল খোল খাই আছে। তললৈ মূৰ কৰি ফিটাডাল মাৰি লৈ থিয় হওঁতেই সি হঠাতে বুঢ়া মানুহ এজন পিছলি পৰা দেখিলে।

“মৰিলো, মৰিলো !” মানুহজনে আতুৰ ভাৱে মাতিলে।

ৰাজে ততাতৈয়াকৈ মানু্জনৰ ওচৰলৈ দৌৰি গ’ল আৰু তেওঁ ঠিকে আছে নে নাই সুধিলে। সি মাকে দিয়া পইছাটোৰে ওচৰৰে দোকান এখনৰ পৰা এটা পানীৰ বটল কিনি আনি মানুহজনক খাবলৈ দিলে। মানুহজনে ৰাজৰ উদাৰতাৰ বাবে তাক ধন্যবাদ জনালে আৰু মৰম কৰিলে। মানুহজনৰ পৰা বিদায় লৈ ৰাজ স্কুল বাছৰ ফালে দৌৰি গ’ল।

ভাগ্যক্রমে বাছখন তেতিয়াও তাৰ বাবে ৰৈ আছিল। কিন্তু তাৰ বাইদেৱে তাক যথেষ্ট খঙেৰে চিঞৰি সুধিলে, “ক’ত আছিলা তুমি? আমি তোমাৰ কাৰণে কিমান সময়ৰ পৰা ৰৈ আছো!’

ঘৰলৈ উভতি আহি ৰাজে মাকক গোটেই ঘটনাটো ক’লে।তাৰ কথাখিনি শুনি মাকে বৰ আনন্দ পালে। কাৰণ সি সঁচাকৈয়ে কাৰোবাক সহায় কৰিলে।

কেইমাহ মানৰ পিছত ৰাজৰ স্কুলত এটা ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

ৰাজে মাকক সুধিলে,” তুমিও আমাৰ স্কুলৰ অনুষ্ঠানলৈ যাবা নেকি?” মাকে ক’লে,” ঠিক আছে।”

পিছদিনা ৰাজ আৰু তাৰ মাক একেলগে স্কুললৈ গ’ল।

সেইদিনা ৰাজে তাৰ বন্ধুবোৰৰ লগত হেঁপাহ পলুৱাই খেলিলে।কিছু সময়ৰ পিছতে বঁটা বিতৰণী সভা অনুস্থিত হ’ল।

তেনেতে ৰাজৰ মাকে তাক সোনকালে আহিবলৈ ক’লে আৰু ক’লে যে মঞ্চৰ পৰা ৰাজৰ নাম পাঁচ বাৰ মান মতা হৈছে।

ৰাজে মঞ্চৰ ফালে আগবাঢ়ি গৈ থকাৰ সময়ত মন কৰিলে যে মঞ্চত বঁটা বিতৰণ কৰি থকা মানুহজনক সি চিনি পায়। কিন্তু মানুহজনক ক’ত দেখিছিল তাৰ মনত পৰা নাছিল।

সি মঞ্চত উঠাৰ পিছত সেই মানুহজনে তাক সুধিলে,” মোক চিনি পাইছা নে?’ ৰাজে মূৰ জোকাৰিলে।

মানুহজনে ৰাজক ক’লে, “এদিন যে মই পৰি যাওঁতে তুমি মোক সহায় কৰিছিলা। মনত পৰিছে নে?” হয় হয় মোৰ মনত পৰিছে।” ৰাজে ক’লে।

“তুমি এজন বৰ মৰমলগা উদাৰ কণমানি ল’ৰা।” মানু্হজনে ক’লে। আৰু সেইবুলি কৈ তেওঁ ৰাজৰ হাতত এটা ট্রফী তুলি দিলে। য’ত লিখা আছিল- “সবাতোকৈ উদাৰ ব্যক্তিজন।’

“মই তোমাক আন কিবা প্রকাৰে সহায় কৰিবলৈ পালেও ভাল পাম। তুমি তোমাৰ মাৰ লগত মোৰ ঘৰলৈ আহিবা।” মানুহজনে ক’লে। ৰাজে বৰ আনন্দ পালে। ৰাজৰ মাকে তাক লৈগর্ব অনুভৱ কৰিলে।

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story