Kali: The Rural Dance Prodigy Who Conquered Bharatanatyam and Folk Arts
কালীৰ নাচিবলৈ মন
কোৱালাম নামৰ মাছমৰীয়া গাঁওখনৰ কালী ৱীৰাপথিৰান হ’ল এজন বীৰ নায়ক।
Thank you for reading this post, don't forget to subscribe!এজন অভিনেতা হোৱাৰ কাৰণে বা কোনো দুষ্টলোকক যুদ্ধ কৰি খেদি পঠিওৱাৰ বাবে নহয়,
কালী নায়ক হৈছে নাচ শিকিবলৈ লোৱাৰ বাবেহে।
২০০০ চনৰ কথা। কালী তেতিয়া মাত্র আঠবছৰীয়া। আন বহুতো ল’ৰাৰ দৰে তেওঁ বিদ্যালয়লৈ যায়, লগৰীয়াৰ লগত খেলে আৰু টিভি চায়। কিন্তু কালী এটা ক্ষেত্ৰত বাকীবোৰৰ দৰে নহয় – কালীয়ে নৃত্যও কৰে।
কালীয়ে টিভিত পদ্মিনীৰ নৃত্য চাই বৰ ভাল পায়। তেখেত এগৰাকী জনাজাত অভিনেত্ৰী হোৱাৰ লগতে ভাল নৃত্যশিল্পীও। সি এযোৰ চলাংগাই (ভৰিত পিন্ধা জুনুকা) পিন্ধাৰ ভাও জুৰি ঠিক তেখেতৰ নিচিনাকৈ ভাৰতনাট্যম নাচে।
থৰি থান্না জন্নু থিমি
থাকা থাৰি কিতা থাকা থাথিনগিনাথম
থাথিনগিনাথম
থাথিনগিনাথম
থাথিনগিনাথম
কালী ইমানেই ভাল নৃত্যশিল্পী হৈ উঠিল যে তেওঁক শিক্ষকে বিদ্যালয়ৰ অনুষ্ঠানবোৰত নাচিবলৈ কোৱা হ’ল। সোনকালেই সেই সৰু মাছমৰীয়া গাঁওখনত তেওঁ এজন ভাৰতনাট্যম নৃত্যশিল্পী হিচাপে জনাজাত হৈ পৰিল।
চাৰা চন্দাই চেন্নাইৰ এখন চিকিৎসালয় পৰিচালনা কৰে। এদিন তেওঁ কালীক মঞ্চত নৃত্য পৰিৱেশন কৰা দেখিলে।
ধিতেইয়াম থা থা থেই, ধিতেইয়াম থা থা থেই!
তেখেতে তেনে এজন প্ৰতিভাসম্পন্ন ল’ৰা দেখি আচৰিত হ’ল। কালীয়ে যে নিজে নিজেই ইমান ভালকৈ নাচিবলৈ শিকিছে গম পাই তেওঁ অভিভূত হ’ল।
“তুমি কলাক্ষেত্ৰত ভাৰতনাট্যম শিকিবা নেকি?” নৃত্য পৰিৱেশন শেষ হোৱাৰ পিছত তেখেতে তাক সুধিলে। কালীয়ে প্ৰথমতে হাঁহিলে। নৃত্য? দলিত সম্প্ৰদায়টোৱে ভাৰতনাট্যম শিকাৰ সুবিধাই নাপায়, পাৰ্গত হোৱাৰ কথা বাদেই। কালীৰ পৰিয়ালত নৃত্য শিকাৰ নামত খৰচ কৰিব পৰাকৈ ইমান টকা- পইছাও নাই। আৰু ল’ৰাই জীৱন নিৰ্বাহৰ বাবে নৃত্য কৰা কোনোবাই শুনিছে জানো?
কিন্তু চাৰাই কথাটো বৰ গুৰুত্বসহকাৰে লৈছে। তেখেতে ক’লে, “তুমি এখন ভাল বিদ্যালয়ত ভাৰতনাট্যম শিকিবই লাগিব, কালী। তোমাৰ মাচুল মই দিম।”
চাৰাই কালীক কলাক্ষেত্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰি দিলে। কলাক্ষেত্ৰ হ’ল দেশৰ এখন আটাইতকৈ ভাল নৃত্যৰ বিদ্যালয়। গছ-গছনিৰে ভৰা চেন্নাইৰ এখন ধুনীয়া ঠাইত সেই বিদ্যালয়খন আছে।
কলাক্ষেত্ৰৰ মুখিয়াল লীলা চেমছনে কালীক তেওঁলোকৰ আগত এবাৰ নৃত্য প্রদৰ্শন কৰিবলৈ ক’লে। তেওঁ নিজেও এগৰাকী প্রখ্যাত ভাৰতনাট্যম শিল্পী।
কালীয়ে তাৰ পায়জামাৰ ওপৰতে এখন শাৰী ভাঁজ লগাই পিন্ধি লৈ বোলছবিৰ গান এটাত নাচি দেখুৱালে। শিক্ষকসকলে ভাবিবলৈ বাধ্য হ’ল যেন তেওঁ শাস্ত্ৰীয় নৃত্যৰ বাবেই জন্ম হৈছে।
কিন্তু ডাঙৰ হৈ নিজে কি হ’ব বিচাৰে সেয়াহে কালীয়ে সিদ্ধান্ত ল’ব পৰা নাই – অভিনেতা, কালেক্টৰ, শিক্ষক, জৈৱপ্রযুক্তিবিদ নে এগৰাকী নৃত্যশিল্পী? তাৰ লগৰীয়াসকল বা ঘৰৰ মানুহেও তাক এই সিদ্ধান্ত লোৱাত সহায় কৰিব পৰা নাছিল।
কালীৰ মোমায়েকে গৰজি উঠিছিল, “নৃত্য শিকি কোনেনো পিছলৈ টকা উপাৰ্জন কৰিছে? এয়া সময় নষ্ট কৰাহে হ’ব।”
লগৰীয়াসকলে তেওঁক জোকাইছিল, “ছোৱালীয়েহে নাচে! তোমাক ছোৱালী ছোৱালী লাগিব।”
আম্মাই (মাকে) কালীৰ মনে কি বিচাৰে সুধিলে। “তুমি নাচি ভাল পোৱানে? তুমি নাচি থাকিলে তোমাৰ নিজৰ ভাল লাগেনে? তুমি সদায় এইটোৱে কৰিবলৈ বিচাৰা নে?”
তেওঁ উত্তৰ দিলে, “মই এয়াই কৰিব বিচাৰোঁ, আম্মা! নাচি মই বৰ ভাল পাওঁ আৰু নাচেই মোৰ কাৰণে সকলো।”
“তেন্তে কাৰো কথা নুশুনিবা। যদি এইটো কৰিয়ে তুমি ভাল পোৱা তেন্তে নৃত্য শিকা।” মাকৰ ওচৰত সদায় সকলো প্ৰশ্নৰে উত্তৰ থাকে।
সেয়েহে বিদ্যালয়ৰ অন্তিম পৰীক্ষাটো দি উঠি কালীয়ে দক্ষিণচিত্ৰত তিনিপ্রকাৰৰ লোকনৃত্য শিকিবলৈ আৰম্ভ কৰিলে।
অ’য়িলাটাম
ডিমথা নাকৰি নাকা
ধিনা ধিনা
ডিমথা নাকৰি নাকা
ধিনা ধিনা
থাপাট্টম
থা কুকুকু থা কুকুকু
থা কুকুকু থা থা
থা কুকুক থা কুকুক
থা কুকুকু থা থা
কাৰাগট্টম
দাট্টা দাগুনা, দাগুনা
দাট্টা দাগুণা, দাগুণা

পিছৰ মাহত কালীয়ে কলাক্ষেত্ৰত ভাৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে তাৰ অলপ ভয় লাগিছিল আৰু পৰিবেশটোও নিজান আছিল।
কেতিয়াবা যেতিয়া নাচৰ কঠোৰ প্রশিক্ষণত ভৰি বিষাই যায়, কালীয়ে কান্দি কান্দি মাকৰ আগত অভিযোগ কৰে। “তুমি ম’হ চৰাই থাকিব বিচাৰা নেকি?”, মাকে কঠোৰভাৱে সোধে।
“নিবিচাৰোঁ, আম্মা।”
“তেন্তে নিজৰ কামত লাগাগৈ আৰু ভাল ফল দেখুৱাবলৈ যথাসাধ্যে চেষ্টা কৰা।”
কালীয়ে তাৰ নতুন পৃথিৱীখনৰ লগত মিলি যাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। তেওঁ আনসকলৰ লগত বন্ধুত্ব গঢ়ি তুলিলে। সকলো সহপাঠীয়ে তামিল নাজানিছিল বাবে ভাষা কেতিয়াবা হেঙাৰ হৈ থিয় দিছিল। তেনেক্ষেত্রত কালীয়ে অংগী-ভংগীৰে ভাৱ বিনিময় কৰিছিল।
কলাক্ষেত্ৰত তেওঁ এজন পাৰ্গত নৃত্যশিল্পী হৈ উঠিল। লাহী আৰু সুঠাম হোৱাৰ লগতে তেওঁ অধিক প্রাণৱন্ত হৈ উঠিল। কালীয়ে এতিয়া ঘণ্টাৰ পিছত ঘণ্টা ধৰি নাচিব পাৰে। কৰ্ণাটকী গানো শিকিলে।
দেশ-বিদেশৰপৰা অহা বেলেগ বেলেগ ছাত্ৰ-ছাত্ৰীসকলৰ লগত তাৰ বন্ধুত্ব গঢ়ি উঠিল। তেওঁলোকে নিজৰ নিজৰ আশা আৰু সপোনবোৰৰ কথা আলোচনা কৰিবলৈ ল’লে। আনকি নিজৰ নিজৰ ঘৰৰ পৰা অনা ভিন ভিন খাদ্যবোৰো ভগাই খায়।
কালীয়ে লাহে লাহে দেশ-বিদেশত নৃত্য প্রদৰ্শন কৰিবলৈ নিমন্ত্ৰণ পাবলৈ ধৰিলে। বাছ, ৰে’লগাড়ী আৰু উৰাজাহাজেৰে বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈও আৰম্ভ কৰিলে।
আক্কাই (দেউতাকে) তেওঁক জোকায়, “তোমাৰ মনত আছেনে তুমি যে বমি নকৰাকৈ বাছত উঠিবই পৰা নাছিলা?” কালীৰো হাঁহি উঠে। সঁচাকৈ – সৰু থাকোঁতে সদায় এটুকুৰা নেমু আৰু প্লাষ্টিক মোনা এটা হাতত লৈহে বাছত ভ্ৰমণ কৰিবলগীয়া হৈছিল।
বছৰ বাগৰি যোৱাৰ লগে লগে কালীয়ে বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰি কেবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হ’ল। কোৱালামত তেওঁ কুঠামবলম নামেৰে নিজাকৈ এখন নৃত্যৰ বিদ্যালয় স্থাপন কৰিলে।
কালীয়ে এইবাৰ আন এটা অনুষ্ঠানত নৃত্য পৰিৱেশনৰবাবে সাজু হৈছে। তেওঁ অতি সযতনেমুখত সাজ-সজ্জা কৰিলে। নাচৰ কাপোৰযোৰ তেওঁ আয়াসতে পিন্ধি ল’লে। খন্তেক পিছতে মঞ্চৰ মখমলৰ পৰ্দাখন ওপৰলৈ দাং খাই গ’ল।কালীয়ে নাচিবলৈ আৰম্ভ কৰিলে।
নৃত্যশিল্পী কালী :
পিপলছ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ মতে ২৫ বছৰ বয়সতে শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ লগতে তিনিবিধ প্রাচীন তামিল লোকনৃত্যত পাৰদৰ্শিতা দেখুওৱা কালীয়েই সম্ভৱত: একমাত্ৰ পুৰুষ নৃত্যশিল্পী।
কালীৰ জন্ম হৈছিল কোৱালামত। তামিলনাডুৰ চেন্নাইৰ নাতিদূৰত অৱস্থিত এই মাছমৰীয়া গাঁওখন আৰ্থিকভাৱে স্বচ্ছল নাছিল। কালীয়ে অতি কম বয়সতে দেউতাকক হেৰুৱাইছিল। এটা নিৰ্মাণ উদ্যোগৰ শ্রমিক তেওঁৰ মাক ইল্লামল্লি বীৰাপথিৰণে দুগুণ কষ্টেৰে কাম কৰি কালী আৰু তেওঁৰ ভায়েক-ভনীয়েকক ডাঙৰ-দীঘল কৰিছিল।
চাৰা চন্দাই ভাৰতবৰ্ষৰ আগশাৰীৰ নৃত্যৰ বিদ্যালয় কলাক্ষেত্ৰত কালীৰ শিক্ষাৰ খৰচ বহন কৰিছিল। চাৰা চন্দা আছিল চেন্নাইৰ গ্ৰেমাল্তিচ চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ এগৰাকী সদস্যা।
কালীয়ে কান্নান কুমাৰৰ তত্বাৱধানত দক্ষিণচিত্ৰতো শিক্ষা লৈছিল।
নৃত্যত স্নাতকোত্তৰ ডিপ্লোমা ডিগ্ৰী লোৱাৰ পিছত কালীয়ে কোৱালামত কুঠামবলম নামেৰে নৃত্যৰ বিদ্যালয় এখন খুলিছিল।
পিপলছ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াই কালীৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ প্ৰস্তুত কৰিছিল; বহুতো বাতৰি কাকত আৰু টিভি চেনেলতো তেওঁৰ সাক্ষাৎকাৰ প্ৰকাশ পাইছিল।
তেওঁ মিউজিক একাডেমীয়ে দিয়া স্পিৰিট অৱ্ ইউথ পুৰস্কাৰ লাভ কৰাৰ লগতে নৃত্যৰ জগতত আন কেবাটাও পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে।





