Why Objects Float or Sink: Fun Science with Tenzing and Taschi
জাহাজ ওপঙে আৰু চামুচ ডুবে
টেনজিং আৰু টাছি দুজন কমবয়সীয়া তিব্বতী ভিক্ষু । তেওঁলোক সুন্দৰ সেউজীয়া পাহাৰ এটাৰ ওপৰত থকা বুদ্ধ বিহাৰ এটাত বাস কৰিছিল । বৰ্ষা কালত ইয়াৰ সৌন্দৰ্য অতি মনোমোহা হৈ পৰে ।
Thank you for reading this post, don't forget to subscribe!সিহঁত লাহে লাহে ঘৰলৈ গৈ আছিল, তেনেতে
জেন লবচেংক দেখা পালে । জেনলা মঠত থাকে আৰু ল‘ৰা-ছোৱালীহঁতক বহুত ভাল ভাল সাধু
কয় ।
টেনজিনে চিঞৰি মাতিলে, “জেনলা । নাও কিয় ওপঙে, সেই কথাটো তুমি আমাক ক‘বা নে ?”
জেন লবচেঙে এক মিনিটমান সময় ভাবি লৈ
ক‘লে,”নাও বা জাহাজ কিয় ওপঙে, সেই কথা মই নাজানো, কিন্তু কথাটো ময়ো জানিবলৈ উৎসুক ।”
(জেনেলাৰ অৰ্থ হ‘ল, তিব্বতীয় সকলে শিক্ষকক কৰা সন্মানীয় এক সম্বোধন ।)
জেনলা আৰু সিহঁত লগ হৈ নাও কিয় ওপঙি থাকে, সেই কথা বিজ্ঞান শিক্ষয়ত্রী মিছ সোনমক সুধিবলৈ ঠিক কৰিছিল । টেনজিন আৰু টাছিয়ে বৰ সাবধানেৰে জেন লবচেংক চকীৰ পৰা উঠাই দিলে । সিহঁতে তেওঁক হাতত ধৰি খোজকাঢ়ি যোৱাত সহায় কৰিছিল ।
সিহঁত গৈ মিচ সোনমৰ কোঠাত উপস্থিত হওঁতে তেওঁ এখন কিতাপ পঢ়ি আছিল ।
“টাছি ডেলেক‘‘ জেনলা, টাছি আৰু টেনজিনে ক‘লে ।
“টাছি ডেলেক,‘‘তেওঁ উত্তৰ দিলে ।
জেনলাই ক‘লে,“আমি তোমাক এটা প্রশ্ন সুধিবলৈ আহিছো ।”
(টাছি ডেলেক হ‘ল তিব্বতীয় সকলে কৰা সম্ভাষণ । তাছি মানে ‘সৌভাগ্য আৰু ডেলেক‘ মানে হ‘ল ‘প্রগতি ‘। )
“নাও কিয় পানীত ওপঙি থাকে, সেই কথা আমাক ক‘ব নে মিচ ?‘‘ টেনজিনে সুধিলে ।
“ক‘ম”, মিছ সোনমে ক‘লে ।
অথবা আমি একেলগে বিচাৰি ইয়াৰ উত্তৰ উলিয়াম ?‘‘
তেওঁলোকে উত্তৰ বিচৰাৰ আগতে মিচ সোনমে কিছু নিৰ্দেশ দিলে ।
“টেনজিন, পাকঘৰৰ পৰা এটা প্লাষ্টিকৰ চৰীয়া আনাচোন ।” “টাছি, তুমি সৰু বাল্টি এটাত পানী আনাগৈ ।”
“জেনলা, এই আপেলটো ধৰাচোন । নাখাবাআকৌ ।”
মিচ সোনমে টাছিক চৰীয়াটোৰ ওপৰলৈকে পানী ভৰাবলৈ ক‘লে ।
“সোনমে ক‘লে, “জেনলা, এতিয়া আপেলটো ইয়াত ডুবাই দিয়া । যাতে ই পানীত সম্পূৰ্ণৰূপে ডুবি যায় ।
জেনলাই লাহেকৈ ফলটো পানীৰ চৰিয়াটোত পেলাই দি আঙুলিৰে তললৈ ঠেলি দিলে । চৰিয়াৰ পৰা অলপ পানী পৰি গ‘ল ।
টাছি আৰু টেনজিনে চিঞৰি উঠিল, “পানী পৰিছে !”
জেনলাই আপেলটো এৰি দিলে আৰু ই ওপৰলৈ ওপঙি আহিল ।
মিচ সোনমে হাঁহিলে ।
” কি হ‘ল ?”তেওঁ সুধিলে।
“জেনলা, আপেলটো তললৈ ঠেলি দিয়া ।”টেনজিনে ক‘লে ।
টাছিয়ে ক‘লে,”পানী পৰিছে ।”
জেনেলাই ক‘লে,”আপেলটো ওপঙিছে ।”
“তোমালোকে ঠিকেই কৈছা !” সোনমে ক‘লে ।” এতিয়া কিমান পানী পৰিছে তোমালোকে ক‘ব পাৰিবা নে টেনজিন ? আধা কাপ হ‘ব নে ? একাপ ? ‘‘
টেনজিঙে টেবুলৰ ওপৰত আৰু মজিয়াত থকা পানীখিনিলৈ চালে ।
সি ক‘লে, “একাপমান হ‘ব ।“
“সিমানেই হ‘ব“, সোনমে ক‘লে । জেনলা আৰু টাছিয়ে সন্মতিসূচকভাৱে মূৰ লৰালে ।
“টাছি, এইবাৰ আপেলটো উঠাই আনি আকৌ এবাৰ চৰিয়াটোত পানী ভৰাই দিয়া ।“
“টেনজিন, এইবাৰ এই চামুচখন ইয়াত পেলাই দিয়াচোন ?“
টেনজিনে চামুচখন পানীত পেলাই দিলে । চামুচখন গৈ তল পালেগৈ ।
জেনলাই ক‘লে, “বৰ গধূৰ ।“
“ সাগৰত থকা জাহাজখনৰ সমান গধুৰ নহয়, টেনজিনে ক‘লে ।“
“এইবাৰ বৰ কম পানী পৰিল । কাপ এটাৰ চাৰিভাগৰ এভাগো নহয় !”
টাছিয়ে অলপ দুখী হৈ ক‘লে ।
“এইবাৰো ঠিক কথাই কৈছা,“ মিচ সোনমে ক‘লে ।
তাৰ পিছত তেওঁ ক‘লে, “তোমালোকে দেখিছা নে ? জেনলাই পানীত
পেলাই দিয়াৰ পিছত আপেলটোৱে অলপ পানী আঁতৰাই দিলে, যাতে ই
ওপঙিব পাৰে।“
“সেইখিনিয়েই পৰা পানীখিনি নেকি ?” টেনজিনে সুধিলে ।
“অ‘, যাতে আপেলটো ওপঙিব পাৰে । কাৰণ ই তাৰ নিজৰ ওজনতকৈ বেচি পানী আঁতৰাই দিলে । তাৰ অৰ্থ হ‘ল আপেলটোৱে অপসাৰিত কৰা পানীতকৈ তাৰ নিজৰ ওজন কম ।”জেনলাই সুধিলে, “তেতিয়াহ‘লে চামুচখনৰ কথাটো কি ? “

“চামুচখনেও অলপ পানী অপসাৰিত কৰিলে, কিন্তু বহুত কম পানী । তাৰ নিজৰ ওজনতকৈ বহুত কম। সেয়েহে ই ডুবি যায় ।“
বহুত মানুহ উঠিব পৰা ডাঙৰ সামুদ্রিক জাহাজত কি হয় ? টেনিজিঙে সুধিলে ।
“ … আৰু বহুত চামুচ ডুবি যায় ?,“ টাছিয়ে ক‘লে ।
“টাছি, চামুচে এখন জাহাজক ডুবাব নোৱাৰে । কাৰণ জাহাজখন ইমান ডাঙৰ
যে ই ওপঙি থাকিবৰ কাৰণে নিজৰ ওজনতকৈ যথেষ্ট পৰিমানে পানী অপসাৰণ কৰিব পাৰে । তুমি কথাটো লক্ষ্য কৰিব নোৱাৰা, কাৰণ সমুদ্রত বহুত পানী থাকে । তাৰ পিছতো জাহাজখনৰ ওজন, ই অপসাৰিত কৰা পানীতকৈ কম ।“
সিহঁত সকলো অলপ সময়ৰ কাৰণে নীৰৱ হৈ থাকিল ।
টেনজিনে ক‘লে, “ মই ভাবিছো, মই বুজিব পাৰিছো ।“
“আমি কেইখনমান নাও উটুৱাব পাৰো নে ?“
জেনেলাই ক‘লে, “মোৰ চাহ খাবৰ সময় হৈছে ।“
মিচ সোনমে হাঁহিলে । “বাৰু, তোমালোকে কি মন গৈছে তাকে কৰা !“ মিচ সোনমে ল‘ৰাহঁতক নাও সাজিবলৈ ৰঙীন কাগজ দিলে
টেনজিন আৰু টাছিয়ে কেইখনমান ৰঙীন নাও সাজি তললৈ বৈ যোৱা পানীত উটুৱাই দিলে ।
“এতিয়া অকণো পানী চিটিকি পৰা মই দেখা নাই।“ টাছিয়ে ক‘লে ।
“নাই, সকলো সময়তে পানী নপৰে । ইয়াক মাত্র ঠেলি আঁতৰাই দিয়ে ।“ টেনজিনে উত্তৰ দিলে ।
“মই ভাবো, নাওবোৰে সিহঁতৰ নিজৰ কাৰণে জুৰিটোত ঠাই উলিয়াই লৈছে,“ জেনলাই ক‘লে ।
সিহঁতে হালধীয়া, নীলা আৰু বগা নাও কেইখন ওপঙি যোৱা লক্ষ্য কৰিলে । যেন সিহঁতক
জুৰিটোত ওপঙিবলৈ পতাকা দেখুৱাই প্রাৰ্থনাহে কৰিছে ।
মধ্যাকৰ্ষণ কি ?
যদি টেনজিনে এটা ফুটবল এজোপা গছৰ ওপৰৰ পৰা পেলাই দিয়ে, তেতিয়া কি হ‘ব ? ই মাটিত পৰিব নে উৰি আকাশলৈ যাব ? সঁচা কথা, মধ্যাকৰ্ষণ শক্তিৰ কাৰণে ই তলত পৰিব । প্রত্যেকটো বস্তুকে এই শক্তিয়ে পৃথিৱীৰ কেন্দ্রৰ ফালে আকৰ্ষিত কৰে
প্লাবিতা কি ?
যদি টাছিয়ে এটা ফুটবল এবাল্টি পানীত পেলাই দিয়ে, তেতিয়া কি হ‘ব ? মধ্যাকৰ্ষণ শক্তিয়ে ফুটবলটো তললৈ টানি নিব নেকি ? নিব, কিন্তু পানীত এটা ওপৰমুখী শক্তিয়ে মধ্যাকৰ্ষণক বাধা দিয়ে । ইয়াকে প্লাবিতা বুলি কোৱা হয় । মধ্যাকৰ্ষণ শক্তিয়ে বলটোক তললৈ টানিলে, প্লাবিতাই ইয়াক ওপৰলৈ ঠেলিবলৈ চেষ্টা কৰে। এই ক্ষেত্রত বলটোৰ মধ্যাকৰ্ষণ শক্তিতকৈ প্লাবিতাৰ শক্তি বেচি । সেয়েহে ই ওপঙে । সি যদি এটা ইটা বাল্টিটোত পেলাই দিয়ে তেতিয়া কি হ‘ব ?
স্থানান্তৰণ বা অপসাৰণ কি ?
যদি তুমি বস্তু এটা পানীত পেলাই দিয়া, বস্তুটোৱে অলপ পানী আঁতৰাই নিজৰ কাৰণে ঠাই উলিয়াবলৈ চেষ্টা কৰিব । অন্য কথাত ক‘বলৈ হ‘লে বস্তুটোৱে পানী অপসাৰিত কৰি নিজৰ কাৰণে ঠাই উলিয়াই ল‘ব । বাস্কেটবলৰ নিচিনা ডাঙৰ বস্তুৱে ক্রিকেটৰ বলৰ নিচিনা সৰু বস্তুতকৈ বেচি পানী অপসাৰিত কৰে ।
বহুত দিনৰ আগতে আৰ্কিমিডিচ নামৰ এজন গ্রীক বিজ্ঞানীয়ে আৱিস্কাৰ কৰিছিল, যে এটা বস্তুৱে অপসাৰিত কৰা পানীৰ ওজন বস্তুটোৱে অপসাৰিত কৰা পানীৰ ওজনতকৈ বেচি হ‘লে বস্তুটো পানীত ওপঙে । সেই কাৰণেই আপেলটো পানীত ওপঙে । এতিয়া অনুমান কৰিব পাৰিছা নে, কিয় অন্য বস্তু পানীত ডুবে ?
ঘনত্ব মানে কি ?
আমাৰ চাৰিওফালে থকা সকলো বস্তু চকুৰে নেদেখা কিছুমান সৰু সৰু পদাৰ্থৰে গঠিত । এই পদাৰ্থ বিলাক কিমান ওচৰা-উচৰিকৈ ইটো সিটোৰ লগত যুক্ত হৈ থাকে তাকে ঘনত্ব বুলি কোৱা হয় । টাছিৰ সৰু আইনাৰ মাৰ্বলৰ ওজন মিচ সোনমৰ আপেলটোৰ ওজনৰ সমান হ‘ব পাৰে, কিন্তু আপেলটো কিয় ডাঙৰ ? কাৰণ আপেলটো গঠিত পদাৰ্থ বিলাকৰ মাজত বেচি ঠাই আছে , আনহাতে মাৰ্বলটো গঠিত পদাৰ্থ বিলাক ইটোৰ লগত সিটো বেচি ওচৰা-উচৰিকৈ আছে । আপেলৰ ঘনত্ব মাৰ্বলৰ ঘনত্বতকৈ কম । সাধাৰণতে কম ঘনত্বৰ বস্তু পানীত ওপঙে ।
বন্ধুসকলৰ লগত তোমালোকে খেলিব পৰাকৈ এটা খেল আছে । চাৰি বা পাঁচবিধ বস্তু বুটলি লোৱা । এতিয়া কোনবিধ বস্তু ওপঙিব আৰু কোনবিধ বস্তু নোপঙে সেই কথা অনুমান কৰা । এইবাৰ প্রমাণ চাবৰ কাৰণে বস্তুবোৰ বাল্টিৰ পানীত পেলাই চোৱা আৰু আনন্দ উপভোগ কৰা !





