Only Fools Go to School: A Story That Redefines Learning and Curiosity
কেৱল মূৰ্খইহে স্কুললৈ যায়
“আমাৰ স্কুললৈ এগৰাকী নতুন শিক্ষক আহিছে,” চনুৱে দৰ্জাখন খুলি ক’লে। “আজি তুমি স্কুললৈ যাবানে?”
Thank you for reading this post, don't forget to subscribe!“না,” চামভাই বিচনাৰ পৰাই গৰগৰাই ক’লে। তাৰ আৰু স্কুললৈ যোৱাৰ মন নাই।
“মূর্খহঁত,” চামভাই ভোৰভোৰালে আৰু বিছনাত কুচিমুচি সোমাই গ’ল। স্কুলত সিহঁতে বৰ্ণমালা আৰু নেওতা আওৰাই থাকে আৰু কোনোবাই স্থিৰে নাথাকিলে শিক্ষকে গালি দিয়ে।
চামভাই বাহিৰত ঘূৰি ভাল পায়। আৰু কেতিয়াবা সি তাৰ দেউতাকক পথাৰত সহায় কৰে। কিন্তু প্ৰায়ে সি গছৰপৰা ফল ছিঙে বা চুৰ কৰে, চৰাই চায়, নদীত মাছ ধৰে আৰু উঁই পোকে গঢ়া পাহাৰখন আৰু মৌবাহবোৰ চায়।
কিন্তু নতুন শিক্ষক গৰাকীৰ বিষয়ে জানিবলৈ তাৰ বৰ মনো গৈছিল।
সি মনতে কল্পনা কৰিলে তাৰ নতুন শিক্ষয়িত্রীগৰাকীয়ে স্থানীয় বাছখনৰপৰা নামি ৰাস্তাত খোজ কাঢ়িছে… পকী ৰাস্তাত, তাৰ পিছত বোকাৰে ভৰা অসমান অঁকোৱা-পকোৱা ৰাস্তাত। গৈ থাকোঁতে তেওঁৰ কাপোৰত কাঁইট লাগি ধৰিছে। সাপ এডাল ৰাস্তাৰে পাৰ হৈ গৈছে। শিক্ষয়িত্রীগৰাকীয়ে চিঞৰ মাৰি অহাবাটে উভতি দৌৰিছে।
এইবোৰ ভাবি চামভাই খুকখুকাই হাঁহি দিলে।
“চামভাজি ভিচে?”
চামভাই পোন হৈ বহিলে।
“তুমি মোৰ লগত স্কুললৈ যাব লাগিব।” দুৱাৰদলিত থিয় হৈ মহিলা এগৰাকীয়ে মাত লগালে।
সুনীতা বাইদেৱে তাক স্কুললৈ লৈ গ’ল।
“ৰাতিপুৱাৰ আহাৰ খাইছানে?” তেখেতে সুধিলে। চামভাৰ পেটে গুৰগুৰকৈ মাতিলে। চামভা কেঁচুৱা হৈ থাকোঁতেই তাৰ মাকৰ মৃত্যু হৈছিল; দেউতাক ঘৰত প্রায় নাথাকিছিলেই।
গৈ থাকোঁতে চামভাই তাৰ সমনীয়া ৰহিমক দেখিলে। ৰহিমেও স্কুল খতি কৰিছিল। চামভাই হৰিণাৰ দৰে ডাঙৰকৈ কাহ মাৰি তাক সাৱধান কৰি দিলে যে সেইফালেৰে শিক্ষয়িত্রী গৈ আছে। ৰহিমে পথাৰ এখনলৈ বগুৱা বাই গৈ লুকালে।
ৰহিমে মেকুৰীৰ দৰে মেঁও মেঁও কৰিলে। চামভাই সি কি ক’ব বিচাৰিছে বুজিলে,
“ইছ্ ইছ্, তুমি ধৰা পৰিলা!”
বিদ্যালয়ত চামভাই দমকলৰ ওচৰলৈ গৈ তৎক্ষণাৎ গা ধুই আহিল। তাৰ পিছত সুনীতা বাইদেৱে তাক এযোৰ নতুন ইউনিফর্ম দিলে।
তেখেতে তাক নিজৰ টিফিনৰপৰা ৰুটি আৰু উচাল দিলে।
চামভাই শ্রেণীত চনুক দেখা পালে আৰু তাইৰ লগত গৈ বহিলে।
গণিতৰ শ্রেণী আৰম্ভ হ’ল। ল’ৰা-ছোৱালীবোৰে চাৰিজনীয়া দল গঠন কৰিলে। শিক্ষয়িত্রীয়ে সৰু আলমাৰীটোৰ পৰা খেলিবলৈ কার্ড কিছুমান উলিয়াই আনিলে।
“কালিৰ খেলটোকেই খেলিম নেকি, বাইদেউ?”
ল’ৰা-ছোৱালীবোৰে সুধিলে।
বাইদেৱে “অঁ” বুলি ক’লে।
“আমি আকৌ এবাৰ অভ্যাস কৰিব লাগিব।” চামভাৰ মুখ মেল খাই গ’ল। এইটো গণিতৰ পাঠেইনে?
শিক্ষয়িত্রীগৰাকীয়ে প্রত্যেক দলকে কার্ডৰ একোটা পেকেট দিলে আৰু কেইডালমান চক পেঞ্চিল দিলে। চামভাই পাকৈতৰ নিচিনাকৈ কার্ডকেইখন উলট পালট কৰিলে আৰু দাঁত উলিয়াই হাঁহিলে। তাৰ পিছত সুনীতা বাইদেৱে তাৰপৰা কার্ডৰ পেকেটটো লৈ দলটোৰ মাজত থলে।
“প্রত্যেকজনে এখনকৈ কাৰ্ড উঠোৱা আৰু তাতে থকা নম্বৰটো মাটিত লিখা। তাৰ পিছত আৰু এখন নতুন কার্ড লোৱা আৰু তাতে থকা নম্বৰটো আগৰ নম্বৰটোৰ লগত যোগ কৰা। যিয়ে আগতে ২০০লৈ যোগ কৰিব পাৰিব সিয়ে জিকিব। কিন্তু প্রতিগৰাকীয়ে যোগ কৰাৰ পিছত বাকীসকলে চাব লাগিব যাতে একো ভুল নহয়। কোনেও যেন একো বদমাচি নকৰা!”
চামভাই কেইটামান ভুল কৰিলে। কিন্তু সি বেলেগৰ ভুল উলিওৱাত ওস্তাদ… সি আনকি চতুৰ ভনিতাকো ঠগাবলৈ চেষ্টা কৰোঁতে ধৰা পেলালে!
“কেৱল মূর্খবোৰেহে স্কুললৈ যায়,” চামভাই পিচদিনাখন মুখৰ ভিতৰতে ভোৰভোৰালে আৰু খাটত বাগৰ সলাই শুই থাকিল।
ভনিতা, ৰঘু, চনু আৰু বাকীবোৰে খোজ কাঢ়ি স্কুললৈ গৈ আছিল।
চামভাই এটা চকু মেলি ৰ’দৰ ফালে চাই ভাবিলে যে সুনীতা বাইদেৱে তাক নিবলৈ আহিবৰ সময় হৈছে চাগে। তাতকৈ পথাৰত লুকাই থকাই ভাল।
জামু গছডালৰ তলত থ্রাচ চৰাইৰ দীঘলীয়া মাতত সি ওপৰলৈ মূৰ তুলি চালে। এয়াচোন ৰহিম। চামভাই গছডালত বগাই ৰহিমৰ কাষতে ডাল এটাত বহি ল’লে।
“মই সেই বাইদেউগৰাকীৰপৰা সাৱধানে আঁতৰি থাকিব লাগিব,” ৰহিমক সি ক’লে। সি স্কুলৰ খেলপথাৰখনলৈ মন কৰি থাকিল আৰু শ্রেণীত এতিয়া কি চলি আছে তাৰে চিন্তাই তাক আমনি কৰি থাকিল।
উৰাজাহাজ এখন মূৰৰ ওপৰেদি উৰি গ’ল। বিমানখনৰ পাখি দুখন দুপৰীয়াৰ ৰ’দৰ পোহৰত জিলিকি উঠিছে।
‘মই বিমান চলোৱা শিকিব বিচাৰোঁ, ৰহিমে ক’লে। “মোক যদি শিক্ষকে সেয়া শিকালেহেঁতেন, মই স্কুললৈ গ’লোহেঁতেন!”
“কিন্তু অকল মূর্খইহে—” চামভাই আৰম্ভ কৰিলে!
“স্কুললৈ যায়!” ৰহিমে তাৰ কথাখিনি সম্পূৰ্ণ কৰিলে আৰু হোহোৱাই হাঁহিলে।
পিছদিনাখন চামভাই বিদ্যালয়ৰ গেটত উপস্থিত হ’লগৈ। সি আনসকলৰ লগত দুপৰীয়াৰ আহাৰ খাবৰ কাৰণে শাৰী পাতি থিয় হ’ল।
খোৱা হোৱাৰ পিছত আটায়ে খেলপথাৰত লুকা-ভাকু খেলিলে। হঠাৎ দূৰৰ পৰা কোনোবাই চিঞৰিলে, “সাপ, সাপ!”

চামভাই সকলোতকৈ আগতে তাত গৈ উপস্থিত। “নানেটি” সাপডালৰ নাম ধৰি সি ক’লে। এডাল ৰেখা থকা সাপ।
সুনীতা বাইদেৱে ভিৰ ঠেলি সোমাই আহিল।
সাপডালৰ পৰা চকু নাঁতৰোৱাকৈ তেখেতে ক’লে, “সাৱধান”। তেওঁৰ হাতদুখন অলপ কঁপি আছিল।
“সাপডালৰ বিষ নাই,” চামভাই ক’লে। সি গছপুলিটোৰ পৰা সাপডাল এৰাই আনি দাঙি ধৰিলে। বাকী ল’ৰা- ছোৱালীবোৰে জুম বান্ধি ওচৰ চাপি আহিল।
“মই আজিলৈকে দেখা আটাইতকৈ দীঘল নেনেটি!”
“ইচ, মাত্র আধাফুটহে দীঘল!”
সতৰ্কবাণী: প্রশিক্ষণ নথকাকৈ সাপ ধৰাটো বিপদজনক
“গণিতৰ শ্রেণীত সাপডাল আমি জুখিব পাৰোঁনে?” চামভাই সুধিলে।
“তুমি যদি সাপডাল নিৰাপদ বুলি নিশ্চিত, তেতিয়াহে…” সুনীতা বাইদেৱে ক’লে। সি সাপৰ মূৰটো বাইদেউৰ পৰা দূৰলৈ লৈ গ’ল। বাইদেৱে খুব সাৱধানে সাপডালৰ পিঠিত আঙুলি এটা লগাই দিলে। চামভাৰ ওপৰত তেখেতৰ বিশ্বাস আছিল।
“জুখিবৰ কাৰণে আমি সাপডালৰ কাষে কাষে এডাল ৰছী টানি ধৰিম,” অধিক নিশ্চিত সুৰত তেখেতে ক’লে।
চামভাই সাপডাল বিদ্যালয়ৰ ভিতৰলৈ লৈ আনোতে চনুৱে ক’লে, “সাপডালক আমি কার্ড থোৱা বাকচটোতে ভৰাই থওঁ ব’লা। উশাহ নিশাহ লোৱাৰ কাৰণে ঢাকনিখনত ফুটা কৰি দিব পাৰোঁ।”
“অঁ! আৰু আমাৰ পাঠ শেষ হ’লে আমি তাক এৰি দিব পাৰিম।”
বাইদেৱে ক’লে।
“আমি তেজপিয়া এডালো জুখিব পাৰোঁনে?” চামভাই সুধিলে।
সি জানে তেজপিয়াবোৰ ক’ত সোমাই আছে।
“আমি ৰামুৰ নেজডালো জুখিব নোৱাৰোঁনে?” ৰঘুৱে দীঘলকৈ উশাহ লৈ সুধিলে। বাকচ এটাক লৈ সকলোৱেনো কিয় ইমান উত্তেজিত হৈ আছে তাকে চাবলৈ স্কুলৰ পোহনীয়া কুকুৰটো আহিছে।
“আমাৰ বাবে বিপদজনক নোহোৱা যিকোনো বস্তুৱেই আমি জুখিম,”
সুনীতা বাইদেৱে ক’লে।
“ফৰিং এটা পাৰি নেকি?”
“গৰু পোৱালি এটা?”
চামভাৰ তেতিয়া মনত পৰিলে।
“বাইদেউ! ৰহিমে জন্তুবিলাকৰ বিষয়ে সকলো কথা জানে। কিন্তু সি কেনেকৈ জুখিব লাগে সেইটো নাজানে।
সি স্কুললৈ অহাটো উচিত…..”
যাতে সি কোনোবা এদিন উৰাজাহাজ চলাব পৰা হয়। “ৰহিমে কেতিয়াও নাহে।” ভনিতাই ভেকাহি মাৰি ক’লে। “সি কয় যে স্কুললৈ কেৱল মূর্খবোৰেহে আহে।”
“যোৱা, তোমাৰ বন্ধুক লৈ আনা,” বাইদেৱে ক’লে। চামভাৰ চকু তিৰবিৰাই উঠিল আৰু সি ৰহিমক বিচাৰিবলৈ দৌৰ মাৰিলে।





