Mysterious Online Friend – A Cyber Safety Story for Kids
ৰহস্যময়ী অনলাইন বন্ধু
শ্রী কাটপাদী জংছন নামৰ এখন সৰু চহৰৰ এটা এপাৰ্টমেণ্টত থাকে।
Thank you for reading this post, don't forget to subscribe!আম্মাই এখন গহনাৰ দোকানত কাম কৰে। আপ্পাই এগৰাকী টেক্সি চালক ৰূপে কাম কৰে। তেওঁলোকে তাই কম্পিউটাৰৰ কাম শিকাটো বিচাৰে। তাই যে কম্পিউটাৰ ব্যৱহাৰ কৰি ভাল পায় সেই কথাটো সেইবাবে তেওঁলোকে ভালেই পায়।কম্পিউটাৰটো শ্রীৰ বন্ধু। তাই সদায় কম্পিউটাৰৰ বাবে সময় উলিয়ায়। বিদ্যালয়ৰ প্রকল্পৰ কামৰ বাবে আৰু ই মেইল পঠিয়াবলৈ তাই কম্পিউটাৰটোৰ ব্যৱহাৰ কৰে।
শ্রীৰ খুৰীয়েকেও সিঁহতৰ লগত থাকে। সকলোৱে তেওঁক আক্কা বুলি মাতে। প্রায়ভাগ সময়তে তেখেতে দূৰদৰ্শনত নিজৰ প্রিয় পুৰণি চলচিত্রসমুহ চাই টোপনিয়াই থাকে। তেখেতে শ্রীক মছলা নুডল্ছেৰে ভৰা দোচা খাবলৈ দিয়ে।
মধ্যাণ্হ আহাৰ খোৱাৰ পিছত শ্রীয়ে খেলিবলৈ ভাল পায়। কিন্তু তাই আক্কাই ভাল পোৱা শিল আৰু খোলাৰে খেলা পৰম্পৰাগত খেলসমূহ খেলি ভাল নাপায়। শ্রীয়ে কম্পিউটাৰত খেল খেলিহে ভাল পায়।
কম্পিউটাৰত কেৱল খেল যে আছে সেয়া নহয়। তাতে ফ্রেণ্ডচনেটো আছে। দুইমাহ আগত তাইৰ তেৰবছৰীয়া জন্মদিনত শ্রীয়ে ফ্রেণ্ডচনেটত যোগদান কৰে।
চাহ আৰু লঘু আহাৰ খাই উঠি তাই ফ্রণ্ডচনেটৰ জৰিয়তে নিজৰ বিদ্যালয়ৰ বন্ধুসকলৰ লগত কথা পাতে। বিদ্যালয়ৰ বাছত লগ পাই অহাৰ পিছত সিঁহতে কি কি কৰিলে তাকে পৰস্পৰে পৰস্পৰক কয়। শ্রীয়ে কয় যে তাই নিজৰ চাহকাপত অতিৰিক্ত চেনি খালে।
এগৰাকী লগৰীয়াই কলে, “এইটো তুমি সদায় কৰা।”
শ্রীয়ে ক’লে, “আৰু মই পঠা মাংসৰ সোৱাদ থকা নুডলছেৰে বনোৱা দোচা খালো।”
আন এজন বন্ধুয়ে তাইক জোকালে, “তুমি খোৱাৰ বাহিৰে আৰু কিবা কৰা নে?
শ্রীৰ খং উঠিল।
তাই সিঁহতক বন্ধুতালিকাৰ পৰা
আঁতৰাই দিয়াৰ সিদ্ধান্ত ল’লে।
পিছলৈ তাইৰ সিঁহতলৈ মনত
পৰি থাকিল। কিন্তু সিঁহতক ক্ষমা
খোজাৰ আগতেই তাই এটা নতুন
বন্ধুত্বৰ অনুৰোধ পালে।
অনুৰোধটো ছাইত্রা নামৰ ছোৱালী
এজনীৰ পৰা আহিছিল। তাই বৰ
ধুনীয়া -একেবাৰে চলচ্চিত্র তাৰকাৰ দৰে।
ছাইত্রাৰ ফালৰপৰা তোমালৈ এটা বন্ধুত্বৰ অনুৰোধ আছে।
গ্রহণ কৰা
প্রত্যাখ্যান কৰা
শ্রীয়ে অনুৰোধটো গ্রহণ কৰিলে। এটা ক্লিক, আৰু তাৰ পিছত সিঁহত বন্ধু হৈ পৰিল।
ছাইত্রাই লিখিলে, “তোমাৰ বহুত বন্ধু আছে নেকি?”
“নাই! আৰু মই আজি কেইগৰাকীমান বন্ধু হেৰুৱালো।” তাই এটা দুখী ইমটিকন যোগ দি কলে।
“তাতে কি হ’ল? তোমাৰ কিমান বন্ধু আছে, সেইটো গুৰুত্বপূৰ্ণ নহয়-গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আমাৰ বন্ধুত্বটো কি প্রকৃতিৰ। আৰু এতিয়া তোমাৰ বাবে মই আছো নহয়।”
শ্রীয়ে এই কথাটো শুনি ভাল পালে।
“তোমাৰ বিদ্যালয়খন ক’ত?” শ্রীয়ে শুধিলে।
“তোমাৰ বিদ্যালয়ৰ ওচৰতে,” ছাইত্রাই লিখিলে।
“মই কোনখন বিদ্যালয়ত পঢ়ো তুমি কেনেকৈ গম পালা?” শ্রীয়ে আচৰিত হৈ সুধিলে।
“কাৰণ সেই বিদ্যালয়খন মোৰ বিদ্যালয়খনৰ ওচৰতে।”
“বঢ়িয়া। তেনেহ’লে আমি লগ কৰিব পাৰিম,” শ্রীয়ে লিখিলে।
ছাইত্রাই যাব ওলাই লিখিলে, “নিশ্চয়! আমি চিৰদিন ভাল বন্ধু হৈ থাকিম। যাওঁ দেই।”
পিছদিনা ৰাতিপুৱা শ্রীয়ে নিজৰ
বিদ্যালয়ৰ ওচৰতে থকা বিদ্যালয়খন
বিচাৰিলে। কিন্তু তাই এখনো নেদেখিলে।
এইটো অলপ আচৰিত কথা যে তাই
ওচৰত আন কোনো বিদ্যালয়ৰ কথা শুনা নাই।
কিন্তু ছাইত্রা তাইৰ বাকী বন্ধুবোৰতকৈ ভাল।
তাই শ্রীৰ বিশেষ বন্ধু আৰু আন কাৰো বন্ধু নহয়।
চিলি চিকেন সোৱাদৰ নুডলছ তাইৰ প্রিয় হোৱা সত্বেও আজি তাই গৰম-গৰম নুডলছখিনি চুয়ো নাচালে।আক্কাই (খুৰীয়ে) ভাবিলে – কি সমস্যা হ’ল।
“তোমাৰ গা বেয়া লাগিছে নেকি?”
“বিদ্যালয়ৰ এসোপামান কাম আছে,” শ্রীয়ে মিছা কথা কলে।
খুৰীয়ে কলে, “তেনেহ’লে যোৱা তোমাৰ গৃহকাৰ্যখিনি শেষ কৰি লোৱা, তেতিয়ালৈ মই শুই লও।”
কিন্তু শ্রীয়ে গৃহকাৰ্য নকৰিলে। তাৰ সলনি তাই কম্পিউটাৰটো চলালে আৰু অনলাইন গৈ নিজৰ নতুন বন্ধুৰপৰা বাৰ্তা পাবলৈ ৰৈ থাকিল।
শীঘ্রে তাই ছাইত্রাৰ পৰা বাৰ্তা পালে।
“হেৰা বন্ধু। কেনে খবৰ?”
“মোৰ ভাল। আজি মই মধ্যান্হ আহাৰ নাখালো,” তাই লিখিলে।
“কিয়?” ছাইত্রাই লিখিলে।
“কাৰণ মই তোমাৰ লগত কথা পাতিব বিচাৰছিলো।
সেইবাবে মই সোনকালে চাহ খাই শেষ কৰিলো।” শ্রীয়ে লিখিলে।
“বঢ়িয়া। এতিয়া তুমি মোক তোমাৰ এখন চেল্ফি পঠিয়াবা নেকি?
আৰু তোমাৰ নম্বৰটো দিয়াচোন যাতে মই তোমাক ফোন কৰিব পাৰো,” ছাইত্রাই লিখিলে।
“মোৰ কেমেৰা থকা ফোন নাই,” শ্রীয়ে দুখমনেৰে লিখিলে
ছাইত্রাই তাইৰ নিজৰ পূৰণি কেমেৰা থকা ফোনটো শ্রীক দিব বিচাৰিলে।
“আমি ৰবিবাৰে লগ হওঁ ব’লা। তেতিয়া মই তোমাৰ এখন ফটো তুলিম। আৰু তোমাক মোৰ পুৰণি ফোনটো দিম।”
শ্রীয়ে সদায় এটা কেমেৰা থকা ফোন লোৱাৰ আশা ৰাখিছিল।
তাই লিখিলে, “আমি ক’ত লগ পাম?” ছাইত্রাই লিখিলে, “ৰেল আস্থানলৈ আহিবা।”
শ্রীয়ে শুধিলে, “সময়?”
ছাইত্রাই সিদ্ধান্ত লৈ ক’লে, “যেতিয়া বেংগালুৰু ৰেলখন আহি পায়।”
ঠিক সেই সময়তে আক্কাই কোঠাটো চাফা কৰিবলৈ বুলি সোমাই আহে।
“কি কৰি আছা, শ্রী?”
“মোৰ এগৰাকী নতুন বন্ধু আছে, খুৰী!” খুৰীয়ে শ্রীৰ কান্ধৰ ওপৰেৰে ছাইত্রাৰ প্র’ফাইল ফটোখন চালে।
“কিন্তু এইজনীতো মই বৰ ভাল পোৱা চলচিত্র অভিনেত্রী মধুহে। তাই তোমাৰ বন্ধু নেকি?”
“হয়, কিন্তু তাইৰ নাম ছাইত্রা।
খুৰীয়ে হাঁহি হাঁহি মূৰ জোকাৰিলে। “সেয়া মধু, মই তেওঁৰ আটাইকেইখন ছবি চাইছো। এতিয়া তেওঁৰ নিশ্চয় বয়স হৈছে।”
“তাই মোৰ বয়সৰেই!’ শ্রীয়ে জোৰ দি কলে।
“নহয়, নহয়, তাই মোৰ বয়সৰ,” আক্কাই ক’লে। “এইখন ফটো তেওঁ বিদ্যালয়ত পঢ়ি থাকোতেই লোৱা হৈছিল। এই ফটোখন তেওঁৰ প্রথম ছবিখনৰপৰা লোৱা হৈছে।”
শ্রীৰ আক্কাৰ ওপৰত খং উঠিল আৰু পিছমূহুৰ্ততে চিন্তা কৰিলে।
ছাইত্রাই আন কাৰোবাৰ ফটো ব্যৱহাৰ কৰিছে নেকি -এগৰাকী চলচ্চিত্র তাৰকাৰ?
“তোমাৰ বয়স কিমান?” তাই লিখিলে। “তেৰ বছৰ বুলি মই তোমাক কৈছিলো – তোমাৰ লগত একেই,” ছাইত্রাই লিখি পঠিয়ালে।
শ্রীয়ে লিখিলে, “ভালেই। ভাল বন্ধুবোৰ সমবয়সীয়া হ’ব লাগে।”
“শুনা, তোমাৰ প্রফাইল ফটোত থকা কাণফুলি যোৰ ইমান ধুনীয়া!” শ্রীয়ে লিখিলে।
“ধন্যবাদ, মই সেইযোৰ নিজেই বনাইছো।” “বাহ। কালি আমি লগ কৰোতে সেইযোৰকে পিন্ধি আহিবা!”
“ঠিক আছে, কিন্তু যদিহে তুমি অকলে আহা,” ছাইত্রাই ক’লে।
“কিয়?” শ্রীয়ে লিখিলে।
“কাৰণ ময়ো অকলে আহিম। আমাৰ গোপন সাক্ষাৎকাৰৰ বাবে।”
শ্রীয়ে ‘ঠিক আছে’ লিখি থাকোতে তাইৰ এটা কথা মনত পৰিল।
“শুনা ছাইত্রা, মই মোৰ বিদ্যালয়ৰ কাষত আন কোনো বিদ্যালয় দেখা নাই।”
কিন্তু ছাইত্রা অফলাইন গুচি গ’ল। তাইৰ নতুন বন্ধুগৰাকীৰ বিষয়ে
কিবা অদ্ভুত কথা আছে নেকি? তাই বাৰু মিছা কথা কৈ আছে নেকি?
শ্রী বিভ্রান্ত হৈ পৰিল আৰু নিজৰ গৃহকাৰ্যত মনোযোগ দিব নোৱাৰিলে।
“আক্কা?” তাই মাতিলে।
“কোৱা, মাজনী,” আক্কাই ক’লে, “তোমাৰ কিহৰ চিন্তা হৈছে?”
শ্রীয়ে সত্য কথাটো কোৱাৰ সিদ্ধান্ত ল’লে আৰু তেওঁক তাইৰ মিছা কৈ থকা নতুন বন্ধুগৰাকীৰ বিষয়ে সকলো কথা ভাঙিপাতি ক’লে।
“আক্কা, মই কি কৰা উচিত?”
পিছদিনা বেংগালুৰু এক্সপ্রেছ আহি পোৱাৰ বহু সময় আগতেই আক্কা আৰু শ্রীয়ে কাটপাদী জংছনতগৈ উপস্থিত হ’ল। নতুন বন্ধুগৰাকীয়ে সঁচা কৈছে নে নাই জানিবলৈ তেওঁলোকে এটা গোপন পৰিকল্পনা ৰচিলে। আক্কাই ক’লে, “মই গৈ আস্থান পৰিচালকৰ লগত কথা পাতোগৈ যাতে তেওঁ আমাক সহায় কৰিব পাৰে।”
বেংগালুৰুৰপৰা অহা ৰেলখন সোমাই আহি আছে। শ্রীয়ে চাৰিওফালে নজৰ দিলে। ছাইত্রাই তাইক আস্থানৰ ভিতৰত নে বাহিৰত ৰ’বলৈ কৈছিল তাইৰ মনত পৰা নাই।
আক্কা ক’লৈ গ’ল?
তাই তেওঁক ক’তো দেখা পোৱা নাই।
ৰেলখনৰপৰা বহুতো যাত্রী নামিলে। তাৰে কোনোৱে দেখাত ছাইত্রাৰ দৰে নাছিল।

শ্রীৰ দেউতাকৰ বয়সৰ এজন মানুহ তাইৰ ফালে আগুৱাই আহিল। তেখেতে হাঁহি আছে।
“হেৰা শ্রী!” শ্রীয়ে চক খাই উঠিল। তাই তেওঁক চিনি নাপায়।
“তোমাক লগ পাই ভাল লাগিছে!” তেখেতে ক’লে।
“কোন…আপুনি কোন-আপুনিতো ছাই…ছাইত্রা নহয়!” শ্রীয়ে খোনাই খোনাই ক’লে।
“নহয়। কিন্তু মই এগৰাকী খুৰা আৰু মই তোমাৰ বন্ধু হব বিচাৰো, শ্রী। মই সৰু ছোৱালীৰ লগত বন্ধুত্ব গঢ়ি ভাল পাওঁ,” ছাইত্রাৰ ভাও লোৱা খুৰাজনে ক’লে।
“ই………!” শ্রীয়ে চিঞৰিলে। লগে লগে আক্কাই আস্থান পৰিচালকজনৰ লগত আহি উপস্থিত হ’ল।
ছাইত্রাৰ ভাও লোৱা খুৰাজন আচৰিত হৈ পৰিল। শ্রীয়ে যে তাইৰ লগত দুগৰাকী ডাঙৰ ব্যক্তিক লৈ আহিব তেওঁ আশাই কৰা নাছিল।
আক্কাই হাতত লৈ থকা বেগটোৰে তেওঁক মাৰিলে।তাৰ পিছত তেওঁ চিঞৰিলে, “মোৰ ভতিজীৰ কাষলৈ আহিবলৈ সাহস নকৰিবা!”
“আ…স্!” সি চিঞৰিলে।ঠিক সেইসময়তে ৰেলখন চলিবলৈ ধৰিলে।
সি এটা দবাৰ দৰ্জাখনলৈ দৌৰিলে। আস্থান পৰিচালকজনে তাক ধৰিবলৈ খৰখেদাকৈ আগুৱাই গ’ল। কিন্তু সি ৰেলখনত মানুহবোৰৰ মাজত অন্তৰ্ধান হৈ গ’ল।
তেওঁলোক আটায়ে আৰক্ষী থানালৈ গ’ল।
“তোমালোক দুয়ো বৰ সাহসী!” মহিলা আৰক্ষীগৰাকীয়ে কলে। “এই প্রবঞ্ছক লোকজনৰ বিষয়ে আমাক জনোৱাৰ বাবে ধন্যবাদ । শ্রী, তুমি বিশ্বাসী প্রাপ্তবয়স্ক ব্যক্তি এগৰাকীৰ লগত কথাখিনি খোলাকৈ পাতি বৰ বুধিয়কৰ কাম কৰিলা! তুমি অনুগ্রহ কৰি চাইবাৰ নিৰাপত্তাৰ বিষয়ে লিখা এই প্রচাৰ পত্রিকাখন নিজৰ বিদ্যালয়ত লগাবা নে? লগতে আমি তোমাৰ বিদ্যালয়ত চাইবাৰ নিৰাপত্তাৰ ওপৰত এটা ক্লাছ ল’ব বিছাৰো।” তেখেতে ক’লে যে চাইবাৰ অপৰাধ কোষৰ এগৰাকী বিশেষজ্ঞই শ্রীৰ কম্পিউটাৰটো এবাৰ চাব লাগিব।
পিছ দিনা, এগৰাকী চাইবাৰ অপৰাধ বিষয়াই শ্রীৰ কম্পিউটাৰটো ভালকৈ চালে। কেইঘণ্টামানৰ ভিতৰতে আৰক্ষীয়ে ছাইত্রাৰ ভাও লোৱা মানুহজনক বিচাৰি উলিয়ালে।
তেওঁলোকে বাংগালুৰুৰ কাৰ্যালয়ৰপৰা তাক ধৰি আনিলে আৰু গম পালে যে মানুহজনে বহুতো সৰু ল’ৰা-ছোৱালীৰ লগত সামাজিক মাধ্যমৰ (social media) জৰিয়তে বন্ধুত্ব স্থাপন কৰাৰ চেষ্টা চলাই আছিল। শ্রীয়ে সিদ্ধান্ত ল’লে যে অকল বিদ্যালয়ৰ পৰাহে বন্ধু বাচি ল’ব।
তাই নিজৰ বন্ধুসকলক চাইবাৰ ‘বন্ধুৰ’ লগত হোৱা তাইৰ এই ভয়লগা অভিযানটোৰ কথা ক’বলৈ উদগ্রীৱ হৈ পৰিল।
অনলাইনত সুৰক্ষিত হৈ থাকা!
ভাৰতত চাইল্ড হেল্পলাইনৰ দূৰভাষ নম্বৰটো হ’ল ১০৯৮।
ইণ্টাৰনেটৰ বহুতো উপকাৰিতা আছে। ই এক অপূৰ্ব প্রযুক্তি।
কিন্তু অপব্যৱহাৰ কৰিলে ই সমস্যাৰো সৃষ্টি কৰিব পাৰে। ইণ্টাৰনেট সচেতনতাৰে ব্যৱহাৰ কৰিবা।
তোমাৰ নাম, ঠিকনা, বিদ্যালয়ৰ নাম, দূৰভাষ নম্বৰ বা ইমেইল আই ডি অনলাইনত অচিনাকি মানুহক নিদিবা।
নিজৰ মা-দেউতা বা অভিভাৱকক নেদেখুওৱাকৈ অনলাইনত কোনো ব্যক্তিকে নিজৰ ফটো নপঠিয়াবা।
অসুবিধাজনক বাৰ্তাত সঁহাৰি নজনাবা।
কেৱল অনলাইনযোগে চিনাকি হোৱা কোনো ব্যক্তিৰ লগত মা-দেউতা বা অভিভাৱকক নোকোৱাকৈ কেতিয়াও মুখামুখি হোৱাৰ ব্যৱস্থা নকৰিবা। মনত ৰাখিবা যে অনলাইনত লগ পোৱা মানুহবোৰ আচলতে তুমি ভবাধৰণৰ নহ’বও পাৰে।





