The Forest Guardian of Dampa Tiger Reserve

The Forest Guardian of Dampa Tiger Reserve

The Forest Guardian of Dampa Tiger Reserve tells the inspiring story of Jakhuma, a brave forest guard protecting Mizoram’s wildlife.

অৰণ্যত বিচৰণ

মিজোৰামত সূৰ্য্য উদয় হৈছেহে মাত্র। সূৰ্য্যৰ পোহৰে যেন দাম্পা বাঘ সংৰক্ষণ ক্ষেত্রক জগাই তুলিছে।

Thank you for reading this post, don't forget to subscribe!

ঠেক বোকাময় পথটোত আকাশলংঘী হৈ বাঁহগছবোৰে একেলগে জুম বান্ধি আছে। চেলিং নদীখনে গৰগৰাই বৈ গৈছে।

সুবিশাল অৰণ্য আচ্ছাদনে যেন আকাশ চুবলৈ মন কৰিছে। অৰণ্যৰ মজিয়াত নিয়ৰৰ টোপালবোৰ পৰোতে ৰাতিপুৱাৰ সেই নিজান পৰিৱেশত টুপ্ টুপ্ শব্দ হয়।

নাই, নিজান নহয়। তথাপি হ’বও পাৰে। শান্তিপূৰ্ণতো নিশ্চয় হয়। কিন্তু নিজান নহয়। অৰণ্যবোৰ নিজান ঠাই নহয়।

উইচিৰিঙাই মাতে। গছৰ ওপৰৰপৰা বাঢ়ৈটোকাই পেক-পেক কৰি মাতে। হলৌ বান্দৰকেইটাই সমস্বৰে চিঞৰে।

আৰু ভাৰতীয় ধনেশ পক্ষীৰ মাতৰ প্রতিধ্বনি গোটেই অৰণ্যখনত শুনা যায়। প্রত্যেকগৰাকী অৰণ্যৰ আবাসীয়ে যেন কয়, “সুপ্রভাত। মই সাৰ পালোঁ!” আৰু সেই মাত নিখুঁত সুৰসমলয়ৰ সমাহাৰ হৈ ৰাতিপুৱাটো আৰম্ভ হয়।

এই প্রাণৱন্ত সমাহাৰৰ মাজত এজন বনৰক্ষীয়ে নিজৰ কঠোৰ কৰ্তব্য পালন কৰি আছে।

জাখুমা ডনে নদীৰ ওচৰৰে গছ এডালত থকা কেমেৰাৰ ফান্দ এটা পৰীক্ষা কৰি আছিল। 

তেখেত মিজোৰামৰ বন বিভাগৰ চোৰাংচিকাৰীবিৰোধী দলৰ লগত কাম কৰা এজন ৰক্ষক। তেখেতে সদায় অৰণ্যত পহৰা দিয়ে যাতে কোনো মানুহে বা কোনোৱে অৰণ্যখনৰ একো অপকাৰ কৰিব নোৱাৰে। কেমেৰাৰ ফান্দটোৱে তেখেতক কেম্পত গভীৰ টোপনিত থাকিলেও ৰাতিও অৰণ্যখনত নজৰ ৰখাত সহায় কৰে।

জাখুমাই কালি ৰাতি কেমেৰাত বন্দী হোৱা ফুটেজবোৰ এফালৰপৰা চাই গ’ল।

জহামালৰ নিচিনা এটা নিশাচৰ মতা গাহৰি ধৰাত পৰিল। আৰু এটা সুগৰি পহুৰ ডাঙৰ নাক।

জাখুমাই হাঁহিলে। এই সৰু সৰু মুহূৰ্তবোৰ তেখেতে উপভোগ কৰে। তেখেতে অৰণ্য আৰু অৰণ্যৰ সকলো বস্তু ভাল পায়। এনেকুৱা লাগিছে যেন ই এক গতানুগতিক নিশা আছিল।

পশু-পক্ষীৰ আচৰণ অনুধাৱন কৰাৰ এক উপায় হিচাপে ফটোগ্রাফী জাখুমাই বৰ ভাল পায়।

The Forest Guardian of Dampa Tiger Reserve

সেইবাবে তেখেতে পহৰা দিয়াৰ সময়ত নিজৰ ব্যক্তিগত কেমেৰাটোৰে ফটো আৰু ভিডিও তোলে।

পিছত তেখেতে এই ফটো আৰু কাহিনীসমূহ মিজোৰামবাসীৰ লগতে বহুত দূৰৰ মানুহকো দেখুৱায়। 

উত্তৰ-পূৱ ভাৰতৰ অৰণ্যৰ সম্পৰ্কে খুব কমেইহে জনা যায় বাবে তেখেতে এনে তথ্যবোৰ প্রচাৰ কৰে।

জাখুমাই কিছুমান বিৰল পশু-পক্ষীৰ ফটো তুলিবলৈ সক্ষম হৈছে- যেনে শেতাৰঙৰ দেও-ডঁৰিক, ময়ুৰ আৰু ধূসৰ গধা ফুটুকি।

তেখেতে এতিয়া গম পায় যে গধা ফুটুকি গছ বগোৱাত পাকৈত আৰু সিঁহতৰ দীঘল-দীঘল দাঁত আছে।

এক মিনিট! 

সেইটো কি আছিল?

জাখুমাই ভিডিও এটাত ৰ লাগি চালে- তিনিজন মানুহে অন্ধকাৰৰ ফালে মনে মনে আঁতৰি গৈছে।

তেখেতে ভিডিওটো আকৌ এবাৰ চলাই চালে।

জাখুমাই কেমেৰাৰ ফান্দটো জেগাত থলে আৰু মানুহকেইজনে এৰি থৈ যাব পৰা শুংসূত্র বিচাৰিবলৈ ল’লে।

সিঁহতে সংৰক্ষিত অঞ্চলটোৰ সীমান্তবৰ্তী এলেকাৰপৰা আহিছিল নেকি তেখেতে চিন্তা কৰিলে। মিজো, ৰিয়াং আৰু চাকমা মানুহবোৰ দাম্পাৰ চাৰিওপাশে বসবাস কৰে। অনুমতি নাই যদিও তেওঁলোকে কেতিয়াবা খৰি নিবলৈ, মাছ মাৰিবলৈ বা জন্তু মাৰিবলৈ সংৰক্ষিত অঞ্চলটোলৈ সোমাই আহে।মিজো, ৰিয়াণ আৰু চাকমা হ’ল উত্তৰপুৱ ভাৰতৰ জনজাতি।

    জাখুমা আৰু তেখেতৰ দলটো অৰণ্যৰ প্রতি অহা আন এটা ভাবুকিৰ বাবে চিন্তিত হৈ আছে। মানুহবোৰে এতিয়া বহুত বেছি তাল গছ ৰুইছে, কিয়নো তাল ফলৰ পৰা ওলোৱা তেল বিক্রি কৰি সহজে ধন লভিব পাৰি। এনে গছ ৰোপনৰ বাবে ঠাই উলিয়াওতে সমগ্র অৰণ্যৰ সংকোচন হ’ব ধৰিছে। বন বিভাগে অৰণ্য আৰু ইয়াৰ বন্যপ্রাণীৰ সংৰক্ষণৰ গুৰুত্ব আৰু ইয়াৰ বিপৰীত কাৰ্য কৰাসকলৰ বাবে থকা শস্তিবোৰৰ বিষয়ে সজাগতা অনাৰ চেষ্টা কৰিছে।

কিন্তু জাখুমাই জানে যে এইবোৰ সলনি হবলৈ সময় লাগিব।

জাখুমাই নদীৰ কাষেৰে বেগাই আগুৱাই গ’ল। 

চোৰাংচিকাৰীয়ে সজা এটা ফান্দ।

এটা সুগৰি পহু বন্দী হৈ আছে। জাখুমাৰ পহুটোৰ বাবে বৰ বেয়া লাগিল।

তেখেতে এনে দৃশ্যৰ মুখামুখি আগতেও হৈছে যদিও জীৱ-জন্তুৱে কষ্ট পোৱা দেখিলে তেখেতৰ এতিয়াও দুখ লাগে।

তেখেতে সতৰ্কতাৰে ভয় খাই থকা পহুটোৰ কাষ চাপিলে। পলাবলৈ চেষ্টা কৰি কৰি পহুটো ভাগৰুৱা হৈ পৰিছে যদিও ভাগ্যক্রমে এতিয়াও জীৱিত হৈ আছে। জাখুমাই খৰকৈ নিজৰ কামত লাগিল। 

তেখেতে নিজৰ বিভাগক সহায়ৰ বাবে খবৰ দিলে আৰু তেতিয়ালৈকে পহুটোক শান্ত কৰাৰ চেষ্টা কৰিলে।

সহায়কৰ দলটো আহি পালে আৰু বনৰক্ষীসকলে ফান্দটো পহুটোৱে কষ্ট নোপোৱাকৈ সাৱধানতাৰে কাটি পেলালে। অৱশেষত মুক্ত হৈ পহুটোৱে জাঁপ মাৰি অৰণ্যলৈ পলাই গ’ল।

সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে – পহুটো ঠিক হৈ যাব!  কাম এতিয়াও বাকী আছে।

চোৰাং চিকাৰীকেইজনে ফান্দটো চাবলৈ নিশ্চয় উভতি আহিব। সেইবাবে কেইজনমান বনৰক্ষীয়ে লুকাই পৰি লৈ সিঁহতৰ কাৰণে ৰৈ থাকিল। যেতিয়া গধূলি হ’বলৈ ধৰিলে আৰু পোহৰ কমিবলৈ ল’লে, বতাহত সৰু ফুচফুচীয়া মাতবোৰ ভাঁহি আহিল।

জাখুমাই কেমেৰাৰ ভিডিওত দেখা ব্যক্তি তিনিজনক চিনি পালে। 

চোৰাংচিকাৰীকেইজনে চিকাৰ ভৰাই নিবলৈ বুলি কাপোৰৰ মোনা লৈ হাতত সাৰে ভৰিত সাৰে কাষ চাপি আহিল।

কিন্তু সিঁহতে পলাব পৰাৰ আগতেই জাখুমা আৰু তেখেতৰ দলে সিঁহতক চাৰিওফালৰপৰা বেৰি ধৰিলে। 

চোৰাং চিকাৰীকেইজনক আটক কৰি শিবিৰলৈ লৈ যোৱা হ’ল। অভিযানটো সোনকালেই শেষ হ’ল! 

শিবিৰত সিঁহতক কৰ্তৃপক্ষই সোধা-পোচা কৰিব।

জাখুমাই থিয় গৰা আৰু পাহাৰীয়া গছ-বন আৰু বাঁহৰ মাজে মাজে ৰাস্তা উলিয়াই উভতি আহি দাম্পা পোৱাৰ সময়ত তেতিয়া তালৈ অন্ধকাৰ নামি আহিছিল।

তেখেত এবাৰ ৰৈ বাঁহগছৰ কেৰকেৰণি শুনিলে। এনেকুৱা লাগে যেন সিঁহতে তেখেতৰ লগত কথাহে পাতি আছে।

প্রকৃতিৰ এনে গুপুত কথা আৰু এই চমকলগা সুন্দৰ বস্তুবোৰে জাখুমাক সদায় অৰণ্যখনক সুৰক্ষিত কৰি ৰাখিবলৈ অনুপ্রাণিত কৰে।

সীমান্তত যুদ্ধ, হিংস্র হৈ উঠা চোৰাং চিকাৰী আৰু তেখেতে পোৱা পোৱা সামান্য দৰমহাৰে এই সংগ্রাম , এইবোৰৰ মাজত এইয়া সহজ নহয়।

কিন্তু তেখেতৰ বাবে এই সকলোবোৰ এটা দিনৰ কামৰ ভিতৰতে পৰে।

জাখুমা অৰণ্যখনৰ আৰু অৰণ্যখন জাখুমাৰ।

জাখুমা

জাখুমাই এগৰাকী বনৰক্ষী আৰু বন্যপ্রাণীৰ ফটোগ্রাফাৰ হিচাপে মিজোৰাম বন বিভাগৰ লগত মিজোৰামৰ দাম্পা বাঘ সংৰক্ষণ এলেকাত কাম কৰে। অতি দুৰ্গম অঞ্চলত অৱস্থিত ভাৰতৰ খুব ভিতৰুৱা বাঘ সংৰক্ষিত এলেকাৰ ভিতৰত এইখন এখন।

জাখুমা এগৰাকী স্ব-শিক্ষিত ফটোগ্রাফাৰ। তেখেতে দাম্পাৰ জৈৱবৈচিত্র্যৰ, যেনে পশু-পক্ষী, গছ-গছনি, পোক-পতংগ, উভচৰ প্রাণী, সৰীসৃপ, শেলুৱৈ আৰু ভেঁকুৰৰ মূল্যবান ফটোগ্রাফৰ ভঁৰালৰ সৃষ্টি কৰিছে।

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story