Manikantan’s Lesson: A Thought-Provoking Story About Technology, Control, and Freedom
মণিকান্তনৰ শিক্ষা
মণিয়ে তাৰ স্কুলবেগটো কফি মেজত থৈয়ে কেঁকাবলৈ আৰম্ভ কৰিলে। তাৰ বাহু দুটা বিষাইছে, পিছে তাৰ মূৰটো তাতকৈও বেছি বিষাইছে। আজিৰ দিনটো বৰ দীঘলীয়া আছিল। তাৰ ডিঙিত থকা তাবিজটো আকৌ এবাৰ উজ্বলি উঠিল।
Thank you for reading this post, don't forget to subscribe!কফি মেজখনে ক’লে, “মণিকান্তন, স্কুলবেগটো তাৰ নিজৰ ঠাইত থোৱা।”
“হয় মণিকান্তন,” স্কুলবেগটোৱে হয়ভৰ দি ক’লে। “এয়া মোৰ ঠাই নহয়। মোক তোমাৰ কোঠালৈ নি মোৰ উপযুক্ত ঠাইত থোৱাৰ বাবে মই তোমাক পৰামৰ্শ দিছোঁ।”
তৰ্ক নকৰাটোৱে ভাল বুলি মণিয়ে ভালদৰে জানে। সি স্কুলবেগটো ল’লে আৰু তাৰ কোঠালৈ কষ্টেৰে খোজ ল’লে। সি স্কুলবেগটো ওখ মেজখনত থ’লে, জোতাযোৰ দলিয়াই দি বিছনাত শুই দিলে। সি কেঁকাই উঠিল।
“তোমাৰ গা ভাল নহয় নেকি মণিকান্তন?” কোঠাটোৱে সুধিলে।
“মই ঠিকেই আছোঁ, মোক অলপ অকলশৰে থাকিবলৈ দিয়া।” মণিয়ে তাৰ তাবিজটো ডিঙিৰ পিছফালে ঘূৰাই দিলে। সি সেইটো আৱৰ্জনাৰ দ’মত পেলাই দিব বিচাৰে। পিছে ঘৰত থকা আন বস্তুবোৰে তেতিয়াও তাক মনে মনে নিৰীক্ষণ কৰিয়ে থাকিব, কিন্তু অন্ততঃ তেতিয়া তাৰ লগত কথা পাতিব নোৱাৰিব।
“তুমি দুবাৰকৈ কেঁকাইছা।” কোঠাটোৰ শব্দটো একেবাৰে আবৃিও কৰা যেন লাগিল। “তোমাৰ মূৰ বিষাইছে নেকি মণিকান্তন?”
“মোক অকলে থাকিবলৈ দিয়াচোন” তাৰপিছত অলপ সময় ৰৈ মণিয়ে আকৌ ক’লে, “অঁ হয়।”
“ইচ্ ইচ্। এইটো শুনি বৰ দুখ পালোঁ মণিকান্তন।” কোঠাটোৱে সহানুভূতিৰ ভাৱেৰে কোৱা যেন লাগিল। “মই তোমাৰ মাক কথাটো কওঁ ৰ’বা। তোমাৰ চাগে ভোক লাগিছে। আৰু সেইবাবেই চাগে তোমাৰ মূৰ বিষাইছে। এতিয়া একাপ চাহ আৰু গৰম গৰম পকৰা খালে নিশ্চয় ভাল লাগিব?”
চাহ আৰু পকৰাই ভাল লাগিব, যদিও মণিয়ে বিচাৰিছিল যে কোঠাটোৱে যাতে তাৰ মাকক তাৰ মূৰৰ বিষ হৈছে বুলি নকয়। নহ’লে তেওঁ আকৌ চিন্তিত হ’ব। “ঠিক আছে।”
“বঢ়িয়া! মই পাকঘৰক কৈ দিলোঁ। আৰু মণিকান্তন, তোমাৰ জোতাযোৰ জোতা ৰখা আলনাডালত নোথোৱা কিয়?”
“হয়”, জোতা ৰখা আলনাডালে ক’লে, “মোৰ ইয়াত বহুখিনি ঠাই আছে । মই ৰৈ আছোঁ।”
মণিয়ে জানিছিল সি উঠিব লাগে, কিন্তু সি উঠিব পৰা নাছিল। সি চাগে অলপ শোৱা উচিত। সি বৰ ভাগৰুৱা হৈ আছিল।
“মই ৰৈ আছোঁ”, জোতা ৰখা আলনাডালে ক’লে।
মণিয়ে দুচকু বন্ধ কৰিলে আৰু আনন্দপুৰমৰ কথা মনতে ভাবিলে। তাৰ মাকে এইখন গাঁও বুলি কয়, কিন্তু মণিৰ বাবে সেইখন এখন ঘৰ।
সি তাল গছবোৰ দুলি থকা সেই বহল গুলপীয়া-নীলা আকাশখনৰ কথা মনত পেলালে। ৰাতিপুৱাতেই এজাক কোমল বতাহে কয়লাৰ জুইৰ ওপৰত ৰন্ধা পৰঠাৰ মনোমোহা গোন্ধ কঢ়িয়াই আনিছিল। শীতকালীন মাহকেইটা বৰ ভাল। শীতল বতাহজাক একেবাৰে উন্নত চহৰৰ অট্টালিকাত লগোৱা শীততাপ নিয়ন্ত্ৰকৰ পৰা ওলোৱা ঠাণ্ডা বতাহৰ দৰেই লাগিছিল।
নহয়, নহয়, বাৰিষাৰ দিনবোৰেই আটাইতকৈ ভাল আছিল। যেতিয়া গধুৰ বৰষুণৰ টোপালবোৰ ঢিপঢিপকৈ পেৰিয়াৰ নদীত পৰিছিল কি যে মজা লাগিছিল।
অহ, নদীৰ পাৰত বহি সি কিমান ফূর্তি কৰিলেহেঁতেন। একেবাৰে শান্ত, খুব শান্তিময়। যদি সেই পাৰ কৰি অহা দিনবোৰলৈ ঘূৰি যোৱাৰ কিবা উপায় থাকিলেহেঁতেন।
“ৰৈ আছোঁ”, জোতা ৰখা আলনাডালে ক’লে।
মণিয়ে এটা হুমুনিয়াহ কাঢ়ি বহি ল’লে। তাক উপকাৰী উপদেশবোৰ দিলে সি বেয়া নাপায়, কিন্তু এইটো অলপ বেছি হৈছে। নিজকে একেবাৰে জে’লৰ কয়দীৰ নিচিনাহে লাগিছে আৰু এই কথা কোনেও আনকি মাকেও নুবুজে। মণিয়ে জোতাযোৰ জোতাৰ আলনাডালত থৈ দিলে আৰু পাকঘৰৰ ফালে গ’ল।
সি নিজেই পকৰাকেইটা গৰম কৰিবলগীয়া হ’ল, কিন্তু ফুডজেনিয়ে অলপ চাহ লৈ আনিলে। চাহকাপৰ সোৱাদ একেবাৰে মেচিনত বনোৱা চাহৰ সোৱাদৰ দৰেই আছিল।
“চাহকাপ তোমাৰ ভাল লাগিছে নে মণিকান্তন?” ফুডজেনিয়ে সুধিলে।
“গৰুৰ প্ৰস্ৰাৱৰ দৰে লাগিছে।”
“ধন্যবাদ।”
মণিৰ তাবিজটো বাজি উঠিল। এয়া তাৰ মাক। তেওঁ জানিব বিচাৰিছে সি অলপ ভাল পাইছে নে নাই।
“তোমাৰ মূৰৰ বিষ কেনেকুৱা, কান্না?” তেওঁৰ মৰম লগা মাতষাৰে তাক বিষণ্ণ কৰি তুলিলে।
“মূৰৰ বিষ অলপ ভাল পাইছোঁ মা, কাম কেনেকুৱা চলিছে?”
“খুব ভাল! এইটো মোৰ আনন্দপুৰমৰ পুৰণি কামটোৰ দৰে একেবাৰেই নহয়। আজি তোমাৰ দিনটো ঠিকই গ’লনে, কান্না?”
“খুব ভাল।”
তাৰ মাকে বহুত কষ্ট কৰিছিল, কেইবাঘণ্টা জুৰি কাম কৰিছিল, তাৰ বাবে বহুত চিন্তা কৰিছিল, বহুত যত্ন লৈছিল তাৰ। তেৱেই তাৰ মাক, তেৱেই তাৰ দেউতাক আৰু পৃথিৱীত থকা তাৰ পৰিয়াল তেৱেই। তাৰ কেৱল সচাঁটো ক’বলৈ সাহস নাছিল।
“মোৰ দিনটো বৰ ভাল গ’ল।”
সচাঁকৈ নে মণি? তোমাৰ স্কুলবেগটোৱে মোক ক’লে যে তুমি প্ৰিন্সিপালৰ ওচৰলৈ যাব লগা হৈছিল। কিহৰ বাবে?”
“একো নাই।”
“মণি?”
“একো নহয়! তুমি স্কুলবেগটোক সুধিব পাৰা। সেইটোৱে সকলোবোৰ জানেইচোন।”
“মণি, ঘটনা টো কি?” চোৱা, তুমি আয়নাৰ ওচৰলৈ কিয় নোযোৱা? মই তোমাক চাব বিচাৰোঁ। সমস্যা যিয়েই নহওঁক, আমি সমাধান উলিয়াব পাৰিম।”
“নাই, আমি এইটোৰ সমাধান উলিয়াব নোৱাৰোঁ!” মণিৰ চকুলো ওলোৱা যেন অনুভৱ হ’ল। সি চকুপানী বন্ধ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু পেৰিয়াৰত বৰষুণ পৰাৰ দৰে ই নিগৰিয়ে থাকিল।
সি জানিছিল যে ঘৰটোৱে তাৰ মাকক জনাব যে তেওঁৰ পুত্ৰই কান্দি আছে। সি কৰা সকলোবোৰ কাম ই লক্ষ্য কৰি থাকে আৰু জনাই দিয়ে। সি জানিছিল যে এই সকলোবোৰ তাৰ নিজৰ ভালৰ বাবেই আৰু সি এইটোৱো জানিছিল যে তাৰ মাকে তাক ভাল পায়, কিন্তু কেতিয়াবা সি আগৰ দৰে হোৱাটো বিচাৰিছিল।
সি তাবিজটোৰ ওচৰলৈকে তাৰ আঙুলিকেইটা লৈ গ’ল আৰু চেইনডাল ইমান জোৰে টানিলে যে ই চিগি গ’ল। মণিয়ে তাবিজটো আৱৰ্জনাৰ দমত দলিয়াই দিলে আৰু তাৰ চিঞৰটোক অৱজ্ঞা কৰি ঘৰটোৰপৰা দৌৰি ওলাই গ’ল।
মণিয়ে নাজানিছিল যে সি কিমানদূৰ দৌৰিলে অথবা সি ক’লৈ গ’ল নাইবা সি আচলতে কেনেকৈ হেৰাল।
তাৰ তত্ত্বাৱধান কৰা তাবিজটোৰ অবিহনে সি ক’লৈ গৈ আছে সি গম নাপালে। কিন্তু মহানগৰখনৰ ওস্তাদ বস্তুবোৰে অনুমান কৰিলে যে সি হেৰাই গৈছে আৰু উপযুক্ত কৰ্তৃপক্ষক খবৰ দিলে।
তাক ঘূৰাই লৈ অহা ভদ্ৰ আৰক্ষীগৰাকীক মাকে ধন্যবাদ জনোৱাৰ পিছত মণিয়ে তাবিজটো মাকৰ পৰা ঘূৰাই ল’লে। সি লজ্জিত হৈছিল কিন্তু ঘূৰি আহিবলৈ পাই সচাঁকৈ সুখী হৈছিল।
“কিছুমান ব্যৱস্থা মই সাল-সলনি কৰি দিছোঁ”- তাৰ মাকে ক’লে। “এতিয়া ঘৰটোৱে তোমাক অলপ অকলশৰীয়াকৈ থাকিবলৈ দিব। কিন্তু এয়া সঁচাকৈ তোমাৰ নিজৰ ভালৰ বাবেহে, মণি।”
“মই জানো,” সি অস্পষ্টকৈ ক’লে।
“ও, তোমাৰ সৰু দুঃসাহসিক অভিযানটো কেনেকুৱা আছিল বাৰু?”

মণি কঁপি উঠিল। গোটেই ৰাস্তাবোৰ মানুহেৰে ভৰি আছিল কিন্তু তেওঁলোক যেন কিবা বেলেগধৰণৰ আছিল। তেওঁলোক সকলোবোৰ…অচিনাকি।
তাবিজটো থাকিলে সকলোবোৰ মানুহ তাৰ বাবে তেনেই সাধাৰণ। সিহঁতৰ নাম, সিহঁতে ভালপোৱা সংগীত, সিহঁতৰ বন্ধুবোৰ, আৰু তেনেকুৱা বহুতো মজাৰ কথা গম পোৱা যায়।
তাবিজটোৰ অবিহনে আনকি সহজ বস্তুবোৰ, যেনে- ৰাস্তা পাৰ হোৱাটোও কঠিন হৈ পৰিছিল। কোনেও তাক কোৱা নাছিল, ‘এতিয়া তুমি ৰাস্তা পাৰ হ’ব পাৰা মণিকান্তন।’ আৰু কোনেও তাক চিনি নাপাইছিল।
যেতিয়া সি ‘মিচন মাউত’ নামৰ চিনেমাখনৰ পোষ্টাৰৰ ওচৰেৰে পাৰ হৈছিল, সেইখনৰ হিৰ’ বিক্ৰম হেভেনে কৈ উঠিছিল, “নমস্কাৰ! তুমি এক্সন মুভি চাই ভাল পোৱা নে?”
যদি তাৰ লগত সেই তাবিজটো থাকিলহেঁতেন তেন্তে বিক্ৰমে ক’লেহেঁতেনঃ “মণিকান্তন, তোমাক আকৌ লগ পাই ভাল লাগিল বন্ধু। আমি কথা পাতোঁ আহাঁ।”
তাবিজটোৰ অবিহনে প্ৰত্যেকটো বস্তু একোটা শিলৰ দৰে নিৰ্জীৱ হৈ পৰিছিল।
“মই তেনেকুৱা হ’ব বুলি ভাবিছিলোঁৱেই”- তাৰ মাকে সৰুকৈ হাঁহি ক’লে। “এতিয়া তুমি গম পালা নে মণি যে তাবিজটো অবিহনে তুমি ঘৰৰপৰা ওলোৱাটো উচিত নহয়। আমি বহুত চিন্তিত হৈ পৰিছিলোঁ।”
“মোক ক্ষমা কৰিবা, মই নিয়ম ভংগ কৰিলোঁ, মা।”
“এইটো অৱশ্যে সদায় বেয়া কথা নহয়, কান্না। কিন্তু এতিয়া তুমি ডাঙৰ ল’ৰা। তুমি বেছি জনা-বুজা হ’ব লাগিব। বাৰু, ইয়াত আমাৰ জীৱন বৰ সুখৰ হৈছে, নহয়নে?”
মণিয়ে আনন্দপুৰমৰ কথা ভাবিলে। আনন্দপুৰমত এই তাবিজটো ব্যৱহাৰৰ উপযোগী নাছিল। চাগে সেয়া তেনেকুৱা একো ভাল বস্তু নাছিলেই। সি মূৰটো দুপিয়ালে।
তাৰ মাকজনী বৰ মৰমীয়াল আছিল। তাৰ মাকে ৰাতিৰ আহাৰ নিজেই ৰান্ধিছিল- হয় প্ৰায় নিজৰ হাতেৰেই, ফুডজেনীয়ে কেতিয়াবাহে অলপ সহায় কৰি দিছিল।
তাৰ পিছত তাৰ মাকে সি গাখীৰ খাই থকা সময়খিনিত এটা সাধুও শুনালে। তাৰপিছত তেওঁ তাক বিছনালৈ লৈ গ’ল, তাৰ কপালত চুমা খালে আৰু তেওঁৰ তাবিজটো তাৰ তাবিজত লগাই দিলে। সি জানিছিল যে তাৰ মাকো বহুত ভাগৰুৱা হৈ আছে।
“শুভৰাত্ৰি মা।”
“শুভৰাত্ৰি কান্না।”
“শুভৰাত্ৰি মণিকান্তন, শুভৰাত্ৰি মা।” ঘৰটোৱে ফুচফুচাই ক’লে। “সুন্দৰকৈ শুই থাকা আৰু মই সৰু পোকবোৰক কামুৰিবলৈ আহিব নিদিওঁ।”





